ETV Bharat / bharat

নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাছে খুন্দিয়ালে ট্ৰেক্টৰত, 6 গৰাকী নিহত - Tragic bus accident

author img

By ANI

Published : May 15, 2024, 6:56 AM IST

Updated : May 15, 2024, 2:07 PM IST

Bus accident in Andhra Pradesh : অন্ধ্ৰ প্ৰদেশৰ কোনাসীমা জিলাত দ্ৰুতবেগী বাছে ট্ৰেক্টৰত খুন্দা মৰাৰ ফলত 6 গৰাকী নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে ।

Etv BharatBus accident in Andhra pradesh
নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাছে খুন্দিয়ালে ট্ৰেক্টৰত, 4 গৰাকী নিহত (ANI)

নেশ্যনেল ডেস্ক, 15 মে’ : অন্ধ্ৰ প্ৰদেশৰ পালনাডু জিলাত মঙলবাৰে মাজনিশা এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল ৷ এখন দ্ৰুতবেগী বাছে ট্ৰেক্টৰত খুন্দা মৰাৰ ফলত 6 গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে । ৰাজ্যখনৰ পি গন্নাভাৰাম মণ্ডলৰ অন্তৰ্গত উদিমুদি গাঁৱৰ সমীপত মঙলবাৰে নিশা এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, পথ পৰিবহণ নিগমৰ (আৰটিচি) বাছখনে শ্ৰমিক কঢ়িয়াই আনিছিল ৷ 40 গৰাকী যাত্ৰী লৈ অৰবিন্দ প্ৰাইভেট ট্ৰেভেলছ বাছখন নিশা বাপটলা জিলাৰ চিনাগঞ্জমৰ পৰা পাৰচুৰ আৰু চিলাকালুৰিপেট হৈ হায়দৰাবাদলৈ ৰাওনা হৈছিল ।

জানিব পৰা অনুসৰি, শ্ৰমিকসকলে সাধাৰণ নিৰ্বাচনত ভোটদান কৰি হায়দৰাবাদলৈ উভতি আহিছিল । মঙলবাৰে পুৱা প্ৰায় 1.30 বজাত পলনাডু জিলাৰ চিলাকালুৰিপেট মণ্ডলৰ অন্নমবাতলাৱৰিপালেম আৰু পাচুমাৰুৰু গাঁৱৰ মাজৰ ইওৰিভাৰিপালেম পথৰ সমীপত বাছখনে এখন খেৰ ভৰ্তি ট্ৰেক্টৰত খুন্দা মাৰে ৷ মুহূৰ্তৰ ভিতৰতে, ট্ৰেক্টৰখনত জুই লগাৰ পিচত বাছখনতো অগ্নিসংযোগ হয় ৷

বাছখনৰ চালক আৰু আন চাৰিজন দুৰ্ঘটনাৰ কেইছেকেণ্ডৰ ভিতৰতে জ্বলি মৃত্যু মুখত পৰিছিল । অন্য এজন লোক হাস্পতালত নিয়াৰ পথত মৃত্যুৰ মুখত পৰে ৷ দুৰ্ঘটনাত আন ২০ জন লোক গুৰুতৰভাৱে আহত হয় । সম্প্ৰতি আহতসকলক কোঠাপেটা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ মৃত লোককেইজন চাৰিগৰাকী ক্ৰমে নুকাপল্লী শিৱ (৩৫), বচামছেট্টি সূৰ্য প্ৰকাশ (৫০), বীৰী কাটলায়া (৪৫), আৰু চিলাকলাপুদি পাণ্ডা (বয়স অজ্ঞাত) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আন দুগৰাকীৰ নাম জানিব পৰা হোৱা নাই ৷

এই ঘটনাৰ পিচতে স্থানীয় লোকে ঘটনাৰ সন্দৰ্ভত 108 সেৱাক জনায় আৰু আৰক্ষীক খবৰ দিয়ে । এই দুৰ্ঘটনাটোৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি, চিলাকালুৰিপেট, য়াদ্দানাপুডি, চিৰালা আৰু য়াদলাপাডুৰ পৰা দুৰ্ঘটনাস্থলীলৈ কেইবাখনো 108 বাহন অনা হৈছিল ৷

উদ্ধাৰকাৰী দলে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ বাছখনত আৱদ্ধ লোকসকলক বাহিৰলৈ উলিয়াই আনিবলৈ চেষ্টা কৰিছিল ৷ ঘটনাস্থলীৰ পৰা ২০ খন 108 বাহন চিলাকালুৰিপেট আঞ্চলিক চিকিৎসালয়লৈ লৈ যোৱা হয় । চিলাকালুৰিপেটৰ অগ্নি নিৰ্বাপক বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ বাইপাছৰ কাম চলি থকাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আশংকা কৰা হৈছে ৷ পথত যথেষ্ট বোকা জমা হোৱাৰ ফলত বাছ চালকজনে গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

লগতে পঢ়ক: আয়কৰ বিভাগৰ কাৰ্যালয়ত জুই; এজনৰ মৃত্যু - Fire at Delhi Income Tax Office

Last Updated :May 15, 2024, 2:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.