ETV Bharat / state

শনিবাৰে কেইবাটাও পথ দুৰ্ঘটনাই জোকাৰি গ’ল ৰাজ্য - Several road accidents in Assam

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 11:02 AM IST

Several road accidents took place in different parts of Assam on Saturday
শনিবাৰে কেইবাটাও পথ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য

Road accidents in Assam : শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় কেইবাটাও পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই কেইবাজনো লোকে । বিশ্বনাথত তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে যুৱকক । আনহাতে কলিয়াবৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে । গুৰুতৰভাৱে আহত কেইবাজনো ।

শনিবাৰে কেইবাটাও পথ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য

বিশ্বনাথ/কলিয়াবৰ, ৩১ মাৰ্চ : শনিবাৰৰ দিনটোত ৰাজ্যৰ কেইবাটাও প্ৰান্তত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা । ইয়াৰে ভিতৰত শনিবাৰে বিয়লি প্ৰায় ৫ বজাত বিশ্বনাথ চাৰিআলিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । তেজপুৰ দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ খুন্দাত নিহত হয় বিশ্বনাথৰ গড়েহাগী গাঁৱৰ পূণ্য শইকীয়া নামৰ এজন সৰবৰহী যুৱকৰ । তীব্ৰ যানজঁটৰ মাজতে ট্ৰেফিক পইণ্টৰ সমীপত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাই চকু সেমেকাই তুলিছে অজস্ৰজনৰ ।

দুৰ্ঘটনাত পতিত হৈ দেহৰ এফাল চিন্নভিন্ন হৈ পৰা সুঠাম যুৱক পুণ্যই নিজে উঠিবলৈ যত্ন কৰাৰ লগতে হাস্পতাললৈ লৈ যাবলৈ কোৱা দৃশ্যই সকলোৰে অন্তৰ সেমেকাই তুলিছে । স্থানীয় লোকে যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ইতিমধ্যে যুৱকজনৰ মৃত্যু বুলি ঘোষণা কৰে চিকিৎসকে । ইফালে বিশ্বনাথ আৰক্ষীৰ যান-বাহন আৰক্ষীৰ দলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ।

আনহাতে কলিয়াবৰত তিনি স্থানত সংঘটিত হয় পথ দুৰ্ঘটনা । কলিয়াবৰৰ কুলিডুঙাত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন কিশোৰ । গুৰুতৰভাৱে আহত হয় আন এজন কিশোৰ । নিহত কিশোটি লাওখোৱা ভূৰবন্ধাৰ বাবলু মণ্ডল আৰু গুৰুতৰভাৱে আহত কিশোৰটি উজ্জ্বল চৰকাৰ বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আহত কিশোৰটিক জখলাবন্ধা মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

স্থানীয় এজন ব্যক্তিৰ পৰা এখন মটৰচাইকেল লৈ তীব্ৰবেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই কুলিডোঙাৰ ৰাজ‍্যিক পথত থকা দলঙৰ ৰেলিঙত প্ৰচণ্ড যোৰত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো । মটৰচাইকেলখনৰ নম্বৰ AS-02-AH-6884 । ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ইফালে শনিবাৰে দুপৰীয়াভাগত কলিয়াবৰত সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা । ডাম্পাৰ আৰু হোন্দা চিটি বাহনৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখৰ ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোন্দা চিটি বাহনখনৰ চালকজন । জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত চালকজনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । দুৰ্ঘটনাগ্ৰস্থ ডাম্পাৰখনৰ নম্বৰ হৈছে AS-05-AC-5327 আৰু হোন্দা চিটি বাহন খনৰ নম্বৰ হৈছে AS-01-BS6828 ।

লগতে পঢ়ক: ডিমা হাছাওত পথ দুৰ্ঘটনাত নিহত দুজন - Road Accident In Dima Hasao

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.