কংগ্ৰেছত বিসম্বাদ কৰা সকলেই বিজেপিত বিসম্বাদৰ বেমাৰ সৃষ্টি কৰিছে : গৌৰৱ গগৈ - GAURAV GOGOI REACTS ON BJP CONFLICT
Gaurav Gogoi: ৰাজ্যিক বিজেপিৰ কথিত সংঘাতক লৈ মন্তব্য় গৌৰৱ গগৈৰ । বিজেপিক সমালোচনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কালৈ টোৱালে আঙুলি ?

Published : May 17, 2024 at 9:44 PM IST
মৰাণ, ১৭ মে': ৰাজ্যত দুবাৰকৈ চৰকাৰ গঠন কৰাৰ পাছতে যেন এতিয়া বিজেপিৰ ভিতৰচ'ৰাত আৰম্ভ হৈছে সংঘাত অসন্তুষ্টি । একাংশ কংগ্ৰেছ নেতাই বিজেপি দলত যোগদান কৰি দলৰ লগতে চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰা পাছতেই ন-পুৰণি একাংশ বিজেপি নেতাৰ সংঘাত ৰাজহুৱা হৈছে ।
লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই আৰু প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি দল আৰু চৰকাৰক মুকলি সমালোচনা কৰা পাছতেই দলৰ ভিতৰচ'ৰাত ধুমুহাৰ সৃষ্টি হৈছিল । শুকুৰবাৰে বিজেপিৰ অন্তঃকলহ সন্দৰ্ভত মন্তব্য় আগবঢ়ালে সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ।
সোণাৰিত সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিজেপিক সমালোচনা কৰি কয়, "এসময়ৰ কংগ্ৰেছ দলৰ বিসম্বাদী নেতাই বিজেপিৰ নাও ডুবাইছে ।"
ইপিনে, শেহতীয়াকৈ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ মাজত আৰম্ভ হোৱা সংঘাত ৰাজহুৱা হোৱাৰ পাছতে সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে কয়, "কংগ্ৰেছত বিসম্বাদ সৃষ্টি কৰা সকলক বিজেপিত স্থান দি দলটো ধ্বংস কৰিবলৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ জনাইছো । যিখিনি মানুহে কংগ্ৰেছ দলত থাকি বিসম্বাদ কৰিছিল সেইখিনি মানুহেই এতিয়া বিজেপি দলত বিসম্বাদৰ বেমাৰ সৃষ্টি কৰিছে ।" সেইবাবে বিজেপি দলৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ।
উল্লেখ্য় যে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাই, প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ পিছতে বিধায়ক মৃণাল শইকীয়াই মুকলি বিদ্ৰোহ কৰাৰ পিচতেই বিজেপিত জোঁকাৰণিৰ সৃষ্টি হৈছে ৷ সামাজিক মাধ্যম ফেচবুক আৰু এক্সৰ জৰিয়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বিধায়কগৰাকীয়ে মুকলি বিদ্ৰোহ কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল ৷

