ETV Bharat / bharat

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৮ জনৰ - Road accident

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 9:00 AM IST

Updated : May 16, 2024, 9:13 AM IST

Road accident: মধ্যপ্ৰদেশৰ ইন্দোৰ-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত পথ ৰখাই থোৱা ট্ৰাকৰে সংঘৰ্ষ এখন বাহনৰ । দুৰ্ঘটনাত থিতাতে নিহত ৮ জন লোক ৷ এজনৰ অৱস্থা সংকটজনক ।

Road accident
ইন্দোৰ আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত নিহত ৮ (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ১৬ মে‘: মধ্যপ্ৰদেশৰ ধৰৰ ইন্দোৰ-আহমেদাবাদ ফ’ৰলেন ঘাইপথত বুধবাৰে নিশা প্ৰায় ১০:৩০ বজাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । এখন দ্ৰুতবেগী বাহনে ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত প্ৰায় ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক আহত হোৱাৰ কথা জানিব পৰা হৈছে । দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পাচতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । জানিব পৰা মতে টায়াৰ হঠাৎ ফাটি যোৱাৰ বাবে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা ট্ৰাকখনত খুন্দা মাৰে । যাৰবাবে গাড়ীখনত থকা ৯ জন লোকৰ ভিতৰত ৮ জনৰ লোকৰ থিতাতে মৃত্যু হয় ।

গাড়ীৰ টায়াৰ ফাটি যোৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা:

তথ্য অনুসৰি হাণ্ড্ৰেড ডায়েলে ইন্দোৰ-আহমেদাবাদ ঘাইপথত দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰিছিল । বেতমা থানা এলেকাৰ ধৰ সীমান্তৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । গুনাত বসবাস কৰা ভিলালা সম্প্ৰদায়ৰ একাংশ লোকে ধৰ জিলাৰ বাঘ টাণ্ডাৰ পৰা গুনা অভিমুখে গৈ থকা সময়তে ইন্দোৰ-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ ঘটাবিলোদ বাইপাছত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় বাহনখনৰ ।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতে মৃত্যু হয় ৮জন লোকৰ । আনহাতে ১ জন লোক গুৰুতৰভাৱে আহত হয় । আনহাতে মৃতকৰ ভিতৰত এগৰাকী মহিলাও আছে । বাহনখন চলাই অহা এজন আৰক্ষী কনিষ্টবলৰো মৃত্যু হয় । তেওঁক গুনাত কৰ্মৰত আছিল । বেতমা আৰক্ষী থানাই সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ।

গাড়ীত আবদ্ধ মৃতদেহ:

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে । গাড়ীৰ ভিতৰত মৃতদেহ বহু সময় আবদ্ধ হৈ থাকে । গাঁৱৰ ৰাইজৰ সহযোগত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে অতি কষ্টেৰে গাড়ীৰ পৰা মৃতদেহবোৰ উলিয়াই আনে । আহত লোকজনক চিকিৎসাৰ বাবে ইন্দোৰৰ এম ৱাই হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । নিহত লোককেইজন গুনাত শ্ৰমিকৰ কাম কৰিবলৈ গৈছিল বুলি জানিবলৈ পৰা হৈছে ।

লগতে পঢ়ক:

ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ অসম আৰক্ষীৰ বাহনৰ; আহত কেবাজনো জোৱান - Assam police van accident

নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাছে খুন্দিয়ালে ট্ৰেক্টৰত, 6 গৰাকী নিহত - Tragic bus accident

শিহৰণকাৰী পথ দুৰ্ঘটনাৰ দৃশ্য বন্দী CCTV ত - accident in jorhat

Last Updated :May 16, 2024, 9:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.