ETV Bharat / state

চাকৰি বিচাৰি ওলাই যোৱা ছোৱালীজনী 5 মাহে ঘূৰি নাহিল; সহায় বিচাৰি পৰিয়ালৰ হাহাকাৰ - human trafficking in assam

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 8:12 PM IST

Human trafficking: চাকৰিৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি যুৱতীক নিৰ্যাতন ৷ ধনৰ বিনিময়ত বিয়া দিয়াৰ অভিযোগ পৰিয়ালৰ ৷ সন্তানক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ সন্মুখত কান্দি কান্দি আহ্বান জনালে পিতৃয়ে ।

Nagaon girl goes missing since last 5 months family alleges human trafficking
সংবাদ মাধ্যমৰ সন্মুখত কাতৰ আহ্বান পিতৃ (Etv bharat assam)

সংবাদ মাধ্যমৰ সন্মুখত কাতৰ আহ্বান পিতৃ (Etv bharat assam)

নগাঁও, 14 মে’: মধ্য অসমত যেন পুনৰ সক্ৰিয় হৈ পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ । অধিক দৰমহাত সংস্থাপন দিয়াৰ প্ৰলোভেনৰে মধ্য অসমৰ পৰা লৈ যোৱা বহু যুৱতী আজিও সন্ধানহীন অৱস্থাত আছে । চাকৰিৰ প্ৰলোভনেৰে যুৱতীক বহিঃৰাজ্যলৈ লৈ গৈ বিক্ৰী কৰাৰ তেনে এক ঘটনা পুনৰ পোহৰলৈ আহিছে । নগাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

নগাঁও চহৰৰ এগৰাকী যুৱতীক কাম দিয়াৰ প্ৰলোভেনৰে বহিঃৰাজ্যলৈ লৈ গৈ ধনৰ বিনিময়ত বিক্ৰী কৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পিতৃয়ে । অভিযাগ অনুসৰি নগাঁও চহৰৰ ডিমৰুগুৰিত বাস কৰা এটা পৰিয়ালৰ যুৱতীক কাম দিয়াৰ প্ৰলোভেনৰে গুৱাহাটীলৈ বুলি ঘৰৰ পৰা লৈ গৈছিল দিলীপ সৰকাৰ নামৰ এজন লোকে । কিন্তু গুৱাহাটীত কাম কৰিবলৈ লৈ যোৱা যুৱতীগৰাকীক ধনৰ বিনিময়ত বিয়া দি দিয়া বুলি নিজ মুখে অভিযোগ তোলা বুলি উল্লেখ কৰিছে যুৱতীগৰাকীৰ পিতৃয়ে ৷

আনকি শেহতীয়াকৈ যুৱতীগৰাকীয়ে ফোনযোগে বিয়া হোৱা পৰিয়ালৰ লোকে খাদ্য, ঔষধ-পাতিৰ যোগান নধৰাৰ উপৰিও শাৰীৰিক-মানসিক আতিশয্য চলোৱাৰো অভিযোগ কৰা বুলি সংবাদ মাধ্যমৰ সমুখত কয় পৰিয়ালৰ লোকে ।

বিগত পাঁচ মাহ ধৰি কোনো সন্ধান নোহোৱা যুৱতীগৰাকী বৰ্তমান ৰাজস্থানত আছে বুলি সংবাদ মাধ্যমৰ আগত কয় যুৱতীগৰাকীৰ পিতৃয়ে । যুৱতীগৰাকীয়ে পিতৃক ফোনযোগে তেওঁক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনাইছে বুলি কয় যুৱতীগৰাকীৰ পিতৃয়ে । আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ পাছতো এই পৰ্যন্ত যুৱতীগৰাকীক উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে যুৱতীগৰাকীৰ পিতৃয়ে ।

উল্লেখযোগ্য যে, ৰাজস্থানলৈ লৈ গৈ যুৱতীগৰাকীক বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন হোৱা দিলীপ সৰকাৰ সম্প্ৰতি এক ধৰ্ষণৰ গোচৰত জেল হাজোতত থকা বুলিও জনায় যুৱতীগৰাকীৰ পিতৃয়ে ।

লগতে পঢ়ক: কেৰালাত ৰহস্য়জনকভাৱে মৃত্য়ু কলিয়াবৰৰ যুৱকৰ - Kaliabor Youth Death In Kerala

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.