হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা জোৱানৰ শেষকৃত্য সম্পন্ন - Funeral Ceremony

By ETV Bharat Assamese Team

Published : May 1, 2024, 4:47 PM IST

thumbnail

ডিব্ৰুগড়, ১ মে': বিহুত ঘৰলৈ আহি আনন্দ-স্ফূৰ্তিৰে এসাঁজ খাই কৰ্মস্থলীলৈ যোৱাৰ পিছতে মৃত্যুক সাৱতি ল'লে এজন বি এছ এফ জোৱানে । ডিব্ৰুগড় জিলাৰ খোৱাং কোটোহাৰ গৌতম বাগ্ৰী নামৰ লোকজন শ্বিলঙৰ ১১০ বি এন বি এছ এফ জোৱান হিচাপে কৰ্মৰত আছিল । কৰ্মস্থলীতে যোৱা ২৯ এপ্ৰিলত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় জোৱানজনৰ । বুধবাৰে তেওঁৰ মৃতদেহ নিজ বাসগৃহ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে । বি এছ এফ-ৰ বাহনত অনা মৃতদেহটো সমদল কৰি গাঁৱবাসীয়ে নিজা গৃহলৈ লৈ যায় ।  

পত্নীসহ দুই সন্তানক এৰি কৰ্মস্থলীতে মৃত্যুক আঁকোৱালি লোৱা জোৱানৰ মৃতদেহ সন্মুখত দেখি আবেগিক হৈ পৰে পৰিয়ালৰ লোকসকল । দুই কণমানি সন্তানক কাষত লৈ আবেগ বিহ্বল হৈ উচুপি উঠে পত্নী । ইয়াৰ পিছতে সম্পূৰ্ণ সামৰিক মৰ্যদাৰে বি এছ এফ-ৰ জোৱানসকলে কোটোহাৰ শ্মশানত জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰে ৷ শেষকৃত্য সম্পন্ন কৰাৰ সময়ত উপস্থিত থাকে বি এছ এফৰ শীৰ্ষ বিষয়াৰ লগতে স্থানীয় প্ৰশাসনিক বিষয়াসকল ।

লগতে পঢ়ক: এখন হালধীয়া স্কুটী আৰু এহাল ছদ্মবেশী পুৰুষ-মহিলা, প্ৰৱঞ্চনাৰ এক কাহিনী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.