ভোটগ্ৰহণৰ প্ৰকমুহূৰ্তত বিৰোধীয়ে অপপ্ৰচাৰ চলোৱাৰ আশংকা বিজেপি প্ৰাৰ্থীৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 7:00 PM IST

thumbnail
()

নগাঁও,২৫ এপ্ৰিল : ২৬ এপ্ৰিল অৰ্থাৎ কাইলৈ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । অসমৰ ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । কিন্তু তাৰ প্ৰাকক্ষণত নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা চিন্তিত হৈ পৰিছে । নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হৈছে যদিও তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলোৱাৰ আশংকা কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ।

ভোটগ্ৰহণৰ প্ৰাকক্ষণত বিৰোধী ঐক্যমঞ্চই তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ আশংকা কৰিছে সুৰেশ বৰাই । বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত কংগ্ৰেছে অপপ্ৰচাৰ চলাই বিভিন্ন ষড়যন্ত্ৰ কৰিব পাৰে বুলি তেওঁ আশংকা কৰিছে । ভিডিঅ'ৰ জৰিয়তে সাম্প্ৰদায়িক উন্মাদনা বিয়পোৱাব পাৰে বুলিও তেওঁ আশংকা কৰিছে । এই সন্দৰ্ভত আগতীয়াকৈ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্বাচন আয়োগক তেওঁ আহ্বানো জনাইছে । বৃহস্পতিবাৰে সংবাদমেলযোগে বিজেপি প্ৰাৰ্থীগৰাকীয়ে এই কথা উল্লেখ কৰে ।

লগতে পঢ়ক :কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক তীব্ৰ সমালোচনা যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.