নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি খেলপথাৰত নামিল অখিল গগৈ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : May 1, 2024, 8:20 PM IST

thumbnail

মিৰ্জা, ১ মে': হাতত ভলীবল লৈ ব্যতিক্ৰমী ৰূপত দেখা গ'ল অখিল গগৈক । গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি পলাশবাৰীৰ ৰামপুৰত এদল যুৱকৰ সৈতে ব্যস্ত হৈ পৰিল ভলীবল খেলত । সভা শেষ কৰি মঞ্চৰ পৰা নামি আহি ওচৰতে এদল যুৱকে ভলীবল খেলি থকা দেখি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু ৰ'ব নোৱাৰিলে ।  

ডিঙিত গামোচা লৈয়ে নামিল খেলপথাৰত । বেছ হাঁহি স্ফুৰ্তিৰে কিছু সময় ভলীবল খেলি উভতিল বিধায়ক অখিল গগৈ । ইফালে কাষতে শিৱসাগৰৰ বিধায়ক অখিল গগৈক পায় উৎসাহিত হৈ পৰে খেলুৱৈসকল । এফালে লুৰীণজ্যোতি গগৈয়ে ভাষণ প্ৰদান কৰে আৰু আনফালে বিধায়কগৰাকী ব্যস্ত হৈ পৰে ভলীবল খেলাত । 

লগতে পঢ়ক: 2026 চনত বিজেপিক চাফা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম : অখিল গগৈ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.