ETV Bharat / state

কাজিৰঙাত দুৰ্ঘটনাত পতিত নৈশ বাছ, কেইবাজনো আহত - Road accident

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 10:08 AM IST

Road accident: তিনিচুকীয়া অভিমুখী আছিল নৈশ বাছখন । নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ কাষৰ খাৱৈত বাগৰি পৰে । আহত যাত্ৰীসকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

Road accident
কাজিৰঙাত দুৰ্ঘটনাত পতিত নৈশ বাছ, কেইবাজনো আহত (ETV Bharat Assam)

কাজিৰঙাত দুৰ্ঘটনাত পতিত নৈশ বাছ, কেইবাজনো আহত (ETV Bharat Assam)

কাজিৰঙা,১৬ মে': গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ কাষৰ দ' খাৱৈত বাগৰি পৰে এখন নৈশ বাছ । দুৰ্ঘটনাটোত বহুলোক আহত হয় ।

জানিব পৰা মতে এই দুৰ্ঘটনাটো কাজিৰঙাৰ কহঁৰা পে'ট্ৰল পাম্পৰ সমীপতে সংঘটিত হয় । দুৰ্ঘটনাত পতিত কৃতী নামৰ বাছখনৰ নম্বৰ AS-12-E-9381 । স্থানীয় লোকে জনোৱা মতে নিশা প্ৰায় ১২ মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । বাছখন তেজপুৰৰ পৰা তিনিচুকীয়ালৈ যাত্ৰা কৰি আছিল । ইফালে বাছখনত বহু কণ কণ শিশু আছিল বুলিও জানিব পৰা গৈছে । বাছখন বাগৰি পৰাৰ লগে লগে অঞ্চলটোত তীব্ৰ হুলস্থূল পৰিৱেশৰ সৃষ্টি হয় । বাছখনৰ যাত্ৰীসকলৰ মাজতো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে অঞ্চলটোৰ লোকসকলে ঘটনাস্থলীত উপস্থিত হয় আৰু কহঁৰা আৰক্ষীৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে । দুৰ্ঘটনাটোত কোনো লোক নিহত হোৱা নাই যদিও কেইবাগৰাকী যাত্ৰী আহত হয় । আহত যাত্ৰীসকলক ততালিকে সমীপৰ শ্বহীদ বেজা বৈষ্ণৱ কহঁৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

বাছখনত যাত্ৰা কৰি থকা একাংশ যাত্ৰীয়ে জনোৱা মতে বাছখনৰ ওপৰত আৰু ভিতৰতো যথেষ্ট পৰিমাণে পাচলি লৈ যোৱা হৈছিল । যাত্ৰীৰ সংখ্যাও বেছি আছিল ! কিন্তু বাছখন কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই । একাংশই সন্দেহ কৰা মতে চালকজনৰ টোপনি অহাৰ বাবেই বাছখন নিয়ন্ত্ৰণহীন হৈ খাৱৈত বাগৰি পৰে । অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ উচিত তদন্তৰ পিচত হে বাছখনৰ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হ'ব ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ কাজিৰঙাৰ সৌন্দৰ্য উপভোগৰ পূৰ্বে সাৱধান, জাৰি কৰা হৈছে কেতবোৰ নিয়ম - Rules For Kaziranga Visitors
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.