ETV Bharat / state

ৰাজ্যৰ আটাইতকৈ অকৰ্মণ্য মন্ত্ৰী কোন ? ক’লে আছুৱে - AASU PROTEST IN TINSUKIA

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 5:30 PM IST

AASU against education minister Dr. Ranoj Pegu: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সসন্মানেৰে পদত্যাগৰ আহ্বান জনাইছে আছুৱে ৷ ৰাজ্যৰ শিক্ষা বিভাগটোক অন্তিম পৰ্যায়লৈ অনাত শিক্ষামন্ত্ৰীগৰাকীয়ে নেতৃত্ব লোৱাৰ অভিযোগ তুলি আছুৱে ডাঃ পেগুক আটাইতকৈ অকৰ্মণ্য মন্ত্ৰী আখ্যা দিয়ে ৷

AASU against education minister Dr. Ranoj Pegu
তিনিচুকীয়াত আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া, ২৮ মে’: ‘‘অসমৰ অকৰ্মণ্য মন্ত্ৰীৰ তালিকাৰ শীৰ্ষত আছে শিক্ষামন্ত্ৰী ৰণোজ পেগু ৷ অসমৰ শিক্ষা বিভাগটোক হত্যাৰ কৰাৰ নেতৃত্ব বহন কৰিছে ৰণোজ পেগুৱে ৷’’ এই মন্তব্য আছুৰ ৷

পাঠদান আৰম্ভ হোৱাৰ দুমাহৰ পিচতো বিদ্যালয়ত পাঠ্যপুথি যোগান ধৰিব নোৱৰাৰ বিৰুদ্ধে মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাই আহ্বান কৰে বিক্ষোভ কাৰ্যসূচী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া আছুৱেও উক্ত কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তিনিচুকীয়া আছুৰ নেতৃত্বই ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও তীৰ্যক মন্তব্য প্ৰদান কৰে ৷

আছুৰ অভিযোগ অনুসৰি ছেবাৰ দুৰৱস্থাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সহিতে সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰ অৱস্থা সংকটজন বুলি উল্লেখ কৰি ইয়াৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক জগৰীয়া কৰে তিনিচুকীয়া আছুৱে ৷ তিনিচুকীয়া জিলা আছুৰ সাধাৰণ সম্পাদক প্ৰতীম নেওগে কয়, ‘‘ৰাজ্যৰ শিক্ষা বিভাগে অসমীয়া মাধ্যমক হত্যা কৰাৰ পৰিকল্পনাৰে পাঠ্যপুথি যোগান ধৰা নাই ৷ এই কাৰণে যোগান ধৰা নাই যাতে পৰৱৰ্তী সময়ত অভিভাৱসকলে সন্তানক ইংৰাজী মাধ্যম তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাব পাৰে ৷ পৰৱৰ্তী সময়ত চৰকাৰী বিদ্যালয়সমূহ আদানি-আম্বানীক গতাই দিব ৷’’

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আৱেগ-বিবেকৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি তিনিচুকীয়া আছুৱে তেওঁক সসন্মানেৰে পদত্যাগৰ আহ্বান জনায় ৷ অভিযোগ অনুসৰি ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক শেষ পৰ্যায়লৈ আনিলে ৷ উল্লেখ্য যে শিক্ষা বিভাগৰ অনিয়মীয়া পাঠ্যপুথি যোগানৰ বিৰুদ্ধে তিনিচুকীয়াৰ জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷

উক্ত প্ৰতিবাদৰ জৰিয়তে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি সত্য বৰগোহাঁই আৰু সাধাৰণ সম্পাদক প্ৰতীম নেওগ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুলৈ প্ৰেৰণ কৰা হয় ৷ স্মাৰকপত্ৰখনৰ জৰিয়তে অতিশীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবী উত্থাপন কৰে আছুৱে ৷ অন্যথা অনাগত দিনত তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: মাধ্যমিক শিক্ষাত দুই হাজাৰ কোটি টকীয়া বৃহৎ আঁচনি ঘোষণা শিক্ষামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.