ETV Bharat / sports

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ পক্ষত সৌৰভ গাংগুলী - Indian team head coach

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 5:50 PM IST

Indian team head coach: গৌতম গম্ভীৰ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে সাজু ! সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ ভাৰতীয় দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হ'ব । বি চি চি আইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে এই সন্দৰ্ভত কি কয় ?

Indian team head coach
ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ পক্ষত সৌৰভ গাংগুলী (ANI Photos)

স্পৰ্টছ ডেস্ক,১ জুন : ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক কোন হ'ব ? অনুৰাগীসকলৰ মাজত ইয়াক লৈ বিভিন্ন জল্পনা-কল্পনা অব্যাহত আছে । অৱশ্যে বিভিন্ন সূত্ৰৰ মতে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ হ'ব পৰৱৰ্তী মুখ্য প্ৰশিক্ষক ! ইয়াৰ মাজতে সৌৰভ গাংগুলীয়ে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে । বি চি চি আইৰ প্ৰাক্তন সভাপতি গাংগুলীৰ মতে বি চি চি আয়ে এগৰাকী ভাৰতীয় প্ৰশিক্ষক নিয়োগ কৰা উচিত । যদি গৌতম গম্ভীৰে এই পদৰ বাবে আবেদন কৰিছে তেনেহ'লে তেওঁ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক সমৰ্থন জনাব বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে টি-২০ বিশ্বকাপ ২০২৪ ৰ সমাপ্তিৰ লগে লগে ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সমাপ্ত হ'ব । যাৰ বাবে বি চি চি আয়ে পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ সন্ধানত আছে । যিয়ে ভাৰতীয় ক্ৰিকেট দলক আগুৱাই নিব পাৰিব । এক অনুষ্ঠানত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ গাংগুলীয়ে কয় যে তেওঁ ভাৰতীয় প্ৰশিক্ষকৰ পক্ষত আছে । যদি গম্ভীৰে আবেদন কৰিছে তেন্তে তেওঁ এজন ভাল প্ৰশিক্ষক হ'ব বুলিও গাংগুলীয়ে আশা প্ৰকাশ কৰিছে ।

ইয়াৰ পূৰ্বে গাংগুলীয়ে এক্সৰ এটা পোষ্টত এগৰাকী প্ৰশিক্ষকৰ গুৰুত্ব, তেওঁৰ নিৰ্দেশনা আৰু নিৰন্তৰ প্ৰশিক্ষণে খেলপথাৰত বা বাহিৰত যিকোনো ব্যক্তিৰ ভৱিষ্যত গঢ়িব পাৰে বুলি উল্লেখ কৰিছিল । সেয়েহে বুদ্ধিমত্তাৰে মুখ্য প্ৰশিক্ষক বাছনি কৰিবলৈ তেওঁ বিচিচিআইক আহ্বান জনাইছিল ।

ইফালে জ্যেষ্ঠ পুৰুষ দলৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে আবেদন দাখিলৰ অন্তিম দিন আছিল ২৭ মে'। কিন্তু বিচিচিআইয়ে এতিয়ালৈকে এই সন্মানীয় পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ নাম প্ৰকাশ কৰা নাই । ২০০৭ চনৰ টি-২০ আৰু ২০১১ এদিনীয়া বিশ্বকাপত ভাৰতৰ শীৰ্ষস্থানৰ ৰাণ সংগ্ৰহকাৰী গম্ভীৰে শেহতীয়াকৈ তেওঁৰ প্ৰাক্তন ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ)ক মেণ্টৰ হিচাপে ১০ বছৰৰ ব্যৱধানৰ অন্তত তৃতীয় আইপিএলৰ খিতাপ জয় কৰাত সহায় কৰিছে ।

লগতে পঢ়ক :বি চি চি আইলৈ বিশেষ আহ্বান সৌৰভ গাংগুলীৰ - Indian Team Head Coach Selection

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.