মঙলদৈৰ ডাকচকীত নিয়ন্ত্ৰণ হেৰুৱাই চোতালত সোমাল ডাম্পাৰ - Dumper accident

By ETV Bharat Assamese Team

Published : May 4, 2024, 9:42 PM IST

thumbnail
মঙলদৈত দুৰ্ঘটনা (ETV BHARAT ASSAM)

দৰং, ৪ মে': মঙলদৈৰ ডাকচকী ২নং মাজগাঁৱত যোৱা নিশা সংঘটিত হয় এক দুৰ্ঘটনা। মঙলদৈ চহৰৰ সমীপৰ ডাকচকীত নিশা ১.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । মঙলদৈ দিশৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা AS 27 C 8528 নম্বৰৰ এখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ডাকচকীৰ কুমুদ হাজৰিকাৰ ঘৰৰ চোতালত সোমায় যায় । ডাম্পাৰখনে প্ৰথমে এটা বিদ্যুতৰ খুটাত খুন্দা মৰাৰ পিছত এডাল প্ৰকাণ্ড গছত খুন্দিয়ায় । তাৰ পিছতে এই লোকজনৰ ঘৰৰ দেৱালত খুন্দা মাৰি চোতাললৈ সোমায় যায় যদিও সৌভাগ্যবশতঃ পৰিয়ালৰ লোকসকল নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে ।  

ইয়াৰ পিচতেই ধূলা থানাৰ আৰক্ষীয়ে এই ঘটনাৰ বিষয়ে জানিব পাৰি ডাম্পাৰখনৰ চালক, হেণ্ডিমেনক আটক কৰি থানালৈ নিয়ে । উল্লেখ্য় যে এই অঞ্চলটোত ডাম্পাৰৰ অতপালিত অতিষ্ঠ হৈ পৰিছে ৰাইজ । চালকৰ অতপালিৰ পৰা ৰক্ষা পাবলৈ স্থানীয় ৰাইজে আৰক্ষীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক: বালি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত বোৱাৰীৰ মৃত্যুৰ ঘটনা : পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ - Woman Hit By Dumper

দুই ফৈদৰ সংঘাত; ডাম্পাৰৰ খুন্দাত নিহত ৫ জন - Murder In Jhalawar

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.