বটলিফ ফেক্টৰীয়ে নলয় কেঁচা চাহপাত : আন্দোলনৰ হুংকাৰ আটাছুৰ - Assam Tea Industry
Assam Tea Planters : 1 জুনৰ পৰা বটলিফ ফেক্টৰীয়ে কেঁচাপাত নোলোৱাৰ সিদ্ধান্তই লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কক চিন্তিত কৰি তুলিছে ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দি আটাছুৱে ভাৰতীয় টি বৰ্ডলৈ প্ৰেৰণ কৰিলে স্মাৰকপত্ৰ ৷

Published : May 31, 2024 at 6:21 PM IST
যোৰহাট, 31 মে’ : অন্ধকাৰৰ দিশে অসমৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যৎ ৷ ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা কেঁচাপাতত কীটনাশক দ্ৰব্যৰ উপস্থিতিৰ অভিযোগৰ তুলি বটলিফ ফেক্টৰী সমূহে 1 জুনৰ পৰা কেঁচাপাত নোলোৱাৰ সিদ্ধান্তই লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দি আটাছুৱে ভাৰতীয় টি বৰ্ডলৈ প্ৰেৰণ কৰিলে স্মাৰকপত্ৰ ৷
শুকুৰবাৰে আটাছুৰ যোৰহাট জিলা সমিতিয়ে ভাৰতীয় চাহ নিগমৰ যোৰহাট আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী সঞ্চালকৰ যোগেদি ভাৰতীয় টি বৰ্ডলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ আটাছুৰ প্ৰতিনিধিয়ে স্মাৰকপত্ৰ প্ৰদান কৰি কয় যে, অসম তথা ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশটো মজবুত কৰাত ক্ষুদ্ৰ চাহ খেতিয়কৰ যথেষ্ট অৰিহণা আছে ৷ ক্ষুদ্ৰ চাহ খেতিয়কসকলে বহু কষ্টৰে চাহ উদ্যোগটোক জীয়াই থকাত ইন্ধন যোগাই অহাৰ লগতে পৰিয়াল আৰু অন্য শ্ৰমিকসকলক ভৰণ-পোষণৰ পথ মুকলি কৰি আহিছিল ৷ কিন্তু FSSI বিভাগে তাৎক্ষণিকভাৱে চাহৰ গুণাগুণ পৰীক্ষাৰ নামত চাহ ফেক্টৰী আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলক যি হাৰাশাস্তি কৰিছে ইয়ে খেতিয়কসকলৰ ভৱিষ্যৎ আৰু ব্যৱসায়টোক ধ্বংস কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত বুলি কয় তেওঁলোকে ৷
ইফালে সাত দিনৰ ভিতৰত যদি ক্ষুদ্ৰ চাহ খেতিয়কৰ এই সমস্যা সমাধান নহয় আৰু বটলিফ ফেক্টৰীসমূহে কেঁচাপাত গ্ৰহণ নকৰে তেন্তে শীঘ্ৰেই আটাছুৱে ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে, 29 মে’ত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু ৰাজ্যৰ মুখ্য সচিবৰ সৈতে হোৱা বৈঠকতো এই বিষয়ত কোনো সমাধান সূত্ৰ নোলাল ৷
লগতে পঢ়ক : সংকটত চাহ উদ্যোগ; বটলিফ ফেক্টৰীৰ সিদ্বান্তত ক্ষুব্ধ ক্ষুদ্ৰ চাহ খেতিয়ক - Shut Down Tea Leaf Factories

