‘ইমন’ৰ পোষ্টাৰ মুকলিৰ পৰা দৰ্শকলৈ কি অনুৰোধ জনালে নিৰ্মাতা-তাৰকাই ? - new assamese film emon
New Assamese film Emon: আহি আছে এখন নতুন অসমীয়া ছবি ‘ইমন’ । এগৰাকী সৰু ছোৱালীৰ জীৱনৰ কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা অসীম বৈশ্যৰ ৷

Published : June 4, 2024 at 8:56 AM IST
গুৱাহাটী, 4 জুন : বছৰ বছৰ ধৰি চিনেমাৰ নাম গোন্ধ নোহোৱা ছবি উদ্যোগটোত এতিয়া প্ৰতিটো সপ্তাহত মুক্তি পাইছে এখনকৈ চিনেমা ৷ ই নিশ্চয়কৈ গৌৰৱৰ কথা উদ্যোগটোৰ বাবে ৷ জলীউড এতিয়া সঁচাকৈয়ে উজ্জ্বলি উঠিছে ৷
শীঘ্ৰেই মুক্তিৰ বাটত নতুন অসমীয়া ছবি ‘ইমন’ । অহা ৫ জুলাইত অসমৰ প্ৰায় প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে । সোমবাৰে মহানগৰীৰ ৰাজগড়স্থিত ডি ফিল্ম ক্ৰিয়েশ্যন ষ্টুডিঅ’ত ছবিখনৰ প’ষ্টাৰ মুকলি অনুষ্ঠান অনুষ্ঠিত হয় । ইমন ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী পৰিচালনা কৰিছে অসীম বৈশ্যই ৷ চিত্ৰনাট্য-সংলাপ মৃদুল কুমাৰ বৰাৰ ৷ ছবিখন প্ৰযোজনা কৰিছে বিপুল চন্দ্ৰ দাস আৰু ইতি গগৈ দাসে । এইয়া তেওঁলোকৰ প্ৰথম প্ৰযোজনা ৷
এগৰাকী সৰু ছোৱালীৰ কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই ৰোমান্টিকধৰ্মী ছবিখন । গুৱাহাটীৰ মহানগৰীৰ ভিন্ন স্থানত ছবিখনৰ শ্বুটিং সম্পন্ন কৰা হয় । ছবিখনত অভিনয় কৰিছে মাধুৰীমা চৌধুৰী, দেৱজিৎ মজুমদাৰ, মহেন্দ্ৰ দাস, প্ৰতিভা চৌধুৰী, মুনমী ফুকন, সিদ্ধাৰ্থ শৰ্মা, দ্বীপজ্যোতি কেওঁট, চিমি ৰায়ান, বিকি, ৰাজীৱ গোস্বামী, অৰ্ণৱ আয়ান, সিদ্ধান্ত কলিতা, ইমৰান স্নিগ্ধা গগৈ, চাজু, সমীৰণ গোস্বামী আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ইমন ক্ৰিয়েশ্যনৰ বেনাৰত প্ৰথমবাৰৰ বাবে নির্মাণ কৰা ছবিখনৰ প’ষ্টাৰ মুকলি কৰে জনপ্ৰিয় শিল্পী মাধুৰীমা চৌধুৰী, দেৱজিৎ মজুমদাৰ, সাংবাদিক হেমন্ত শৰ্মা, সিদ্ধান্ত কলিতাৰ লগতে ছবিখনৰ অন্যান্য কলা-কুশলীসকলে ।
আহিবলগীয়া এই নতুন ছবিখনৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে প্ৰশান্ত বৰা ৷ সহকাৰী পৰিচালক হিচাপে কাম কৰিছে উৎপল বৰ্মন আৰু অংকুৰ ডেকাই ৷ ইমনৰ সংগীত পৰিচালকৰ দায়িত্বত আছে ইবচন লাল বৰুৱা ৷ ৰূপসজ্জা ভাস্কৰজ্যোতি দত্ত আৰু ভূমিকা তালুকদাৰৰ । ছবিখনৰ সম্পাদনা কৰিছে অসীম শর্মাই । গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন স্থানত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে চিন্ময় ৰাভাই ।
লগতে পঢ়ক : সাৱধান! আপোনাৰ ওচৰলৈ আহি আছে পিশাচ - PIKHAAS Trailer Out

