অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন; ৮ ৰাজ্যৰ ভোটাৰে মুকলিকৈ অংশ লৈছে গণতান্ত্ৰিক উৎসৱত - Lok Sabha Election 2024

Published : June 1, 2024 at 7:03 AM IST
|Updated : June 1, 2024 at 5:59 PM IST
17:57 June 01
৮ ৰাজ্যত বিয়লি ৫ বজালৈকে সম্পন্ন হৈছে 58.34 শতাংশ ভোটদান ৷ সৰ্বাধিক ভোটদান হৈছে পশ্চিম বংগত ৷
৮ ৰাজ্যত বিয়লি ৫ বজালৈকে সম্পন্ন হৈছে 58.34 শতাংশ ভোটদান ৷ সৰ্বাধিক ভোটদান হৈছে পশ্চিম বংগত ৷
বিহাৰ (৮ আসন): 48.86 %
চণ্ডীগড় (১ আসন): 62.80 %
হিমাচল প্ৰদেশ (৪ আসন): 66.56 %
ঝাৰখণ্ড (৩ আসন): 67.95 %
ওড়িশা (৬ আসন): 62.46 %
পঞ্জাৱ (১৩ আসন): 55.20 %
উত্তৰ প্ৰদেশ (১৩ আসন): 54 %
পশ্চিম বংগ (৯ আসন): 69.89 %
16:20 June 01
৮ ৰাজ্যত দিনৰ ৩ বজালৈকে সম্পন্ন হৈছে 49.68 শতাংশ ভোটদান ৷ সৰ্বাধিক ভোটদান হৈছে ঝাৰখণ্ডত ৷
৮ ৰাজ্যত দিনৰ ৩ বজালৈকে সম্পন্ন হৈছে 49.68 শতাংশ ভোটদান ৷ সৰ্বাধিক ভোটদান হৈছে ঝাৰখণ্ডত ৷
বিহাৰ (৮ আসন): 42.95 %
চণ্ডীগড় (১ আসন): 52.61 %
হিমাচল প্ৰদেশ (৪ আসন): 58.61 %
ঝাৰখণ্ড (৩ আসন): 60.14 %
ওড়িশা (৬ আসন): 49.77 %
পঞ্জাৱ (১৩ আসন): 46.38 %
উত্তৰ প্ৰদেশ (১৩ আসন): 46.83 %
পশ্চিম বংগ (৯ আসন): 58.46 %
13:46 June 01
দিনৰ ১ বজালৈকে সম্পন্ন হৈছে ৪০.০৯ শতাংশ ভোটদান ৷ ৪৮.৬৩ শতাংশ ভোটদানেৰে সৰ্বাধিক ভোটদান হৈছে হিমাচল প্ৰদেশত ৷
৮ ৰাজ্যত দিনৰ ১ বজালৈকে সম্পন্ন হৈছে ৪০.০৯ শতাংশ ভোটদান ৷ সৰ্বাধিক ভোটদান হৈছে হিমাচল প্ৰদেশত ৷ হিমাচলৰ ভোটদানৰ হাৰ ৪৮.৬৩ শতাংশ ৷
বিহাৰ (৮ আসন): ৩৫.৬৫
চণ্ডীগড় (১ আসন): ৪০.১৪
হিমাচল প্ৰদেশ (৪ আসন): ৪৮.৬৩
ঝাৰখণ্ড (৩ আসন): ৪৬.৮০
ওড়িশা (৬ আসন): ৩৭.৮০
পঞ্জাৱ (১৩ আসন): ৩৯.৩১
উত্তৰ প্ৰদেশ (১৩ আসন): ৩৯.৩১
পশ্চিম বংগ (৯ আসন): ৪৫.০৭
13:07 June 01
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে ভোটদান কৰি কেতবোৰ মন্তব্য কৰে ৷
পুৱাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে ৷ তাৰ পাচতে তেওঁ সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে ৷
মুখ্যমন্ত্ৰী সুখুৱে কয়, ‘‘মই হিমাচলবাসীক গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাব বিচাৰিছো । যোৱা ১৪ মাহত আমাৰ চৰকাৰখন উফৰাই পেলোৱাৰ চেষ্টা কৰা হৈছিল আৰু বিজেপিয়ে ধনৰ শক্তি ব্যৱহাৰ কৰি চৰকাৰ গঠনৰ চেষ্টা কৰিছিল । আমাৰ চৰকাৰ কমেও আগন্তুক ৩.৫ বছৰ ক্ষমতাত থাকিব । কংগনা ৰণৌত আৰু বিক্ৰমাদিত্য সিঙৰ মাজত কোনো প্ৰতিদ্বন্দ্বিতাই নাই ।’’
12:22 June 01
ইতিমধ্যে ১১ বজালৈকে ৮ ৰাজ্যত সম্পন্ন হৈছে ভোটদান প্ৰক্ৰিয়া ৷ ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ ২৬.৩০ শতাংশ ৷
১১ বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ ২৬.৩০ শতাংশ ৷
- বিহাৰ (৮খন আসন): ২৪.২৫
