ETV Bharat / bharat

ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ অসম আৰক্ষীৰ বাহনৰ; আহত কেবাজনো জোৱান - Assam police van accident

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 4:35 PM IST

Updated : May 15, 2024, 5:48 PM IST

Assam police bus accident: অসম আৰক্ষীৰ জোৱান ভৰ্তি বাহন দুৰ্ঘটনাত পতিত ৷ নিৰ্বাচনী ব্যস্তাত শেষ কৰি উভতি আহিছিল জোৱানসকল ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বহুকেইজন জোৱান ৷

Muzaffarpur Bus Accident collision between vehicle and truck many Assam Police personnel Injured
নিৰ্বাচনী দায়িত্ব সমাপ্ত কৰি ওভতাৰ পথতে দুৰ্ঘটনাগ্ৰস্ত অসম আৰক্ষীৰ বাহন (Etv bharat bihar)

নেশ্যনেল ডেস্ক, 15 মে’: ৰাজ্যৰ বাবে এক দুখৰ খবৰ ৷ অসম আৰক্ষীৰ জোৱান ভৰ্তি এখন বাছ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত হয় ভয়ংকৰ সংঘৰ্ষ ৷ এই সংঘৰ্ষৰ ফলত বহুকেইগৰাকী অসম আৰক্ষীৰ জোৱান আহত হয় । বিহাৰৰ মুজাফ্ফৰপুৰৰ সকৰা থানা এলেকাৰ 28 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ আহত জোৱানকেইজনক চিকিৎসাৰ বাবে সকৰাৰ ৰেফাৰেল হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

নিৰ্বাচনী ব্যস্ততা সমাপ্ত কৰি উভতি আহিছিল জোৱানকেইজন: চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী ব্যস্ততা সমাপ্ত কৰি বাছখনত থকা জোৱানসকল উভতি আহিছিল বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজৰ মতে ট্ৰাকখন মুজাফ্ফৰপুৰ দিশৰ পৰা আহিছিল, আনহাতে বাছখন সমস্তীপুৰ দিশৰ পৰা আহিছিল ৷ এই সময়তে দুয়োখন বাহনৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । ইয়াৰ পিছতে উক্ত স্থানত মানুহে জুম বান্ধে ।

খবৰ পোৱাৰ লগে লগে আৰক্ষী উপস্থিত হয়: পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে সকৰা থানাৰ আৰক্ষী উক্ত স্থানত উপস্থিত হয় । স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটাইকেইজন আহত জোৱানক বাছখনৰ পৰা উলিয়াই আনি চিকিৎসাৰ বাবে সকৰাৰ ৰেফাৰেল হাস্পতালত ভৰ্তি কৰোৱায় । আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

বাছখনত 37 জন জোৱান আছিল: সমস্তীপুৰত নিৰ্বাচনী দায়িত্ব পালন কৰি অসম বেটেলিয়নৰ 37 জন জোৱান বাছেৰে আহি আছিল । সংঘৰ্ষৰ ফলত 32 জন জোৱান আহত হয় । 11 জন জোৱানক প্ৰথমে ৰেফাৰেল হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও জোৱানকেইজনৰ গুৰুতৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক এছ কে এম চি এইচ, মুজাফ্ফৰপুৰলৈ প্ৰেৰণ কৰা হৈছে । বাকী আহত জোৱানসকলক ৰেফাৰেল হাস্পতাল আৰু ব্যক্তিগত ক্লিনিকত ভৰ্তি কৰোৱা হৈছে ।

10 বজাত সাৰণলৈ ৰাওনা হৈছিল: বেটেলিয়নৰ ইনচাৰ্জ সহ-পৰিদৰ্শক ৰিংকু প্ৰধানে কয়, "আমি সমস্তীপুৰৰ শিৱাজী নগৰৰ পৰা নিৰ্বাচনী দায়িত্ব পালন কৰি উভতি আহি আছিলো । সকলোৱে 10 বজাৰ আশে-পাশে গুচি গৈছিল আৰু আমি সাৰণলৈ যাবলগীয়া হৈছিল ।"

এছ কে এম চি এইচত ভৰ্তি কৰোৱা জোৱানসকলৰ ভিতৰত আছে লক্ষ্যজিৎ লাহন, অনন্ত খাটৱাল, ৰেৱত গগৈ, উত্তম ছেত্ৰী, কংকন গগৈ, প্ৰকাশ অধিকাৰী, টোপন ছেঠিয়া, সঞ্জয় সিং, শিশু দধৰা, আকাশ শৰ্মা, নবীন বৰুৱা, হেমন্ত ছেঠিয়া ।

দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথটোত সৃষ্টি হয় যান-জঁটৰ: এখন বাছ আৰু এখন ট্ৰাকৰ সংঘৰ্ষ হোৱাৰ পিছতে 28 নং ৰাষ্ট্ৰীয় ঘাইপথটোত যান-জঁটৰ সৃষ্টি হোৱাত যাতায়ত স্থবিৰ হৈ পৰে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছত পথটোৰ যান-জঁট কিছু নিয়ন্ত্ৰণ কিবলৈ সক্ষম হয় । যাৰ ফলত পুনৰ সুচল হৈ পৰে যাতায়ত ব্যৱস্থা ।

ইষ্ট 2 ৰ ডি এছ পি মনোজ কুমাৰ সিঙে কয়, "নিৰ্বাচন সমাপ্ত কৰি উভতি অহা জোৱানেৰে ভৰা এখন বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ হোৱা বুলি তথ্য লাভ কৰা হৈছে ৷ য'ত বহু জোৱান আহত হয় আহত জোৱানসকলক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে ।"

লগতে পঢ়ক: বিহাৰত সন্ধানহীন অসম আৰক্ষীৰ কনিষ্টবল; গংগাত মাৰিছিল ডুব - Assam Police jawan missing

Last Updated : May 15, 2024, 5:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.