ETV Bharat / politics

SIT এ উদঘাটন কৰিব স্বাতী মালিৱাল গোচৰৰ প্ৰকৃত সত্য - SWATI MALIWAL ASSAULT CASE

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 10:51 AM IST

Updated : May 21, 2024, 10:57 AM IST

SIT formed by Delhi Police : মুখ্যমন্ত্ৰীৰ বাসভৱনত সাংসদ স্বাতী মালিৱালৰ ওপৰত হোৱা আক্ৰমণৰ নতুন মোৰ ৷ ক্ষীপ্ৰ তদন্তৰ স্বাৰ্থত এক বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছে দিল্লী আৰক্ষীয়ে । দলটোৱে গোচৰটোৰ সন্দৰ্ভত লাভ কৰা প্ৰতিটো লিংকৰে সংযোগ ঘটাই অনুসন্ধান কৰিবলৈ চেষ্টা কৰিব ।

SWATI MALIWAL ASSAULT CASE
বিশেষ অনুসন্ধানকাৰী দল গঠন (Source : Etv Bharat)

নেশ্যনেল ডেস্ক, 21 মে’ : ঘটনাই মোৰ সলাইছে ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ ওপৰত হোৱা আক্ৰমণৰ গোচৰৰ ৷ দিনকদিনে এই ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই যোৱা দেখা গৈছে ৷ সেয়ে দিল্লী আৰক্ষীয়ে এই ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ বাবে গঠন কৰিছে বিশেষ অনুসন্ধানকাৰী দল (এছ আই টি) ৷ এতিয়াৰে পৰা এই দলে সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰি বাহিৰ কৰিবলৈ চেষ্টা চলাব প্ৰকৃত সত্য ৷

লগতে পঢ়ক: ৰাজনৈতিক হিটমেনে নিজকে বচাবলৈ চেষ্টা কৰিছে : স্বাতী মালিৱাল - Swati Maliwal Assault Case

ইতিমধ্যে এই ঘটনাই অতিক্ৰম কৰিছে সাতদিন ৷ সোমবাৰে দিল্লী আৰক্ষীৰ শীৰ্ষসূত্ৰই প্ৰকাশ কৰা অনুসৰি, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনত ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ ওপৰত কৰা হৈছিল আক্ৰমণ ৷ উক্ত ঘটনাত জড়িত থকাৰ সন্দেহত নাম সাঙোৰ খাইছিল কেজৰিৱালৰ ঘনিষ্ঠ বিভৱ কুমাৰৰ ৷

এই বিশেষ অনুসন্ধানকাৰী দলটোক নেতৃত্ব দিছে অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত (উত্তৰ) অঞ্জিতা চেপিয়ালাই । দলটোৱে ঘটনাটো সংঘটিত হোৱা স্থানৰ পুনৰ নিৰীক্ষণ কৰাৰ উদ্দেশ্যে বিয়লি প্ৰায় 5.45 বজাত বিভৱ কুমাৰক লৈ গৈছিল কেজৰিৱালৰ বাসভৱনলৈ ৷ অৱশ্যে দিল্লী আৰক্ষীয়েও এই সংক্ৰান্তত কেজৰিৱালৰ বাসভৱনত কৰ্মৰত কেইবাজনো কৰ্মচাৰীৰ ভাষ্য লিপিবদ্ধ কৰিছে ।

লগতে পঢ়ক: আৰক্ষীয়ে ৰচিছে কাহিনী; আপক কলংকিত কৰিবলৈ বিজেপিৰ কথা মতে কাম কৰিছে স্বাতী মালিৱালে: আপৰ অভিযোগ - SWATI MALIWAL ASSAULT CASE

তথ্য অনুসৰি, বিভৱ কুমাৰক স্বাতী মালিৱালৰ সৈতে থকা তেওঁৰ সম্পৰ্ক আৰু আক্ৰমণৰ ঘটনা সম্পৰ্কীয় অন্যান্য প্ৰশ্ন সোধা হৈছিল ৷ আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বাসভৱনৰ ভিতৰত প্ৰায় এঘণ্টা সময় ধৰি তদন্ত অব্যাহত ৰাখে ৷

উল্লেখ্য যে, বিভৱ কুমাৰক বিগত 18 মে’ত আদালতে পাঁচদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷ তেওঁৰ বিৰুদ্ধে এজাহাৰত উল্লেখ আছে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 201 ৰ অধীনত প্ৰমাণ ধ্বংস কৰাৰ অভিযোগ ৷ দেওবাৰে আবেলি মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পৰা দিল্লী আৰক্ষীয়ে সংগ্ৰহ কৰিছিল চিচিটিভি ফুটেজ(ডিজিটেল ভিডিঅ' ৰেকৰ্ডিং) ৷ তাৎপৰ্যপূৰ্ণভাৱে কিন্তু আৰক্ষীয়ে শনিবাৰে ইয়াৰ বাবে অনুমতি বিচাৰিও লাভ কৰা নাছিল ৷

ইয়াৰ মাজতে সামাজিক মাধ্যম এক্সত সাংসদগৰাকীয়ে লিখিছিল এনেদৰে- তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰখন আঠ বছৰ আগতে অৰ্থাৎ 2016 চনত পঞ্জীয়ন কৰা হৈছিল ৷ যাৰ পিছত তেওঁ লিখিছিল যে মুখ্যমন্ত্ৰী আৰু এলজি দুয়োজনে মোক আৰু দুবাৰ মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল । এই গোচৰটো সম্পূৰ্ণৰূপে মিছা, য'ত উচ্চ ন্যায়ালয়ে ডেৰ বছৰৰ বাবে স্থগিতাদেশ জাৰি কৰি কোনো ধনৰ লেনদেন হোৱা নাই বুলি ৰায় দিছিল ৷

মালিৱালে দাবী কৰা অনুসৰি, তেওঁ বিভৱ কুমাৰৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল নকৰালৈকে আছিল লেডী সিংঘমৰ দৰে ৷ পিছে অভিযোগ দাখিলৰ পিছতে তেওঁ হৈ পৰিল বিজেপিৰ এজেণ্ট !

লগতে পঢ়ক: বিভৱ কুমাৰৰ ওলোটা খৰ, স্বাতী মালিৱালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ - Swati Maliwal Assault Case

Last Updated : May 21, 2024, 10:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.