- চণ্ডীগড় (১ আসন): ২৫.০৩
- হিমাচল প্ৰদেশ (৪ আসন): ৩১.৯২
- ঝাৰখণ্ড (৩ আসন): ২৯.৫৫
- ওড়িশা (৬ আসন): ২২.৬৪
- পঞ্জাব (১৩ আসন): ২৩.৯১
- উত্তৰ প্ৰদেশ (১৩ আসন): ২৮.০২
- পশ্চিম বংগ (৯ আসন): ২৮.১০
11:41 June 01
ওড়িশাৰ বালাসৰৰ বিজেপি প্ৰাৰ্থী প্ৰতাপ চন্দ্ৰ সাৰংগীয়ে সাব্যস্ত কৰে ভোটাধিকাৰ ।
বালাসৰ লোকসভা সমষ্টিত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপি প্ৰাৰ্থী প্ৰতাপ চন্দ্ৰ সাৰংগীয়ে । এই সমষ্টিৰ পৰা কংগ্ৰেছে শ্ৰীকান্ত জেনাক প্ৰক্ষেপ কৰিছে ৷ আনহাতে এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ লেখাশ্ৰী সমন্সিংহৰে ।
10:29 June 01
হৰভজন সিঙে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ
পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ ইতিমধ্যে বহু ভোটাৰে সাব্যস্ত কৰিছে নিজৰ গণতান্ত্ৰিক অধিকাৰ ৷ ক্ৰীকেটাৰ হৰভজন সিঙেও পুৱাই সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ ৷
10:28 June 01
বাৰাণসীত বিজয় ধ্বজ্জা উৰুৱাবলৈ সাজু কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায় ৷ প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷
ইতিমধ্যে ভোটদান কৰিবলৈ ভোটকেন্দ্ৰত উপস্থিত হৈছে কংগ্ৰেছৰ সভাপতি তথা বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী অজয় ৰায় ৷ জনসাধাৰণক উদ্দেশ্যি সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে প্ৰাৰ্থী অজয় ৰায়ে ৷ তেওঁ কয় যে জনসাধাৰণে সকলো সিদ্ধান্ত ল’ব । ইতিমধ্যে বানাৰসৰ লাল্লাৰ হাতত পৰাস্ত হৈছে প্ৰধানমন্ত্ৰী ।
তেওঁ কয়, ‘‘বাবা বিশ্বনাথ আৰু কাশীবাসীৰ আশীৰ্বাদত মই জয়ী হ’ম । কাশীৰ মৰম মোৰ লগত আছে । স্থানীয় ৰাইজৰ বাবে মই কণ্ঠস্বৰ হ’ব ৷ ৰাইজে স্থানীয় লোকক অগ্ৰাধিকাৰ দিব । যি নিজৰ ৰাজপথ আৰু ভূমি আদিৰ বিষয়ে অজ্ঞাত নহয় । মাতৃ গংগাৰ অভিনয় কৰি সাগৰৰ পাৰত ধ্যান কৰি থকা পুত্ৰক মানুহে বাছি ল’ব নোৱাৰে ।’’
09:46 June 01
পুৱা ৯ বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ ১১.৩১ শতাংশ ৷
পুৱা ৯ বজালৈকে ৮ ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ ১১.৩১ শতাংশ ৷
- বিহাৰ (৮ আসন): ১০.৫৮
- চণ্ডীগড় (১ আসন): ১১.৬৪
- হিমাচল প্ৰদেশ (৪ আসন): ১৪.৩৫
- ঝাৰখণ্ড (৩ আসন): ১২.১৫
- ওড়িশা (৬ আসন): ৭.৬৯
- পঞ্জাব (১৩ আসন): ৯.৬৪
- উত্তৰ প্ৰদেশ (১৩ আসন): ১২.৯৪
- পশ্চিম বংগ (৯ আসন): ১২.৬৩
09:32 June 01
মাণ্ডি লোকসভা সমষ্টিৰ পৰা ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী কংগনা ৰণৌতে ।
২০২৪ৰ সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত হিমাচল প্ৰদেশৰ মাণ্ডিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী কংগনা ৰণৌতে । মাণ্ডি লোকসভাৰ আসনৰ পৰা কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷
