ETV Bharat / politics

৪ তাৰিখৰ ভোট গণনাত বিজেপি নেতা-কৰ্মীয়ে খেলিমেলি কৰাৰ শংকা কংগ্ৰেছৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 10:55 PM IST

Counting of votes for LS Polls: ৪ তাৰিখৰ ভোট গণনাত বিজেপি নেতা কৰ্মীয়ে ভোট গণনাত খেলিমেলি কৰাৰ ভয় কংগ্ৰেছৰ । ভোট গণনাৰ বাবে কংগ্ৰেছ কৰ্মীক সাজু কৰিছে দলটোৱে । চৰাইদেউৰ সোণাৰিত দলীয় কৰ্মীৰ লগত মত বিনিময় সভাত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ ।

Gaurav Gogoi warns Congress workers to defeat BJP's diplomacy in Charaideo
কংগ্ৰেছ কৰ্মীক সতৰ্ক কৰিলে গৌৰৱ গগৈয়ে (ETV Bharat Assam)

কংগ্ৰেছ কৰ্মীক সতৰ্ক কৰিলে গৌৰৱ গগৈয়ে (ETV Bharat Assam)

মৰাণ,১৭ মে': বহু জল্পনা-কল্পনাৰ অন্তত সামৰণি পৰিল ৰাজ্যত তিনিটা পৰ্যায়ৰ লোকসভা নিৰ্বাচন । এতিয়া কোনে কিমান ভোট পাব, কোনে ৰাইজৰ আশীৰ্বাদত দিল্লীলৈ যাব তাৰ হিচাপ নিকাচ কৰাত ব্যস্ত সকলো ৰাজনৈতিক দল । সকলোৱে অপেক্ষা কৰিছে ৪ জুনলৈ । কিন্তু ৪ তাৰিখৰ ভোট গণনাত বিজেপিৰ নেতা-কৰ্মীয়ে খেলিমেলি কৰাৰ ভয়ে খেদিছে কংগ্ৰেছক ।

চৰাইদেউৰ সোণাৰিত শুকুৰবাৰে তাৰে উমান দিলে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈয়ে । আগন্তুক ৪ জুনৰ ফলাফলক লৈ আত্মবিশ্বাসী কংগ্ৰেছ । লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে দলীয়-কৰ্মকৰ্তাৰ সৈতে মত বিনিময় যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ । বিজেপি দলৰ কৰ্মীয়ে যাতে কোনো ধৰণৰ আইন ভংগ কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হোৱাৰ আহ্বান জনাই সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ।

চৰাইদেউ সোণাৰিৰ মডিনা কমপ্লেক্স হোটেল গ্ৰীণ ভিউত অনুষ্ঠিত এক সভাত দলীয় কৰ্মীৰ লগত মতবিনিময় সভাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে । এই সভাতে অহা ৪ জুলাইত কেনেকৈ ভোট গণনাৰ দায়িত্বত থকা কংগ্ৰেছ কৰ্মীসকলে ভূমিকা ল'ব লাগিব সেই বিষয়ে আলোচনা কৰে । এই সভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে কয়, "কংগ্ৰেছ দলৰ লোকসভা ফলাফল ভাল হ'ব । লোকসভাৰ ফলাফলৰ পাছতে দলটো কেনেকৈ ভাল কৰিব পাৰি তাৰ বাবে কাম কৰা হ'ব ।"

লগতে বিজেপিক সমালোচনা কৰি তেওঁ কয়, "এইবাৰ নিৰ্বাচনত বিজেপিৰ প্ৰচাৰ আটাইতকৈ দুৰ্বল আছিল । অহংকাৰ, দলীয় বিসম্বাদ আৰু মাটিৰ পৰা আঁতৰি যোৱা বাবেই তেওঁলোকৰ প্ৰচাৰ দুৰ্বল হৈছিল ।" উক্ত অনুষ্ঠানত গৌৰৱ গগৈৰ সৈতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি চৰাইদেউ জিলা কংগ্ৰেছৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: কংগ্ৰেছত বিসম্বাদ কৰা সকলেই বিজেপিত বিসম্বাদৰ বেমাৰ সৃষ্টি কৰিছে : গৌৰৱ গগৈ - GAURAV GOGOI REACTS ON BJP CONFLICT

মৃণাল শইকীয়াৰ 8PMৰ পোষ্টত গুৰুত্ব দিব নালাগে: জয়ন্ত মল্লবৰুৱা - MRINAL SAIKIA OUTBURST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.