ETV Bharat / state

মানকাচৰত ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনাত শিশুৰ মৃত্য়ু, সন্ধানহীন দুই - Terrible boat accident

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 11:04 PM IST

Tragic incident in Mankachar
নেপুৰেৰ আলগাত শোকাৱহ ঘটনা

Tragic incident in Mankachar: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ নেপুৰেৰ আলগাত শোকাৱহ ঘটনা । ধুমুহাৰ মাজতেই ব্ৰহ্মপুত্ৰত ডুবিল যাত্ৰীসহ নাও ।

নেপুৰেৰ আলগাত শোকাৱহ ঘটনা

ধুবুৰী ,৩১ মাৰ্চ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ নেপুৰেৰ আলগাত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হয় এক শোকাৱহ নাও দুৰ্ঘটনাত । এই ভয়ংকৰ নাও দুৰ্ঘটনাত এটি শিশুৰ মৃত্য়ু হোৱাৰ লগতে সন্ধানহীন হৈছে আন দুগৰাকী যাত্ৰী । দেওবাৰে সন্ধিয়া ৰাজ্য়ৰ আন ঠাইৰ লগতে হঠাতে অহা প্ৰচণ্ড ধুমুহাই চুই যায় দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ নেপুৰেৰ আলগা অঞ্চলক । এই ধুমুহাৰ কৱলত পৰাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্ত অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটোত এখন যন্ত্ৰচালিত নাও ডুব যায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰচণ্ড ধুমুহাৰ সময়তে দুৰ্ঘটনাত পতিত হয় যন্ত্ৰচালিত যাত্ৰীবাহী নাওখন । নাঁওখনত আছিল মুঠ ১৮ গৰাকীকৈ যাত্ৰী । এটি শিশুক সংকটজনক অৱস্থাত চিকিৎসালয় লৈ নিয়া হয় যদিও শিশুটিৰ মৃত্যু ঘটে । মৃত শিশু সামীন মণ্ডল বুলি জানিব পৰা গৈছে । ইপিনে, দুৰ্ঘটনাৰ ফলত আন দুগৰাকী যাত্ৰী ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ আছে । পৰৱৰ্তী সময়ত উদ্ধাৰ অভিযান চলোৱা হয় যদিও কোনো সন্ধান উলিয়াব পৰা হোৱা নাই । সন্ধানহীন দুজন হৈছে কোবাদ আলী (৫৬) আৰু ইছমাইল হুছেইন নামৰ এটি ৮ বছৰীয়া শিশু ৷

উল্লেখ্য় যে এই প্ৰচণ্ড ধুমুহাৰ মাজতেই যন্ত্ৰচালিত নাওখন হাটশিঙীমাৰীৰ পৰা নেপুৰেআলগা পাৰঘাট লৈ গৈ আছিল । তেনে সময়তে হঠাৎ ধুমুহাৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় নাওখন । ইপিনে, নিশা হোৱা বাবে উদ্ধাৰ কাৰ্য বন্ধ আছে যদিও কাইলৈ পুৱাৰ ভাগৰ পৰা উদ্ধাৰকাৰী বাহিনীয়ে পুণৰ অভিযান আৰম্ভ কৰিব ।

লগতে পঢ়ক:শনিবাৰে কেইবাটাও পথ দুৰ্ঘটনাই জোকাৰি গ’ল ৰাজ্য - Several Road Accidents In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.