09:11 June 01
প্ৰসিদ্ধ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ গায়ক তথা পদ্ম বঁটা বিজয়ী পণ্ডিত ছন্নুলাল মিশ্ৰই ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে পুৱাই উপস্থিত হয় বাৰাণসীত ।
পুৱাই বাৰাণসীত উপস্থিত হয় প্ৰসিদ্ধ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ গায়ক তথা পদ্ম বঁটা বিজয়ী পণ্ডিত ছন্নুলাল মিশ্ৰ ৷ ২০২৪ ৰ সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইতিমধ্যে তেওঁ বাৰাণসীত উপস্থিত হৈছে ।
08:55 June 01
পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ভোটাধিকাৰ সাব্যস্ত কৰে ৷
ইতিমধ্যে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু তেওঁৰ পত্নী ড৹ গুৰপ্ৰীত কৌৰে সংগৰু সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । এই আসনত কংগ্ৰেছৰ সুখপাল সিং খাইৰা, বিজেপিৰ অৰবিন্দ খান্না, আপৰ গুৰমীত সিং মিট হায়েৰ আৰু শিৰোমণি আকালি দল (অমৃতসৰ) ইকবাল সিং ঝুন্দন আৰু শিৰোমণি আকালি দল (অমৃতসৰ)ৰ ছিমৰঞ্জিত সিং মানে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷
08:50 June 01
কংগ্ৰেছ প্ৰাৰ্থী সুখজিন্দৰ সিং ৰান্ধৱাই ভোটদান কৰে ।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত পঞ্জাবৰ গুৰদাসপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুখজিন্দৰ সিং সাব্যস্ত কৰে ভোটাধিকাৰ । এই সমষ্টিত কংগ্ৰেছৰ সুখজিন্দৰ সিং ৰন্ধাৱা, বিজেপিৰ দীনেশ সিং আৰু আপৰ অমনশ্বেৰ সিঙৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা দেখা গৈছে ।
ভোটদান কৰাৰ পিছত কংগ্ৰেছ প্ৰাৰ্থী সুখজিন্দৰ সিং ৰন্ধাৱাই কয়, ‘‘ভোটাৰৰ ওপৰত মোৰ বিশ্বাস আছে । তেওঁলোকে দল নহয়, বৰঞ্চ কোনে তেওঁলোকৰ বাবে কাম কৰিব, কোনে তেওঁলোকৰ বাবে যুঁজিব আৰু কোনে সংসদত পঞ্জাবৰ হকে মাত মাতিব সেইটোহে চাব ।’’
08:18 June 01
অমৃতসৰত ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী তৰণজিৎ সিং সন্ধুৱে ৷
আজি ২০২৪ ৰ সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ পঞ্জাবৰ ১৩খন আসনৰ বাবে হৈ আছে নিৰ্বাচন প্ৰক্ৰিয়া ৷ ইতিমধ্যে পঞ্জাবৰ অমৃতসৰ সমষ্টিৰ প্ৰাক্তন কূটনীতিবিদ তথা বিজেপিৰ প্ৰাৰ্থী তৰণজিৎ সিং সন্ধুৱে সমষ্টিটোৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে ভোটাধিকাৰ ৷
তেওঁ বিৰুদ্ধে এই নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছৰ সাংসদ তথা প্ৰাৰ্থী গুৰজিৎ সিং আউজলা, আপৰ কুলদীপ সিং ধলিৱাল আৰু শিৰোমণি আকালি দলৰ অনিল যোশীয়ে ।
08:14 June 01
লক্ষ্ণৌত ভোটদান কৰিলে আপৰ সাংসদ ৰাঘৱ চাড্ডাই ৷
