বিহাৰত সন্ধানহীন অসম আৰক্ষীৰ কনিষ্টবল; গংগাত মাৰিছিল ডুব - Assam Police jawan missing

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:04 PM IST

thumbnail
বিহাৰৰ গংগাত গা ধুবলৈ গৈ সন্ধানহীন অসম আৰক্ষীৰ কনিষ্টবল (ETV Bharat Assam)

বিলাসীপাৰা, ১৪ মে': বিহাৰত অসম আৰক্ষীৰ জোৱান নিখোঁজ হোৱা ঘটনাক কেন্দ্ৰ কৰি বিলাসীপাৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । বিলাসীপাৰাৰ সন্তান তথা অসম আৰক্ষীৰ জোৱান মিন্টু ৰায়ে বিহাৰত লোকসভা নিৰ্বাচনৰ কৰ্তব্য পালন কৰি জশপুৰ জিলাত গংগাত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰাত তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ বিলাসীপাৰাত শোকৰ ছাঁ পৰিছে । পৰিয়ালৰ সূত্ৰই জনোৱা মতে বিলাসীপাৰা পৌৰসভাৰ অন্তৰ্গত ন' নম্বৰ ৱাৰ্ড হাকামাৰ বাসিন্দা ননেন ৰায়ৰ পুত্ৰ মিন্টু ৰায় অসম আৰক্ষীত কৰ্মৰত আছিল ।  

প্ৰথমে অসমৰ চৰাইদেউ জিলাৰ লগতে কেবাখনো জিলাত লোকসভা নিৰ্বাচনত কৰ্তব্য পালন কৰাৰ পিছত পুনৰ লোকসভা নিৰ্বাচনৰ কৰ্তব্য পালন কৰিবলৈ বিহাৰলৈ প্ৰেৰণ কৰিছিল । বিহাৰৰ জশপুৰ জিলাত লোকসভা নিৰ্বাচনৰ কৰ্তব্য সম্পন্ন কৰি সমনীয়াৰ সৈতে গংগাত গা ধুবলৈ গৈ অসম আৰক্ষীৰ কনিষ্টবলগৰাকী সন্ধানহীন হৈ পৰে । মিন্টু'ৰ বাসগৃহত মঙলৰবাৰে বিয়লি বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াসহ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ এই খবৰ দিয়াৰ লগে লগে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । মিন্টু ৰায়ক জীৱিত অৱস্থাত উদ্ধাৰ কৰি নিজৰ পৰিয়ালৰ ওচৰত চমজাই দিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.