ঔষধৰ দাম বৃদ্ধিক লৈ ক্ষোভ সৰুপথাৰত ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ - Medicine Price Hike - ঔষধৰ মূল্য বৃদ্ধি

🎬 Watch Now: Feature Video

thumbnail
ঔষধৰ দাম বৃদ্ধিক লৈ ক্ষোভ উজাৰিছে ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে (undefined)

By ETV Bharat Assamese Team

Published : April 7, 2024 at 7:40 AM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ, 7 এপ্ৰিল : সামগ্ৰীৰ মূল্যবৃদ্ধি হ'লেই চিন্তিত হয় সৰ্বসাধাৰণ জনতা । দৰিদ্ৰ পৰিয়ালে দিন মজুৰি কৰি যাপন কৰে জীৱন । তেনেস্থলতে যদি দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ দাম বৃদ্ধি হয় তেন্তে কোঙা হৈ পৰে সৰ্বধাৰণ ৰাইজ । ইয়াৰ মাজতে যদি ঔষধৰ দাম বৃদ্ধি হয় তেন্তে মূৰত যেন সৰগ ভাগি পৰে সৰ্বসাধাৰণ জনতাৰ ।

সকলোৰে জ্ঞাত যে, 1 এপ্ৰিলৰ পৰা মূল্যবৃদ্ধি হৈছে জীৱনদায়িনী ঔষধৰ ৷ প্ৰায় 800 বিধ সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে সৰ্বত্ৰে চিন্তিত হৈ পৰিছে ৰাইজ, ক্ষোভ উজাৰিছে চৰকাৰৰ বিৰুদ্ধে । ঔষধৰ মূল্যবৃদ্ধি সন্দৰ্ভত ছাত্ৰ সন্থায়ো ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ।

শনিবাৰে গোলাঘাট জিলাৰ সৰুপথাৰত ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ঔষধৰ দাম বৃদ্ধি হোৱাৰ লগে লগেই অত্যাৱশকীয় সামগ্ৰী, ৰন্ধন গেছৰ মূল্য, পৰিবহণ বিভাগৰ কৰ সংগ্ৰহক লৈয়ো মন্তব্য কৰে । উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ সময় সমাগত । ৰঙালী বিহুৰ মাজতেই লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । কিন্তু তাৰ পূৰ্বেই ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি পোৱাক লৈ ক্ষোভ উজাৰিছে ধনশিৰি ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে ।

লগতে পঢ়ক: প্ৰতিবছৰে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰাটো নিয়মত পৰিণত হৈছে: সৰ্বসাধাৰণ জনতা - Essential Medicines Price Increase

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details