আনন্দপুৰ চাহিব সমষ্টিৰ অন্তৰ্গত লক্ষ্ণৌ, সাহিবজাদা অজিৎ সিং নগৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাদিকাৰ সাব্যস্ত কৰিলে আপৰ সাংসদ ৰাঘৱ চাড্ডাই ৷ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাচতে সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে আপৰ সাংসদ চাড্ডাই ৷
07:36 June 01
বিলাসপুৰত ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷
২০২৪ ৰ সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত হিমাচল প্ৰদেশৰ বিলাসপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ভোটাধিকাৰ সাব্যস্ত কৰে । তেওঁৰ পত্নী মল্লিকা নড্ডায়ো একেটা ভোটগ্ৰহণ কেন্দ্ৰতে ভোটদান কৰে ।
07:21 June 01
আজি সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱাই টুইটাৰযোগে ভোটাৰ ৰাইজলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে তেওঁৰ এটা পোষ্ট কয় যে আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায় ৷ সকলো ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব বুলি তেওঁ আশা কৰিছে । তেওঁ কয় যে সকলোৱে মিলি নিজৰ গণতন্ত্ৰক অধিক সাব্যস্ত কৰিব লাগে ৷
06:31 June 01
LS Election 2024 Phase 7 : আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ২০২৪ চনৰ সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৫৭ টা লোকসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৪ জুনত হ’ব এই নিৰ্বাচনৰ ভোটগণনা ৷

নিউজ ডেস্ক, ১ জুন : আজি (১ জুন, শনিবাৰ) দেশত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । আঠখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি ৫৭ টা লোকসভা সমষ্টিৰ ভোটাৰে আজি সাব্যস্ত কৰিব নিজৰ গণতান্ত্ৰিক অধিকাৰ । মূল কথাটো হ’ল উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত কোন কোন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত হৈছে ?
- পঞ্জাব (১৩খন আসন) : গুৰদাসপুৰ, অমৃতসৰ, খাদূৰ চাহাব, জলন্ধৰ, হোছিয়াৰপুৰ, আনন্দপুৰ চাহাব, লুধিয়ানা, ফাতেহগড় চাহাব, ফৰিদকোট, ফিৰোজপুৰ, বাথিণ্ডা, সংগ্ৰুৰ আৰু পাটিয়ালা ৷
- উত্তৰ প্ৰদেশ (১৩খন আসন) : মহাৰাজগঞ্জ, গোৰখপুৰ, কুশী নগৰ, দেওৰিয়া, বাংসগাঁও, ঘোষী, চেলেমপুৰ, বলিয়া, গাজীপুৰ, চণ্ডাউলী, বাৰাণসী, মিৰ্জাপুৰ আৰু ৰবাৰ্টছগঞ্জ ।
- বিহাৰ (৮খন আসন) : আৰৰা, বাক্সাৰ, কাৰাকাট, জাহানাবাদ, নালন্দা, পাটলিপুত্ৰ, পাটনা চাহাব আৰু সাছাৰাম ।
- হিমাচল প্ৰদেশ (চাৰিখন আসন) : কংৰা, মাণ্ডী, হামিৰপুৰ, ছিমলা ।
- চণ্ডীগড় (এখন আসন) : চণ্ডীগড় ।
- ওড়িশা (ছখন আসন) : ময়ুৰভঞ্জ, বালাসোৰ, ভদ্ৰক, জাজপুৰ, কেন্দ্ৰপাৰা, জগতসিংহপুৰ ৷
- পশ্চিম বংগ (পশ্চিম বংগৰ ৯খন আসন) : ডুম ডুম, বৰাছাট, বাছিৰহাট, জয়নগৰ, মথুৰাপুৰ, ডাইমণ্ড হাৰ্বাৰ, জাদৱপুৰ, কলকাতা দক্ষিণ আৰু কলকাতা উত্তৰ ।
- ঝাৰখণ্ড (তিনিখন আসন) : ৰাজমহল, ডুমকা আৰু গোড্ডা ।

