ETV Bharat / state

11 জনকৈ লোক শুই থকা অৱস্থাতে ডুবিল কোটিটকীয়া জাহাজ - Lakhimpur Ghunasuti boat accident

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 6:06 PM IST

Lakhimpur Ghunasuti boat accident: সোৱণশিৰিত ডুবিল কোটিটকীয়া জাহাজ । কথমপি প্ৰাণ ৰক্ষা 11 জন লোকৰ । উদ্ধাৰ অভিযান অব্যাহত ৷

Lakhimpur Ghunasuti boat accident
ডুবিল কোটিটকীয়া জাহাজ (Etv bharat assam)

ডুবিল কোটিটকীয়া জাহাজ (Etv bharat assam)

লখিমপুৰ ২২ মে’: লখিমপুৰৰ ঘাগৰ সোৱণশিৰি ঘাটত এখন কোটিটকীয়া জাহাজ নদীত ডুব যায় । জানিব পৰা মতে, ঘাগৰত নিৰ্মাণ কৰি থকা দলংখনৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰৰ বাবে অনা দুখলপীয়া কোটিটকীয়া জাহাজখন মঙলবাৰৰ পুৱা সোৱণশিৰিত ডুব যায় ৷ বুধবাৰ পৰ্যন্ত অশেষ যত্নৰ পাছতো নদী গৰ্ভৰ পৰা জাহাজখন সম্পূর্ণৰূপে উদ্ধাৰ কৰিব পৰা নাই ৷

ডুবন্ত জাহাজৰ ভিতৰত আছিল লোক:

সোৱণশিৰি ঘাটত ডুব যোৱা কোটিটকীয়া জাহাজখন হ’ল এম টি বীৰদত্ত ৷ মঙলবাৰৰ দোকমোকালিতে ডুব যোৱা জাহাজখনৰ ভিতৰত শুই আছিল 11 জনকৈ লোক ৷ অৱশ্যে সৌভাগ্যক্ৰমে লোককেইজনৰ জীৱন ৰক্ষা পৰে ।

Lakhimpur Ghunasuti boat accident
ডুবিল কোটিটকীয়া জাহাজ (Etv bharat assam)

কিয় হ’ল এই দুৰ্ঘটনা:

উল্লেখ্য যে, দুখলপীয়া এই জাহাজখনৰ তলি ফুটি থকাৰ বাবে নদীত ডুব যায় বুলি জানিব পৰা গৈছে । ঘটনাটো সংঘটিত হোৱাৰ পাছৰে পৰা অত্যাধুনিক যন্ত্ৰৰ সহায়ত ডুবন্ত জাহাজখন উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত যদিও জাহাজখন সম্পূর্ণৰূপে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

Lakhimpur Ghunasuti boat accident
ডুবিল কোটিটকীয়া জাহাজ (Etv bharat assam)

জানিব পৰা মতে, সোৱণশিৰি নৈৰ ঘাগৰ-ঘূনাসুঁতি ঘাটত যোৱা নৱেম্বৰ মাহৰ পৰা অনুপম নির্মাণ প্রাইভেট লিমিটেডে 380 কোটি টকীয়া পকী দলং নিৰ্মাণৰ কাম-কাজ চলি আছে আৰু সেই কামৰ বাবে চাৰিদিনমানৰ পূৰ্বে গুৱাহাটীৰ পৰা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ 'এম টি বীৰদত্ত' নামৰ জাহাজখন নির্মাণ সামগ্ৰী সৰবৰাহৰ বাবে ঘূনাসুঁতি ঘাটলৈ অনা হয় । কোম্পানীটোৱে জাহাজখন লীজত অনা বুলি জানিব পৰা গৈছে ।

স্মৰ্তব্য যে, 2023 বর্ষতে মুখ্যমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰা সোৱণশিৰি ঘাগৰ ঘূনাসুঁতি ঘাটৰ এই দলংখন নিৰ্মীয়মাণ অৱস্থাত আছে । বৰ্তমান দলংখনৰ মুঠ 41 টা খুঁটাৰ ভিতৰত 4 টা খুঁটাৰহে নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ এটা খুঁটাও এই পর্যন্ত সম্পূৰ্ণ হৈ উঠা নাই ।

দল-সংগঠনৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া:

নির্মাণকাৰ্যৰ আৰম্ভণিতে এনে অঘটন ঘটাত ৰাইজ তথা দল-সংগঠনৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অসম জাতীয়তাবাদী যুৱ পৰিষদে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে ৷ পৰিষদৰ লখিমপুৰ আঞ্চলিকৰ সভাপতি মনোজ কলিতাই দলংখনৰ নিৰ্মাণ কাৰ্যত যাতে কোনো অঘটন নহয় তাৰ বাবে সতৰ্ক হবলৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক সকীয়াই দিয়াৰ লগতে দলংখনৰ নির্মাণকাৰ্যত যাতে নিম্নমানৰ সামগ্ৰী প্ৰয়োগ কৰা নহয় তাৰ বাবে সতৰ্ক হ’বলৈ প্ৰতিষ্ঠানটোক সকীয়নি প্ৰদান কৰিছে ।

লগতে পঢ়ক: মানকাচৰত ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনাত শিশুৰ মৃত্য়ু, সন্ধানহীন দুই - Terrible boat accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.