ETV Bharat / state

দেশৰ অন্য প্ৰান্ততকৈ অধিক হাৰত অত্যাৱশকীয় সামগ্ৰী ক্ৰয় আমি কৰিব লাগে; বিৰোধী দলপতি - price hike in Assam

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:20 PM IST

Opposition on price hike: "উপভোক্তা সুৰক্ষা আইন"ৰ সঠিক ব্যৱহাৰ নোহোৱাটোৱেই দামবৃদ্ধিৰ অন্যতম কাৰণ ৷ জীয়াই থকাৰ বাবে ন্যূনতম প্রয়োজনীয় সামগ্রীকেইবিধ ক্রয় কৰোতে দেশৰ আন অংশৰ তুলনাত অধিক ধন খৰছ কৰিবলগীয়া হোৱাক লৈ উদ্বিগ্নতা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । দেশৰ অন্য প্ৰান্ততকৈ অধিক হাৰত অত্যাৱশকীয় সামগ্ৰী ক্ৰয় কৰিব লাগে ৰাজ্যবাসীয়ে ৷

Opposition Leader Debabrata Saikia's reaction on price hike in Assam
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (Etv bharat)

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (Etv bharat)

গুৱাহাটী, 14 মে’ : “অসমকে ধৰি উত্তৰ-পূবৰ আঠখন ৰাজ্যত নিত্য ব্যৱহার্য খাদ্য- সামগ্ৰীৰ মূল্য দেশৰ ভিতৰতে সর্বাধিক । যাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে জীয়াই থকাৰ বাবে ন্যূনতম প্রয়োজনীয় সামগ্রীকেইবিধ ক্রয় কৰোতে দেশৰ আন অংশৰ তুলনাত অধিক ধন বহন কৰিবলগীয়া হয়”— দামবৃদ্ধিয়ে সাধাৰণ জনতাক জলা-কলা খুওৱাৰ সময়তে এইদৰে মংগলবাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

2009 চনত গৃহীত হোৱা "উপভোক্তা সুৰক্ষা আইন"খনৰ সঠিক ব্যৱহাৰ নোহোৱাটোৱেই দামবৃদ্ধিৰ অন্যতম কাৰণ বুলি দাবী কৰি দেৱব্ৰত শইকীয়াই কয়, “উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যকেইখনত নিত্য ব্যৱহার্য খাদ্য-সামগ্রীৰ দামবৃদ্ধি নিয়ন্ত্রণত নথকাৰ অন্যতম কাৰণটোৱে হ'ল উপভোক্তা সুৰক্ষা আইন-2019 সঠিকভাবে বলবৎ নোহোৱাটো । এই আইনখনৰ অধীনত যি ৰাজ্যিক উপভোক্তা সুৰক্ষা পৰিষদ গঠন কৰিব লাগে সেয়া অসম আৰু অৰুণাচল প্রদেশৰ বাহিৰে অইন ৰাজ্যকেইখনত আজি পর্যন্ত গঠন হোৱা নাই ।”

মন কৰিবলগীয়া যে, অসম, মেঘালয় আৰু অৰুণাচল প্রদেশত এই ৰাজ্যিক উপভোক্তা সুৰক্ষা পৰিষদ গঠন কৰা হৈছে যদিও অসম আৰু অৰুণাচলত সেই পৰিষদৰ কোনো বৈঠক হোৱা নাই বুলি ইতিমধ্যে লোকসভাৰ স্থায়ী সংসদীয় পৰিষদে লোকসভাত প্রতিবেদন প্রকাশ কৰাৰ লগতে উদ্বেগ প্রকাশো কৰিছে । গতিকে উপভোক্তা সুৰক্ষাৰ স্বাৰ্থত গঠিত কমিটীসমূহৰ এনে ভেকোভাওনাৰ বাবেই অসমত আজি পর্যন্ত দাম বৃদ্ধি নিয়ন্ত্রণ সম্ভৱ হোৱা নাই । লুণ্ঠনৰ স্বাৰ্থত বণিয়াই নিজৰ খেয়াল-খুচিমতেই নিত্য ব্যৱহার্য সামগ্রীৰ দাম নির্ধাৰণ কৰিবলৈ সক্ষম হৈ আহিছে ।

উল্লেখ্য যে, মানুহৰ নিত্য ব্যৱহাৰ্য, প্রয়োজনীয় খাদ্য সামগ্ৰীৰ ভিতৰত যি 22 বিধ সামগ্রী নির্ধাৰণ কৰা হৈছে, এইসমূহৰ দাম দেশৰ অঞ্চলভেদে বেলেগ বেলেগ ৷ কিন্তু তথ্যৰ পৰা দেখা গৈছে যে, উত্তৰ-পূর্বাঞ্চলত দেশৰ অইন ৰাজ্যবোৰৰ তুলনাত খাদ্য-সামগ্রীৰ মূল্য বেছি । চাউলৰ পৰা আলু-পিঁয়াজলৈকে প্রয়োজনীয় সামগ্রীসমূহৰ দাম নিয়ন্ত্রণত উত্তৰ-পূর্বাঞ্চলৰ চৰকাৰ কেইখন সম্পূৰ্ণ ব্যর্থ হৈছে ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত কয় "ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো দেশৰ অন্য প্ৰান্ততকৈ অধিক ধন খৰচ কৰিবলগীয়া হৈছে জনসাধাৰণে । যিটো অতিকৈ দুৰ্ভাগাজনক ।”

জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে অসমকে ধৰি উত্তৰ-পূর্বাঞ্চলত কিছু খাদ্য সামগ্ৰীৰ দাম সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছে:

চাউল: অসমত 40-43 টকা । ইয়াৰ বিপৰীতে অন্য ৰাজ্যবোৰত দাম 38-40 টকা ।

বুটৰ দাইল: বুটৰ দাইলৰ দাম দেশৰ ভিতৰতে উত্তৰ-পূর্বাঞ্চলত মূল্য সর্বাধিক । উত্তৰ-পূব মণ্ডলত বুটৰ দাইলৰ দাম 90 টকা আৰু দেশৰ অন্যান্য প্ৰান্তত দাম 71.01 টকাৰ পৰা 78 টকা ।

মুগ আৰু মচুৰ দাইল: মুগৰ দাইলৰ দাম ৰাজ্যত 130 টকা আৰু দেশৰ অন্যান্য প্ৰান্তত দাম 102.05-105 টকা । ঠিক তেনেকৈ মচুৰ দাইলৰ দাম 103.10 টকা আৰু অন্যান্য প্ৰান্তত দাম 92-96 টকা ।

মিঠাতেল: ৰাজ্যবাসীয়ে মিঠাতেলৰ মূল্য বহন কৰিবলগীয়া হয 145-188 টকা ৷ কিন্তু দেশৰ অন্যান্য অঞ্চলত সেই মিঠাতেলৰ প্রতি লিটাৰত মূল্য হয়গৈ 131-180 টকা ।

কণী: প্ৰতি প্লেটত 150-200 টকা ৷

যি সময়ত অসম তথা উত্তৰ-পূৱবাসীয়ে প্রতি কেজি পিঁয়াজ 45 টকাত ক্রয় কৰে তেনেসময়ত দেশৰ আন ৰাজ্যত পিঁয়াজৰ দাম 27-30 টকাৰ ভিতৰত বিক্ৰী হয় । লগতে শইকীয়াই আশ্চৰ্য প্ৰকাশ কৰি কয়, "সকলোতকৈ আচৰিত কথাটো হ'ল- চাহ উৎপাদনত অগ্রণী ৰাজ্য অসমৰ জনতাই দেশৰ বহুকেইখন ৰাজ্যতকৈ অধিক দৰত চাহ ক্রয় কৰিব লগা হয় । বিশেষকৈ তামিলনাডু, কেৰালা, দিল্লী, মধ্যপ্রদেশ, গুজৰাট, হাৰিয়ানা, উত্তৰ প্রদেশ আদি ৰাজ্যতকৈ অধিক দৰত অসমে ক্রয় কৰিব লগা হয় ।"

ইয়াৰোপৰি, বিৰোধীৰ দলপতি কয়, "2014 ত মোদী চৰকাৰ অহাৰ পিছত আৰু অসমতো বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছত পেট্ৰ’ল-ডিজেলৰ দাম অসম্ভৱ হাৰত বৃদ্ধি পাইছে ৷ দৈনিক হাৰত খবৰ ওলাই থকা ছিণ্ডিকেটৰাজৰ বাবেও মূল্য বৃদ্ধি নিয়ন্ত্ৰণ হোৱা নাই । ছিণ্ডিকেট আৰু ক’লা বজাৰৰ বাবে খাদ্যৰ যোগান আৰু সৰবৰাহত সমস্যা আহিছে আৰু কৃত্ৰিম দামবৃদ্ধিৰ ভিতৰত প্ৰায় প্ৰতিটো সামগ্ৰীয়েই অন্তৰ্ভুক্ত হৈছে ।

দামবৃদ্ধিয়ে কম আয়ৰ পৰিয়ালসমূহক অস্বাভাৱিকভাৱে প্ৰভাৱিত কৰে, কিয়নো তেওঁলোকে নিজৰ আয়ৰ বৃহৎ অংশ খাদ্যৰ বাবে ব্যয় কৰে । আমাৰ এই মধ্যবিত্ত পৰিয়ালসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ কমোৱাৰ বাবে চৰকাৰে সামাজিক সুৰক্ষা ব্যৱস্থাৰ কথা বিবেচনা কৰাটো প্ৰয়োজনীয় আৰু শীঘ্ৰেই দামবৃদ্ধি ৰোধ কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক ।”

লগতে পঢ়ক: অ’ চৰকাৰ আৰু কিমান জলা-কলা খুৱাব... আপৰ মৌন প্ৰতিবাদ - Medicine price hike

ৰোগীক দৰৱৰ বিধান দিবলৈ গৈ থমকিছে চিকিৎসকৰ কলম - Drug price hike

ইস্তাহাৰতে সীমাৱদ্ধ প্ৰতিশ্ৰুতি, ৰোধ হোৱা নাই মূল্যবৃদ্ধি - Price hike in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.