বিনামূলীয়া পাঠ্যপুথি যোগানৰ দাবীত আছুৰ প্ৰতিবাদ - AASU protest in dhemaji

By ETV Bharat Assamese Team

Published : May 28, 2024, 4:30 PM IST

thumbnail
ধেমাজিত আছুৰ বিক্ষোভ কাৰ্যসূচী (Etv bharat assam)

ধেমাজি, 28 মে’: শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ ৷ নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ প্ৰায় দুমাহ অতিক্ৰম কৰাৰ পাচতো চৰকাৰী শিক্ষানুষ্ঠানবোৰত বিনামূলীয়া পাঠ্যপুথি যোগান নধৰাৰ প্ৰতিবাদত আছুৱে মঙলবাৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ধেমাজি জিলা ছাত্ৰ সন্থাই শ্বহীদ উদ্যানৰ পৰা ধেমাজি নগৰৰ মাজেৰে আয়ুক্ত কাৰ্যালয়লৈকে এক প্ৰতিবাদী সমদল উলিয়াই শিক্ষামন্ত্ৰী তথা ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে শিক্ষাৰ্থীক পাঠ্যপুথি যোগান ধৰিবলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুক প্ৰতিবাদী কাৰ্যসূচীযোগে দাবী তোলে ধেমাজি জিলা ছাত্ৰ সন্থাই । 

চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক আছুকৰ্মীয়ে ।

লগতে পঢ়ক: নিৰ্বিকাৰ ভূমিকাত ৰাজ্যৰ শিক্ষা বিভাগ ! শিক্ষকৰ অভাৱত প্ৰত্যাহ্বানৰ সন্মুখীন শিক্ষাৰ্থী - Lack of teachers IN GOVT SCHOOL

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.