ETV Bharat / international

হঠাৎ শুনা গ'ল কেবাটাও গুলীৰ শব্দ; মাটিত ঢলি পৰিল প্ৰধানমন্ত্ৰী - prime minister wounded in shooting

author img

By ANI

Published : May 15, 2024, 9:22 PM IST

Slovakian PM assassination attempt: গুলীচালনাৰ ঘটনাত আহত হৈছে প্ৰধানমন্ত্ৰী ৷ এখন চৰকাৰী বৈঠকৰ পিচতে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷

Slovakian PM assassination attempt
গুলীচালনাৰ ঘটনাত আহত শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী (ANI)

ইন্টাৰনেশ্যনেল ডেস্ক, 15 মে’: গুলীচালনাৰ এক চাঞ্চল্যকৰ ঘটনাত আহত হৈছে শ্লোভাকিয়াৰ প্ৰধনামন্ত্ৰী ৷ হেণ্ডলভাত সংঘটিত এক গুলীচালনাৰ ঘটনাত আহত হৈছে দেশখনৰ চাৰিবাৰৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো ৷ বুধবাৰে স্থানীয় সময় অনুসৰি হেণ্ডলভাত সংঘটিত গুলীচালনাত আহত হোৱা শ্লোভাকিয়াৰ চাৰিবাৰৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি দ্য শ্লোভাক স্পেক্টেটৰে প্ৰকাশ কৰিছে ৷ হেণ্ডলভাত এখন চৰকাৰী বৈঠকৰ পিচতে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷

হেণ্ডলভা বিশেষকৈ শ্লোভাকিয়াৰ ট্ৰেঞ্চিন অঞ্চলৰ এখন খনি চহৰ ৷ য'ত শ্বুটাৰে এটা সাংস্কৃতিক প্ৰতিষ্ঠানৰ (Cultural House) বাহিৰত থকা প্ৰধানমন্ত্ৰী ফিকোৰ ওপৰত গুলী চালনা কৰে ৷ ইয়াত এখন চৰকাৰী সভা অনুষ্ঠিত হৈছিল ৷

অট্টালিকাৰ বাহিৰত তেওঁৰ সমৰ্থকসকলৰ সৈতে ফিকোৰ কথোপকথনৰ সময়ত একাধিক গুলীচালনাৰ শব্দ শুনা গৈছিল আৰু কিছু সময়ৰ পিচত গুলীবিদ্ধ হৈ ফিকো মাটিত বাগৰি পৰি গৈছিল বুলি শ্লোভাক স্পেক্টেটৰে প্ৰতিবেদন প্ৰকাশ কৰিছে ৷

৫৯ বছৰীয়া ফিকোক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু জৰুৰী চিকিৎসাৰ বাবে হেলিকপ্টাৰেৰে বানস্কা বাইষ্ট্ৰিকা চহৰলৈ লৈ যোৱা হয় বুলিও জানিব পৰা গৈছে । পৰিৱৰ্তনশীল ভোটাৰসকলক আৱেদন কৰিবলৈ ৰাজনৈতিক পৰিৱেশ সলনি কৰাৰ পিচত ফিকো যোৱা বছৰ চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল ।

তিনি দশকৰ কেৰিয়াৰত, ফিকো ইউৰোপীয় ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীতিৰ বিৰোধিতা কৰা ইউৰোপপন্থী মূলসুঁতি আৰু জাতীয়তাবাদী স্থিতিৰ মাজত আগবাঢ়িছে । তেওঁ জনমত বা পৰিৱৰ্তিত ৰাজনৈতিক বাস্তৱতাৰ ওপৰত নিৰ্ভৰ কৰি পথ সলনি কৰাৰ ইচ্ছাও দেখুৱাইছে ।

ইফালে হেণ্ডলোভাত হোৱা গুলীচালনাৰ পিছত ব্ৰাটিস্লাভাত ৰাছিয়াৰ স্মাৰ পন্থী সাংসদ লুবোছ ব্লাহায়ে আজিৰ সংসদৰ অধিৱেশন স্থগিত ৰাখিছে ৷ তেওঁ বিৰোধীক এই গুলীচালনাৰ বাবে দায়ী বুলি অভিযোগ কৰিছিল ৷

লগতে পঢ়ক : গাজাত ৰাষ্ট্ৰসংঘৰ বাহনত আক্ৰমণ, এগৰাকী ভাৰতীয় কৰ্মচাৰী নিহত - Indian UN Member Killed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.