প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ পৰলোক প্ৰাপ্তি - Thaneswar Boro passes away
Thaneswar Boro death : দেহৰ বিভিন্ন ঠাইত পানী জমা হৈ প্ৰথমে ৰঙিয়াৰ স্বস্তি হাস্পতালত আৰু পৰৱৰ্তী সময়ত জি এম চি এইচত চিকিৎসাধীন প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান ৷ শুকুৰবাৰে পুৱা মৃত্যু ঘটা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে মৃত্যুৰ সময়ত এৰি থৈ যায় একমাত্ৰ কন্যাক ৷

Published : May 17, 2024 at 9:28 AM IST
|Updated : May 17, 2024 at 10:37 AM IST
গুৱাহাটী ডেস্ক, 17 মে’ : অসমৰ ৰাজনৈতিক ক্ষেত্ৰলৈ এটা বেয়া খবৰ ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ইহসংসাৰৰ পৰা বিদায় মাগিলে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অগপ দলৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়োৱে ৷ শুকুৰবাৰে পুৱা 7.08 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 85 বছৰ ৷
দীৰ্ঘদিন ধৰি হৃদৰোগৰ লগতে মধুমেহ, যকৃত আৰু বৃক্কৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷ বিগত 13 মে' ত অসম চৰকাৰৰ দুই মন্ত্ৰী তথা অগপ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্তৰ তৎপৰতাত ৰঙিয়াৰ স্বস্তি হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল বড়োক ৷ অৱশেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷

উল্লেখ্য যে, জি এম চি এইচৰ পৰা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নশ্বৰদেহ নিয়া হ’ব আমবাৰীৰ অগপ কাৰ্যালয়লৈ ৷ তাত জনোৱা হ’ব শেষ শ্ৰদ্ধা ৷ আমবাৰীৰ পিছতে তেওঁৰ নশ্বৰদেহ ৰাজধানী দিশপুৰস্থিত জনতা ভৱনলৈ নি শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ৷ এই শ্ৰদ্ধাঞ্জলিৰ অন্তত ৰঙিয়ালৈ তেওঁৰ নশ্বৰদেহ লৈ গৈ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব ৷ মৃত্যুৰ সময়ত থানেশ্বৰ বড়োৱে একমাত্ৰ কন্যাক ইহসংসাৰত এৰি থৈ যায় ৷
উল্লেখ্য যে, বড়োৱে অগপ নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰথমটো কাৰ্যকালত ৰাজহ মন্ত্ৰীৰ উপৰিও দুবাৰকৈ শিক্ষামন্ত্ৰীৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল ৷ তদুপৰি থানেশ্বৰ বড়োৱে 1985 চনৰ পৰা 2001 চনলৈ একেৰাহে তিনিবাৰকৈ ৰঙিয়াৰ বিধায়কৰ পদত অধিষ্ঠিত আছিল ।
ইফালে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সামাজিক মাধ্যমযোগে শোকপ্ৰকাশ কৰি সোণোৱালে উল্লেখ কৰে এনেদৰে, "অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম গণ পৰিষদৰ এসময়ৰ এগৰাকী সক্ৰিয় নেতা থানেশ্বৰ বড়ো ডাঙৰীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো । শৈক্ষিক খণ্ডৰ উত্তৰণৰ লগতে জাতীয় জীৱনৰ কল্যাণৰ হকে তেখেতে লোৱা ভূমিকা স্মৰণীয় হৈ থাকিব ।’’
লগতে পঢ়ক: প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি - Thaneswar Boro Health Update

