ETV Bharat / health

স্বাস্থ্যৰ দিশত কেনে যাব আপোনাৰ আজিৰ দিনটো ? - HEALTH HOROSCOPE FOR 8TH MAY

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 9:51 AM IST

know your todays horoscope for health and wellness 8th May 2024
স্বাস্থ্যৰ দিশত কেনে যাব আপোনাৰ আজিৰ দিনটো ? (SOURCE: ETV BHARAT ASSAM DESK)

Health Horoscope For 8th May : স্বাস্থ্যৰ দিশত কেনে যাব আপোনাৰ আজিৰ দিনটো এই সম্পৰ্কে সংখ্যাতত্ববিদ (Numerologist) সিদ্ধাৰ্থ এছ কুমাৰৰ পৰা আপোনাৰ দৈনন্দিন স্বাস্থ্যৰ ৰাশিফল ​​জানি লওক-

মেষ ৰাশি

আজি মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ স্বাস্থ্য ভাল হোৱাৰ আশা কৰা হৈছে ৷ আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অলপো অসাৱধান হোৱা উচিত নহয় ৷ আজি দিনটোত কেৱল স্বাস্থ্যকৰ বস্তুহে গ্ৰহণ কৰাটো উচিত ৷

বৃষ ৰাশি

এই ৰাশিৰ জাতক-জাতিকাসকলে ভিটামিন চি সমৃদ্ধ খাদ্য খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰিব লাগে ৷ কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ উপকাৰিতা সাধন হ’ব পাৰে ৷ খোজকঢ়া বা দৌৰাৰ অভ্যাসে আপোনাৰ শৰীৰ সুস্থ কৰি ৰাখিব ৷ ইয়াৰ ফলত আপোনাৰ শাৰীৰিক ক্ষমতা বৃদ্ধি পাব ৷

মিথুন ৰাশি

আজি মিথুন ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ শাৰীৰিক স্বাস্থ্য বজাই ৰখাত সহায় লাভ কৰিব ৷ ইয়াৰ ফলত আপোনাৰ আৰু আপোনাৰ আপোনজনৰ মংগল বৃদ্ধি পাব ৷ আপোনাৰ মানসিক স্বাস্থ্য আৰু ফিটনেছ অতি উত্তম হ’ব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কৰ্কট ৰাশি

আজি আপোনাৰ ৰাশিৰ জাতক-জাতিকাসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল ৷ আজি আপুনি আপোনাৰ শাৰীৰিক ক্ষমতাক চিনি পাই আগুৱাই নিব লাগে আৰু আপুনি সদায় আপোনাৰ ফিটনেছ অভ্যাস অব্যাহত ৰাখিব পাৰিব ৷

সিংহ ৰাশি

আজি আপুনি দৈনন্দিন জীৱনত ফল-মূল, সেউজীয়া শাক-পাচলি আৰু গোটা শস্য অন্তৰ্ভূক্ত কৰিব লাগে ৷ ইয়াৰ ফলত আপোনাৰ শাৰীৰিক ক্ষমতা বৃদ্ধি পাব আৰু আপুনিও পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ উপাদান লাভ কৰিব ৷

কন্যা ৰাশি

আজি আপুনি আপোনাৰ শাৰীৰিক ক্ষমতাক চিনি পাই ইয়াক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা উচিত ৷ ইয়াক আপোনাৰ কেৰিয়াৰ আৰু স্বাস্থ্যৰ দিশত ব্যৱহাৰ কৰক ৷ আন কথাত বিভ্ৰান্তিৰ পৰা বিৰত থাকক ৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ স্বাস্থ্য আজি যথেষ্ট শক্তিশালী হ’ব পাৰে ৷ এই ৰাশিৰ জাতক-জাতিকাসকলে সুস্বাস্থ্য বজাই ৰাখিবলৈ নিজৰ খাদ্যভ্যাস আৰু জীৱনশৈলী বজাই ৰখাৰ প্ৰয়োজন ৷

বৃশ্চিক ৰাশি

আজি আপোনাৰ সুস্বাস্থ্য লাভৰ সুযোগ ভাল ৷ ইয়াক ভালদৰে বজাই ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে টোপনি লোৱাৰ লগতে প্ৰচুৰ পৰিমাণে পানীও খোৱা উচিত ৷

ধনু ৰাশি

আজি আপুনি স্বাস্থ্যৰ প্ৰতি সংকল্প ল’ব লাগে আৰু নিয়মিতভাৱে ৱৰ্কআউট আৰু ব্যায়াম আৰম্ভ কৰিব লাগে ৷ ইয়াৰ বাবে গোটেই দিনটো পৰ্যাপ্ত পৰিমাণে টোপনিৰ লগতে পৰ্যাপ্ত পৰিমাণৰ পানীও খাব লাগে ৷

মকৰ ৰাশি

আজি আপুনি আপোনাৰ বন্ধুসকলক এক সুস্থ ফিটনেছ ৰুটিনত যোগদান কৰিবলৈ উৎসাহিত কৰা উচিত ৷ এনে পৰিস্থিতিত নিজে জাংক আৰু প্ৰচেছড খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু লগতে বন্ধু-বান্ধৱী আৰু পৰিয়ালক ইয়াৰ পৰা ৰক্ষা কৰক ৷

কুম্ভ ৰাশি

আজি আপোনাৰ ষ্টেমিনা আশা কৰাতকৈ বেছি হ’ব ৷ আপোনাৰ শৰীৰৰ কথা শুনিলে আপুনি ডাঙৰ ডাঙৰ কাম কৰিব ৷ ইয়াৰ বাবে নিয়মিত ব্যায়াম কৰাৰ লগতে শাৰীৰিকভাৱে সক্ৰিয় হওক ৷

মীন ৰাশি

আজি আপুনি আপোনাৰ ফিটনেছৰ ওপৰত গুৰুত্ব দিব লাগিব ৷ ইয়াৰ বাবে আপুনি ফিটনেছৰ দিশত নতুন লক্ষ্য সৃষ্টি কৰিব লাগে আৰু সেইবোৰ লাভ কৰাৰ দিশত কাম কৰিব লাগে ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.