ETV Bharat / bharat

গাজাত ৰাষ্ট্ৰসংঘৰ বাহনত আক্ৰমণ, এগৰাকী ভাৰতীয় কৰ্মচাৰী নিহত - Indian UN member killed

author img

By PTI

Published : May 14, 2024, 10:01 AM IST

Indian UN member killed: ৰাষ্ট্ৰসংঘৰ সুৰক্ষা আৰু নিৰাপত্তা বিভাগৰ কৰ্মচাৰী যাত্ৰা কৰি থকা বাহনত আক্ৰমণ । ভাৰতীয় কৰ্মচাৰী এজন নিহত হোৱাৰ লগতে আন এগৰাকী কৰ্মচাৰী আহত হৈছে । ঘটনাক লৈ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰসংঘৰ ।

Indian UN member killed
গাজাত ৰাষ্ট্ৰসংঘৰ বাহনত আক্ৰমণ, এগৰাকী ভাৰতীয় কৰ্মচাৰী নিহত (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৪ মে' : ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত থকাৰ মাজতে গাজাত এগৰাকী ভাৰতীয়ৰ মৃত্যুৰ খবৰ পোৱা গৈছে । ৰাষ্ট্ৰসংঘৰ সৈতে কাম কৰিছিল ভাৰতীয়গৰাকীয়ে । ৰাষ্ট্ৰসংঘৰ বাবে আন্তঃৰাষ্ট্ৰীয় কৰ্মচাৰীৰ মৃত্যুৰ এয়া প্ৰথমটো ঘটনা বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীজনে যাত্ৰা কৰি থকা সময়তে ৰাফাত তেওঁৰ বাহনখনত আক্ৰমণ হৈছিল । তেওঁ ৰাষ্ট্ৰসংঘৰ সুৰক্ষা আৰু নিৰাপত্তা বিভাগৰ (ডিএছএছ) কৰ্মচাৰী আছিল । ভুক্তভোগীৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও তেওঁ ভাৰতৰ আৰু ভাৰতীয় সেনাৰ এগৰাকী প্ৰাক্তন জোৱান আছিল ।

৭ অক্টোবৰৰ ইজৰাইল-হামাছ সংঘৰ্ষৰ আৰম্ভণিৰ পৰাই গাজাত ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় কৰ্মচাৰীসকলৰ মাজত ৰাফাত নিহত হোৱা তেওঁ প্ৰথমগৰাকী ভাৰতীয় কৰ্মচাৰী । এই আক্ৰমণত আন এগৰাকী ডিএছএছ কৰ্মচাৰী আঘাতপ্ৰাপ্ত হয় । তেওঁলোকৰ বাহনখন ৰাফাৰ ইউৰোপীয় চিকিৎসালয়লৈ যাত্ৰা কৰি আছিল ।

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে সোমবাৰে পুৱা সংঘটিত এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । মহাসচিবৰ উপ-মুখপাত্ৰ ফাৰহান হকে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে গুটেৰেছে ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীসকলৰ ওপৰত হোৱা সকলো আক্ৰমণক গৰিহণা দিছে আৰু সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে । গুটেৰেছে ভুক্তভোদী কৰ্মচাৰীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

ইয়াৰ উপৰিও মহাসচিবে তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতি আৰু সকলো বন্দীক মুকলি কৰাৰ বাবে তেওঁৰ জৰুৰী আবেদনৰ পুনৰাবৃত্তি কৰে । তেওঁ উল্লেখ কৰা মতে গাজাত ৰাষ্ট্ৰসংঘৰ ১৯০ তকৈও অধিক কৰ্মচাৰী নিহত হৈছে । সেয়েহে সাহায্য অভিযানত জড়িত কৰ্মচাৰীসকলৰ সুৰক্ষা অতি প্ৰয়োজন বুলিও তেওঁ দাবী কৰিছে ।

লগতে পঢ়ক :দক্ষিণ গাজাৰ ৰাফা চহৰত ইজৰাইলৰ আক্ৰমণ - Israel Hamas War
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.