ETV Bharat / state

অ’ চৰকাৰ আৰু কিমান জলা-কলা খুৱাব... আপৰ মৌন প্ৰতিবাদ - Medicine price hike

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 7:01 PM IST

Updated : May 9, 2024, 8:35 PM IST

AAP protests : ঔষধৰ দাম বৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ জনসাধাৰণক ৷ ৰাজ্যৰ ভিন্ন দল-সংগঠনৰ লগতে মহানগৰীত আপে মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

Etv BharatAAP protests
ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধৰ দাবীত আপ অসমৰ প্ৰতিবাদ (Etv Bharat assam)

গুৱাহাটী , ৯ মে‘: ৰাজ্যত মূল্যবৃদ্ধিৰ অঘোষিত প্ৰতিযোগিতা । অত্যাৱশ্যকীয় সা-সামগ্ৰীকে ধৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ জনতাক । ইপিনে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে কৰৰ বোজা ৷ সকলো যেন নিয়ন্ত্ৰণাহীন । অনান্য সামগ্ৰীৰ সমান্তৰালকৈ প্ৰতিদিনেই বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ মূল্য ৷ চৰকাৰী চিকিৎসালয়সমূহত প্ৰয়োজনীত সকলো ঔষধৰ অভাৱৰ ফলত ৰাইজে নিয়মীয়াকৈ সেৱন কৰা প্ৰায়বোৰ ঔষধ বাহিৰৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে । অন্ন-বস্ত্ৰ-বাসস্থান মৌলিক অধিকাৰৰ পাচতে এতিয়া জীয়াই থাকিবলৈ প্ৰয়োজনীয় ঔষধৰ মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰি পেলাইছে ।

1 এপ্ৰিলৰ পৰা প্ৰায় 800 বিধ সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে সৰ্বত্ৰে ৰাইজে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ বৃহস্পতিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ সমীপত আপ অসমে ঔষধৰ মূল্য বৃদ্ধি হ্ৰাস কৰক, জীৱন দায়িনী ঔষধ জনসাধাৰণক বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰক আদি শ্লোগান সন্নিৱিষ্ট হাতে হাতে প্লে’ কাৰ্ড লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে ।

আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই প্ৰতিবাদ সাব্যস্ত কৰি কয় যে , কেইটামান মাহৰ ভিতৰত মেডিচিন কোম্পানীৰ পৰা কোটি কোটি টকা ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে লৈ চৰ্চা লাভ কৰা বিজেপিয়ে ঔষধৰ দাম হুৰাহুৰে বৃদ্ধি কৰাত অৰিহণা যোগাইছে । যাৰবাবে সাধাৰণ মানুহৰ জীৱন বিপদাপন্ন হৈছে । শিক্ষা আৰু স্বাস্থ্যসেৱা বিনামূলীয়া নকৰিলে মানুহ জীয়াই থাকিব নোৱাৰিব ।

"আজি এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক দাবী জনাইছো, যে ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰি সাধাৰণ মানুহক জীয়াই থাকিবলৈ দিয়ক । সাধাৰণ মানুহক ঔষধৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে চৰকাৰে এই কথা উপলব্ধি কৰক।" আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এইদৰে মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ঔষধৰ দাম বৃদ্ধিক লৈ ক্ষোভ সৰুপথাৰত ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ - Medicine Price Hike

Last Updated : May 9, 2024, 8:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.