ঔষধৰ দাম বৃদ্ধিক লৈ ক্ষোভ সৰুপথাৰত ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ - Medicine Price Hike

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 7:40 AM IST

thumbnail

সৰুপথাৰ, 7 এপ্ৰিল : সামগ্ৰীৰ মূল্যবৃদ্ধি হ'লেই চিন্তিত হয় সৰ্বসাধাৰণ জনতা । দৰিদ্ৰ পৰিয়ালে দিন মজুৰি কৰি যাপন কৰে জীৱন । তেনেস্থলতে যদি দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ দাম বৃদ্ধি হয় তেন্তে কোঙা হৈ পৰে সৰ্বধাৰণ ৰাইজ । ইয়াৰ মাজতে যদি ঔষধৰ দাম বৃদ্ধি হয় তেন্তে মূৰত যেন সৰগ ভাগি পৰে সৰ্বসাধাৰণ জনতাৰ ।

সকলোৰে জ্ঞাত যে, 1 এপ্ৰিলৰ পৰা মূল্যবৃদ্ধি হৈছে জীৱনদায়িনী ঔষধৰ ৷ প্ৰায় 800 বিধ সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে সৰ্বত্ৰে চিন্তিত হৈ পৰিছে ৰাইজ, ক্ষোভ উজাৰিছে চৰকাৰৰ বিৰুদ্ধে । ঔষধৰ মূল্যবৃদ্ধি সন্দৰ্ভত ছাত্ৰ সন্থায়ো ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ।

শনিবাৰে গোলাঘাট জিলাৰ সৰুপথাৰত ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ঔষধৰ দাম বৃদ্ধি হোৱাৰ লগে লগেই অত্যাৱশকীয় সামগ্ৰী, ৰন্ধন গেছৰ মূল্য, পৰিবহণ বিভাগৰ কৰ সংগ্ৰহক লৈয়ো মন্তব্য কৰে । উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ সময় সমাগত । ৰঙালী বিহুৰ মাজতেই লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । কিন্তু তাৰ পূৰ্বেই ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি পোৱাক লৈ ক্ষোভ উজাৰিছে ধনশিৰি ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে ।

লগতে পঢ়ক: প্ৰতিবছৰে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰাটো নিয়মত পৰিণত হৈছে: সৰ্বসাধাৰণ জনতা - Essential Medicines Price Increase

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.