ETV Bharat / bharat

আয়কৰ বিভাগৰ কাৰ্যালয়ত জুই; এজনৰ মৃত্যু - Fire at Delhi Income Tax Office

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 5:47 PM IST

Updated : May 14, 2024, 7:33 PM IST

Fire in Delhi : মঙলবাৰে বিয়লি দিল্লীৰ আয়কৰ কাৰ্যালয়ত হঠাৎ লাগিল জুই ৷ অগ্নি নিৰ্বাপক বাহিনীৰ কেবাখনো বাহন উপস্থিত হৈছে ঘটনাস্থলীত । জুই নিয়ন্ত্ৰণৰ বাবে ২১ খন বাহনে অব্যাহত ৰাখিছে চেষ্টা ৷

FIRE AT DELHI INCOME TAX OFFICE
আয়কৰ বিভাগৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড (ETV Bharat)

নতুন দিল্লী, 14 মে’: মঙলবাৰে বিয়লি দিল্লীৰ আয়কৰ বিভাগৰ কাৰ্যালয়ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কাৰ্যালয় অধীক্ষক হিচাপে কৰ্মৰত এজন ৪৬ বছৰীয়া ব্যক্তিৰ মৃত্যু হয় । আই টি অ’ এলেকাৰ চি আৰ বিল্ডিঙৰ তৃতীয় মহলাত সংঘটিত হয় অগ্নিকাণ্ডটো ৷

জানিব পৰা মতে অগ্নিকাণ্ডটোৰ খবৰ লাভ কৰা পিচতে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোক ততাতৈয়াকৈ ঘটনাস্থলীলৈ যায় ৷ অগ্নি নিৰ্বাপক বাহিনীৰ 21 খনকৈ বাহনৰ চেষ্টাৰ ফলত জুই নিয়ন্ত্ৰণ কৰি মুঠ ৭ গৰাকী লোকক কাৰ্যালয়টোৰ পৰা উদ্ধাৰ কৰা হয় ৷ ইয়াৰে এজন ৪৬ বছৰীয়া ব্যক্তিক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় আৰু পিচত তেওঁক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় ৷ কাৰ্যালয়টোত কাম কৰি থকা অৱস্থাতে গাত জুই লাগি মৃত্যু হোৱা লোকজন কাৰ্যালয়টোৰ অধীক্ষক হিচাপে নিয়োজিত আছিল ৷

দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে কাৰ্যালয়টোৰ পৰা ৭ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰে ৫ জন পুৰুষ আৰু দুগৰাকী মহিলা ৷ ইয়াৰে এজন সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে পুৰণি আৰক্ষী মুখ্য কাৰ্যালয়ৰ বিপৰীতে অৱস্থিত এটা অট্টালিকাত অগ্নিকাণ্ডটো সংঘটিত হয় ৷ উক্ত অট্টালিকা সম্প্ৰতি আৰক্ষীৰ একাংশ ইউনিটৰ বাবে ব্যৱহাৰ কৰি থকা হৈছে ৷

দিল্লী অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াই কয়, ‘‘আমালৈ বিয়লি ৩.০৭ বজাত ফোন আহিছিল চি আৰ বিল্ডিঙৰ আয়কৰ বিভাগৰ কাৰ্যালয়ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দৰ্ভত । আমি মুঠ ২১ খন অগ্নিনিৰ্বাপক বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা কৰোঁ ৷ অধিক তদন্তৰ বাবে আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ স্থানীয় আৰক্ষীক আহ্বান জনাইছোঁ ৷’’

ইফালে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কিছু ভিডিঅ’ত দেখা গৈছে যে অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিচতে তাত থকা লোকসকলে জুইৰ পৰা ৰক্ষা পোৱাৰ বাবে খিৰিকীৰ কাষত আশ্ৰয় লয় । অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জখলাৰ জৰিয়তে তেওঁলোক নামি অহাত সহায় কৰিছিল ৷

দিল্লী অগ্নি নিৰ্বাপক বাহিনীৰ মুৰব্বী অতুল গৰ্গে কয়, "বিয়লি ৪ বজাত আমি তথ্য পাইছিলোঁ যে মুঠ সাতজন লোকক অট্টালিকাটোৰ তৃতীয় মহলাৰ পৰা নিৰাপদে উদ্ধাৰ কৰা হয় । ইয়াৰে পাঁচজন পুৰুষ আৰু দুগৰাকী মহিলা ৷"

লগতে পঢ়ক: সাতগাঁৱত গেছৰ পাইপত লাগিল জুই

Last Updated :May 14, 2024, 7:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.