ETV Bharat / state

এখন হালধীয়া স্কুটী আৰু এহাল ছদ্মবেশী পুৰুষ-মহিলা, প্ৰৱঞ্চনাৰ এক কাহিনী

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 11:06 AM IST

two frauds detained
হালধীয়া স্কুটীৰে এহাল ছদ্মবেশী পুৰুষ-মহিলাৰ ত্ৰাস

Two frauds detained : কাছাৰত এহাল প্ৰৱঞ্চকে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ নিজকে BSF জোৱানৰ পৰিচয় দি ক্ৰেতাৰ বেশ লৈ দোকানত চুৰিকাণ্ড সংঘটিত কৰিছে এহাল পুৰুষ-মহিলাই ৷

হালধীয়া স্কুটীৰে এহাল ছদ্মবেশী পুৰুষ-মহিলাৰ ত্ৰাস

শিলচৰ, 27 ফেব্ৰুৱাৰী : কাছাৰৰ বৰখলা চানপুৰত এহাল পুুৰুষ-মহিলাই ত্ৰাসৰ সৃষ্টি কৰিছে ৷ নিজকে BSF জোৱানৰ পৰিচয় দি ক্ৰেতাৰ বেশ লৈ দোকানত চুৰিকাণ্ড সংঘটিত কৰিছে এহাল পুৰুষ-মহিলাই ৷ ইয়াৰ পিচতে বৰখলাৰ চানপুৰৰপৰা পুৰুষ-মহিলাহালক আটক কৰিছে আৰক্ষীয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বিগত কিছুদিনৰ পৰা দেখাত ধুনীয়া এহাল পুৰুষ-মহিলাই কাছাৰৰ বৰখলাৰ চানপুৰৰ অঞ্চলত এখন হালধীয়া স্কুটী লৈ ঘূৰি ফুৰে ৷ তাৰ পিচতে সুযোগ পুৰুষ-মহিলাহালে সুযোগ বুজি দোকানত প্ৰৱেশ কৰি অতি কৌশলেৰে চুৰি কৰে বিভিন্ন সামগ্ৰী ।

পুৰুষজনে নিজকে BSF ৰ জোৱান বুলি পৰিচয় দি মহিলাগৰাকীক লগত লৈ দোকানত প্ৰৱেশ কৰে ৷ তাৰ পিচতে মহিলাগৰাকীয়ে দোকানখনৰ দোকানীজনক কথা-বতৰাত ব্যস্ত কৰি ৰাখে ৷ সেইসময়ত দোকানৰ বিভিন্ন সামগ্ৰী চুৰি কৰি স্কুটীত ভৰাই লৈ যায় ভুৱা BSF জোৱানজনে ।

কিন্তু অসমীয়াত এষাৰ কথা আছে এশ গৰু মাৰিলে বাঘৰো মৰণ, সোমবাৰেও ঠিক একেদৰে বৰখলাৰ চানপুৰত ছাইদুল আলম নামৰ এজন কাপোৰ ব্যৱসায়ীৰ দোকানত প্ৰৱেশ কৰে পুৰুষ-মহিলাহালে ৷ পূৰ্বৰ দৰে মহিলাগৰাকীয়ে ছাইদুল আলমক কথা-বতৰাত ব্যস্ত কৰি ৰাখে আৰু সেইসময়ত দোকানৰ বিভিন্ন কাপোৰ চুৰি কৰি বস্তাত ভৰাই লৈ যায় পুৰুষজনে ।

ইফালে এই ঘটনা বুজি উঠাৰ পূৰ্বে সেইস্থানৰ পৰা পলায়ন কৰে দুই প্ৰতাৰক পুৰুষ-মহিলাই । তাৰ লগে লগে দুই প্ৰতাৰকৰ সন্ধান বিচাৰি বিচাৰি কিছু দূৰ গৈ ছাইদুল আলম নামৰ ব্যৱসায়ীজনে স্থানীয় ৰাইজৰ সহযোগত আটক কৰে পুৰুষ-মহিলাহালক।

তাৰ পিচতে লগে লগে ব্যৱসায়ীজনে পুৰুষ-মহিলাহালক আৰক্ষীক গতাই দিয়ে ৷ ধৃত দুয়োজনৰ নাম বিকাশ কুমাৰ ডুবে আৰু ছনম ত্ৰিবেদী বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: হাফলং শ্মশানত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন সেনা জোৱান কমল যোশীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.