ETV Bharat / health

উৎকট গৰমৰ পৰা সকাহ পাবলৈ আপুনি খায়নে এইকেইবিধ খাদ্য ? - Summer Foods To Keep Body Cool

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 10:34 AM IST

Summer Foods To Keep Body Cool : শৰীৰত তাপ বৃদ্ধিৰ বাবে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে । সেয়ে গ্ৰীষ্মকালত কেনেধৰণৰ খাদ্যই শৰীৰক শীতল কৰি ৰখাত সহায় কৰে পুষ্টিবিদ সুমন আগৰৱালাৰ পৰা জানো আহক ?

5 Superfoods That Can Help You Reduce Your Body Heat
উৎকট গৰমৰ পৰা সকাহ পাবলৈ আপুনি খায়নে এইকেইবিধ খাদ্য ?

বতৰৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীও সলনি হ’বলৈ আৰম্ভ কৰে ৷ গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে গ্ৰীষ্ম প্ৰবাহ, ঘাম, ডিহাইড্ৰেচন, চৰ্দি-কাহৰ দৰে বিভিন্ন সমস্যাবোৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷ সেয়ে গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ আমি আমাৰ শৰীৰক শীতল কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ কাৰণ প্ৰবল সূৰ্যৰ তাপে কেৱল ঘাম বাহিৰ কৰাই নহয় শৰীৰৰ শক্তিও হ্ৰাস কৰে ৷ ফলত দুৰ্বলতা আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা বাঢ়ি যায় ৷

এনে পৰিস্থিতিত যদি আপুনি গ্ৰীষ্মকালত শৰীৰটো শীতল আৰু হাইড্ৰেট কৰি ৰাখিব বিচাৰে, তেন্তে পুষ্টিবিদ সুমন আগৰৱালাৰ মতে, নিশ্চিতভাৱে এই ছুপাৰফুডবোৰ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক আৰু এইবোৰ বস্তু আপোনাৰ পাকঘৰত সকলো সময়তে ৰাখক ৷

গ্ৰীষ্মকালত শৰীৰক শীতল কৰি ৰখা খাদ্য কি কি ?

১) তুলসীৰ বীজ (Sabja Seeds)

তুলসীৰ বীজত প্ৰচুৰ পৰিমাণে আঁহ থাকে ৷ যাৰ ফলত হজম শক্তিৰ লগত জড়িত সমস্যা কমোৱাত সহায় কৰে ৷ যিয়ে এচিডিটি আৰু আন্ত্ৰিক স্বাস্থ্যৰ লগত জড়িত সমস্যা হ্ৰাস কৰাত সহায় কৰে ৷ ইয়াৰ লগতে তুলসীৰ বীজে শৰীৰত শীতল প্ৰভাৱো ৰাখে, যাৰ বাবে গৰমৰ দিনত ই শৰীৰৰ বাবে অতি উপকাৰী ৷ সোৱাদ আৰু সতেজতা বৃদ্ধি কৰিবলৈ লেমনেড বা স্মুদিৰ দৰে পানীয়ত মিহলাইও আপুনি ইয়াক গ্ৰহণ কৰিব পাৰে ৷

২) তাল (Ice Apple)

তাল সাধাৰণতে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত পোৱা যায় ৷ ইয়াত পানীৰ পৰিমাণ বেছি, যিয়ে আপোনাৰ পিয়াঁহ দূৰ কৰাত সহায় কৰিব পাৰে আৰু গ্ৰীষ্মকালত আপোনাক হাইড্ৰেটেড কৰি ৰাখিব পাৰে ৷ তালত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে ৷ যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু আপোনাৰ হজম শক্তি ভাল কৰি ৰাখে ৷

৩) তিয়ঁহ (Cucumber)

তিয়ঁহত অধিক পৰিমাণৰ পানী থাকে, যিটো ৰুচি আৰু স্বাস্থ্য দুয়োটাৰে বাবে উপকাৰী ৷ তিয়ঁহত থকা পানীয়ে গৰমৰ সময়ত হাইড্ৰেট হৈ থকাত সহায় কৰে ৷ তিয়ঁহৰ কেলৰি কম হোৱাৰ লগতে ইয়াত ভিটামিন কে আৰু চি, পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান পোৱা যায় ৷

৪) ডিমৰু (Figs)

ডিমৰুত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে ৷ যিয়ে আপোনাক ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে ৷ ডিমৰুত আঁহৰ গুণো থাকে ৷ যিয়ে পাচনত সহায় কৰে আৰু তৃপ্তি বৃদ্ধি কৰে ৷

৫) নাৰিকল পানী (Coconut Water)

গৰমৰ দিনত নাৰিকল পানী এবিধ প্ৰাকৃতিক হাইড্ৰেটিং পানীয় ৷ গ্ৰীষ্মকালত যেতিয়া আপোনাৰ শৰীৰে ঘামৰ জৰিয়তে ইলেক্ট্ৰলাইট হেৰুৱাই পেলায়, তেতিয়া ই সেই অভাৱ পুনৰ পূৰণ কৰাত সহায় কৰে ৷ নাৰিকল পানীত প্ৰচুৰ পৰিমাণে পটাছিয়াম, মেগনেছিয়াম, কেলচিয়াম আৰু ছডিয়াম থাকে ৷ যিয়ে আপোনাৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰে ৷

গ্ৰীষ্মকালত আপুনি এই ছুপাৰফুডবোৰ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ৷ যিয়ে আপোনাক হাইড্ৰেটেড কৰি ৰখাত আৰু শৰীৰক শক্তি প্ৰদান কৰাত যথেষ্ট সহায় কৰে ৷

লগতে পঢ়ক :

Sabja Seeds Benefits: কেৱল তুলসীয়েই নহয় ইয়াৰ বীজো আয়ুৰ্বেদৰ এক বৰদান; বহু ৰোগ নিৰাময় কৰে এই বীজে

শৰীৰৰ উষ্ণতা হ্ৰাস কৰিবলৈ আপোনাৰ প্ৰতিদিনৰ ৰুটিনত যোগ কৰক এইসমূহ বনৌষধি আৰু খাদ্য সামগ্ৰী - Summer Heatwave Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.