ETV Bharat / politics

নাগৰিকত্ব সংশোধনী আইন অসমৰ ক্ষেত্রত সম্পূৰ্ণ অৰ্থহীন : মুখ্যমন্ত্রী

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 4:29 PM IST

Assam CM on CAA
অসমৰ ক্ষেত্ৰত 'কা' অপ্ৰাসংগিক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

Assam CM on CAA : 'কা' সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত ভাৰতীয় নাগৰিকত্বৰ বাবে আটাইতকৈ কম আবেদন দেখিব। ৪৫ দিন পাচত ৫ জন শ্বহীদৰ উত্তৰ দিব লাগিব বহুত মানুহে। নিৰ্বাচনৰ আগদিনা হিচাপ কৰিলেই ওলাই পৰিব অসমত কিমানে আবেদন কৰিছে। সংখ্যাৰে বিভ্ৰান্তি কৰা সকলে দিব লাগিব উত্তৰ- মুখ্যমন্ত্ৰীৰ মন্তব্য ৷

'কা' সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, 14 মাৰ্চ : নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰোধিতাৰে ৰ‍াজ্য উত্তাল হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত 'কা'ৰ কোনো গুৰুত্ব নাই বুলি সদৰী কৰিলে ৷ বৃহস্পতিবাৰে দিছপুৰৰ লোক সেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত 'কা'ৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে অসমৰ ক্ষেত্ৰত 'কা' অপ্ৰাসংগিক বুলি সদৰী কৰে ৷ অসমত ভাৰতীয় নাগৰিকত্বৰ বাবে আটাইতকৈ কম আবেদন দেখিব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 2014 চনৰ পহিলা জানুৱাৰীৰ আগত অহা সকলে নাগৰিকত্বৰ বাবে প'ৰ্টেলত আবেদন কৰিব পাৰে ৷ কিন্তু অসমৰ ক্ষেত্ৰত কথাটো সুকীয়া ৷ ইতিমধ্যে প'ৰ্টেল মুকলি কৰা কেইবাদিনো হ'ল যদিও অসমৰ পৰা এখনো আবেদন পৰা নাই বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমি আবেগেৰে নহয় বিবেকেৰে কথা কম ৷ কোনোবা যদি 2014 চনৰ পূৰ্বে আহিছিল তেন্তে কিয় এন আৰ চিত আবেদন কৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে ৷

অসমত এন আৰ চি থকাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত 'কা'ত আবেদন কৰা মানুহ আটাইতকৈ কম হ'ব ৷ এতিয়া প'ৰ্টেল খোলা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সকলোৱে চাব পাৰিব কিমান মানুহে আবেদন কৰিছে ৷ এই আইনখন অসমৰ ক্ষেত্ৰত সম্পূৰ্ণ অৰ্থহীন ৷ নাগৰিকত্ব দিয়াটো কেন্দ্ৰীয় চৰকাৰৰ এক্তিয়াৰৰ বিষয় বুলি সংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় ৷ আইনত 2014 ৰ পূৰ্বে অহাৰ তথ্য দিব লাগিব বুলি কয় তেওঁ ৷ অসমত যদি এন আৰ চিতে আবেদন কৰা নাই তেন্তে 2014 ৰ আগত অহা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এতিয়া 45 দিন পাচত 5 জন শ্বহীদৰ উত্তৰ বহুত মানুহে দিব লাগিব ৷ নিৰ্বাচনৰ আগদিনা হিচাপ কৰিলেই হ'ল অসমত কিমানে আবেদন কৰিছে ৷ এতিয়া এইটো এখন খোলা কিতাপ হৈ গ'ল ৷ ইয়াত কোনেও আবেগিক কৰাৰ কথা নাই ৷ গুজৰাটত কালি 17 জনে নাগৰিকত্ব পালে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ক্ষেত্ৰত চালেই সকলো গম পাই যাব ৷ বিভিন্নজনে দি থকা সংখ্যা সমূহৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া ইয়াৰ উত্তৰ দিব লাগিব ৷ 20 লাখৰ সংখ্যা ক'ত পালে ৷ বাংলাদেশৰ 1 কোটি মানুহ ক'ত গ'ল বুলি কৰা প্ৰশ্নৰ উত্তৰ দিব লাগিব ৷ বাংলাদেশত হিন্দুৰ সংখ্যা কমি যোৱাৰ কথা কোৱা হ'ল যদিও মুছলমানৰ সংখ্যা বৃদ্ধিৰ কথাটো কোৱা নহয় ৷ বাংলাদেশত যে ধৰ্মান্তৰকৰণ বাবে হিন্দুৰ সংখ্যা কমি মুছলমানৰ সংখ্যা বৃদ্ধি হ’ল, কথাটো কোৱা নহ'ল ৷ আধৰুৱা তথ্যৰে মানুহক বিভ্ৰান্ত কৰা হৈছে আৰু ইয়াৰ উত্তৰ দিব লাগিব বুলি কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এন আৰ চিত নথকা এজনেও 'কা'ত আবেদন কৰিব নোৱাৰে ৷ অসমৰ ক্ষেত্ৰত চিষ্টেমটো লক হৈ আছে আৰু ইয়াত এজনো আহিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷ 'কা' আমি নামানো আৰু নুবুজো বুলি ক'লে হ'ব নেকি বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বুজিলেহে আন্দোলন কৰিব পাৰিব ৷ 'কা' আন্দোলনটো 855 ৰ লাইনত গৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ উত্তৰ দিব লাগিব ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমত মানুহ নাহে ৷ ইয়াৰ ইক'চিষ্টেমটো ইমান শক্তিশালী যে মানুহে গ্ৰহণ কৰিব নোৱাৰে ৷ অসমক ক'ৰিডৰ হিচাপেহে ব্যৱহাৰ কৰে ৷ বৰং অসমত নতুনকৈ বাংলাদেশী মুছলমানো সোমোৱা নাই বুলি কয় তেওঁ ৷

ইফালে আবেদন প্ৰক্ৰিয়া হোৱাৰ পাচত 'কা' আন্দোলনৰ শ্বহীদৰ প্ৰসংগত ওলোটাই উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে আছুৰ মুখ্য উপদেষ্টাক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 1 কোটি নাইবা 20 লাখৰ সংখ্যা নোলাব আৰু এইবাৰ 'নামানো-নুবুজো' বুলি কোৱাজনে প্ৰথম বাৰৰ বাবে উত্তৰ দিব লাগিব ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমৰ মানুহে এতিয়া বিকাশ বিচাৰে, আন্দোলন নিবিচাৰে ৷ সিদিনা সেই কথা শিৱসাগৰতে প্ৰমাণ হৈ গ'ল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিৱস‍াগৰত সিদিনা 'কা' আন্দোলনত 14-15 জন মানুহ থকাৰ বিপৰীতে 'বিকাশ যাত্ৰা'ৰ কাৰ্যসূচীত হাজাৰ-হাজাৰ মানুহ ওলাই আহিছে ৷ সেই কথাই অসমৰ মানুহে কি বিচাৰে প্ৰমাণ কৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

লগতে পঢ়ক : 'কা'ৰ জৰিয়তে অসমত কিমান বাংলাদেশীয়ে নাগৰিকত্ব পাব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.