ETV Bharat / state

প্ৰতিবছৰে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰাটো নিয়মত পৰিণত হৈছে: সৰ্বসাধাৰণ জনতা - Essential Medicines Price Increase

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 7:12 PM IST

Essential Medicines Price Increase: প্ৰতিবছৰে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰাটো নিয়মত পৰিণত হৈছে ৷ নিৰ্বাচনী বণ্ডৰ চান্দাৰ বাবে ঔষধ কোম্পানীসমূহক চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলি অভিযোগ সাধাৰণ নাগৰিকৰ ৷

Essential Medicines Price Increase
জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া

জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১ এপ্ৰিল: আজিৰে পৰা পুনৰ দাম বাঢ়িল জীৱনদায়িনী ঔষধৰ । মুঠতে ঔষধ কিনাটো এতিয়া সাধাৰণ মানুহৰ বাবে আৰু কঠিন হৈ পৰিব । দুখীয়া, মধ্যবিত্ত তথা সৰ্বসাধাৰণ মানুহে শ্রম কৰি নিজৰ খোৱাখিনি কোনোমতে যোগাৰ কৰিব পাৰিলেও ঔষধ কিনাটো হয়তো আৰু সম্ভৱ হৈ নুঠিব । এফালে বিনামূলীয়া চাউল আনফালে ঔষধৰ মূল্য বৃদ্ধি । কেইদিনমানৰ আগলৈকে ৫০০ টকাত পোৱা চাৰিটা ছ’ডিয়াম টেবলেটৰ দাম বাঢ়ি ইতিমধ্যেই ৭৬৪.৯৫ টকা হ'ল ।

ইফালে ৫৫ টকাত পোৱা প্ৰেচাৰৰ টেবলেটৰ দাম ১১৫ টকা হ'ল । দাম বৃদ্ধি কৰা ঔষধ কোম্পানীসমূহে শাসকীয় বিজেপি দলক নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৯১১ কোটি টকাৰ চান্দা দিয়াৰ অভিযোগ উঠিছে । সেই টকা ঘূৰাই অনাৰ বাবেই ঔষধৰ দাম বৃদ্ধি কৰি জনতাক ঔষধ কোম্পানীয়ে ৰামটাঙোন সোধোৱা বুলিও চর্চা হৈছে । ইয়াৰ পূৰ্বে ১২ শতাংশ ঔষধৰ দাম বৃদ্ধি পাইছিল । ২০২২ চনতো ১০ শতাংশ বৃদ্ধি পাইছিল ।

এই সম্পৰ্কে সচেতন নাগৰিক মছদ্দৰ হুছেইনে কয়, পহিলা এপ্ৰিলৰ দিনটোত ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি কৰি বছৰটোৰ বাবে এপ্ৰিল ফুল কৰিলে । প্ৰতিবছৰে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰাটো নিয়মত পৰিণত হৈছে । ঔষধৰ দাম বৃদ্ধি কৰাৰ মূল কাৰণ হৈছে নিৰ্বাচনী বণ্ডৰ জৰিয়তে চৰকাৰক চান্দা দিছে । যাৰবাবে ঔষধ কোম্পানীসমূহক চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই ।

কামৰূপ মেডিচিন ডিলাৰ্চ এছ’চিয়েশ্যনৰ সভাপতি সন্তোষ দাস কয়, দাম বৃদ্ধি হোৱাটো মূল কথা নহয় । ০.০০৫৫% ৮০০ ঔষধৰ ব্ৰেণ্ডৰ মূল্য বৃদ্ধি পাইছে । মানুহৰ জীৱন দৈনিক প্ৰয়োজনীয় ঔষধবোৰ ১২-১৮% টেক্স দিব লাগে । উচ্চ ৰক্তচাপ, ডায়বেটিক, থায়ৰইড, মাল্টিভিটামিনকে ধৰি দুৰাৰোগ্য ৰোগৰ ঔষধবোৰ কৰ মুক্ত হ'ব লাগে । যদি কৰ থাকে তাত ৫ % বেছি হ'ব নালাগে ।

লগতে পঢ়ক: ১ এপ্ৰিলৰ পৰা বৃদ্ধি পালে বিষনাশককে ধৰি অত্যাৱশ্যকীয় ঔষধৰ মূল্য - Essential Medicines Price Increase

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.