ETV Bharat / state

প্ৰেম-কৰ্ম-উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে লাভ কৰিব শুভফল ? - Weekly Horoscope

Weekly Horoscope: চলিত সপ্তাহত প্ৰেম, কৰ্ম, উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে শুভ ফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষৰত্ন নয়নজ্যোতি দেৱশৰ্মাই ।

career-love-work-related-astrological-prediction-for-the-week-28th-april-to-4th-may
প্ৰেম-কৰ্ম-উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে লাভ কৰিব শুভফল ?
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 9:01 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী, 29 এপ্ৰিল: প্ৰেম আৰু কৰ্মৰ ক্ষেত্ৰত কোন কেইটা ৰাশিৰ ব্যক্তিয়ে চলিত সপ্তাহটোত শুভ ফল লাভ কৰিব ৷ জানো আহক

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন হোৱাৰ যোগ আছে ৷ লগতে এই ৰাশিৰ জাতক-জাতিকাসকলে এই সপ্তাহত যান বাহন পৰা সুখ- শান্তি লাভ কৰিব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলে এই সপ্তাহত নতুন প্ৰেমত সঁহাৰি লাভ কৰিব, লগতে সম্পত্তি বঢ়াৰো যোগ আছে ৷ এই সপ্তাহটোত এই ৰাশিৰ জাতক-জাতিকাসকলৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায় ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ যিসকল নিবনুৱা হৈ আছে তেওঁলোকে নতুন কৰ্ম লাভ কৰিব ৷ ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব ৷ কৰ্মত কৃতকাৰ্যতা লাভ কৰিব যদিও এই সপ্তাহত আপোনাৰ মনটো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহত শৰীৰত সামান্য ৰোগ বৃদ্ধি হ'ব পাৰে ৷ দেহ-মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে যদিও এই সপ্তাহত শিক্ষকসকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায় ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহত আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ'ব ৷ লগতে কৰ্মত শুভ বুলি ক’ব পাৰি ৷ প্ৰেমত আনন্দ বাঢ়িব যদিও এই সপ্তাহত আপুনি খৰচৰ ওপৰত নজৰ ৰখাটো ভাল হ'ব ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহত কৰ্মত শুভ বুলি কব পাৰি, প্ৰেমত আনন্দ বাঢ়িব, ভোজন বিলাস বৃদ্ধি পাব, লগতে এই সপ্তাহত সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায় ৷

মকৰ ৰাশি: মকৰ ৰাশি জাতক-জাতিকাসকলৰ এই সপ্তাহত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, কৰ্মত শুভ বুলি কব পাৰি, প্ৰেম বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, সামাজিক বিবাহৰ যোগ দেখা যায় লগতে এই সপ্তাহত আপোনাৰ মানসিক প্ৰশান্তি লাভ হোৱাৰ যোগ দেখা যায় ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে এই সপ্তাহত কৰ্মক্ষেত্ৰত আনৰ পৰা প্ৰসংসা লাভ কৰিব, উচ্চ কৰ্ম লাভ কৰিব, ব্যৱসায়িক দিশত নতুনকৈ যোগাযোগ কৰিবলৈ সক্ষম হ’ব, প্ৰেমত সাৱধান হোৱাটো ভাল হ'ব, যদিও এই সপ্তাহত আপোনাৰ সামান্য খৰচ বৃদ্ধি হ'ব পাৰে, লগতে আপুনি এই সপ্তাহত মিচা অপবাদ পাৱলগীয়া কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰাটো ভাল হ'ব

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহত ভোজন বিলাস বাঢ়িব, কৰ্মত শুভ বুলি কব পাৰি , প্ৰেমত আনন্দ বাঢ়িব, সামাজিক বিবাহৰ যোগ দেখা যায়, যদিও এই সপ্তাহত আপুনি কৰ্মত সকলো দিশতে সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব ৷

উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিৰ বাবে শুভ ?

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহত আয় উপাৰ্জন বৃদ্ধি হ'ব ৷ লগতে খেলুৱৈসকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হব যদিও এই সপ্তাহত আপোনাৰ মনত হতাশাৰ সৃষ্টি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহত আয় বৃদ্ধি পাব ৷ ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব ৷ যদিও এই সপ্তাহত আপোনাৰ মনটো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ এই সপ্তাহত কৰ্মত সন্মান বাঢ়িব, বিবাহিত ব্যক্তি সকলৰ দাম্পত্য জীৱনত সুখ- শান্তি বাঢ়িব, লগতে প্ৰেমত শুভ বুলি কব পাৰি ৷ ব্যৱসায়িকভাৱে লাভাণ্বিত হ'ব পাৰিব,যদিও এই সপ্তাহত আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope