ETV Bharat / state

বালি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত বোৱাৰীৰ মৃত্যুৰ ঘটনা : পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ - Woman Hit By Dumper

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 5:26 PM IST

WOMAN HIT BY DUMPER
পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ

অবৈধভাৱে বালি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত বোৱাৰীৰ মৃত্যুৰ ঘটনাৰ নতুন মোৰ ৷ পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ ৷ আৰক্ষী বিষয়াৰ তৰল মন্তব্যত ক্ষোভ ৷

ডাম্পাৰৰ খুন্দাত বোৱাৰীৰ মৃত্যুৰ ঘটনাৰ নতুন মোৰ

টীয়ক, 11 এপ্ৰিল : অবৈধ বালি খননৰ বিৰুদ্ধে সৰব হোৱাই কাল হ'ল নেকি মনোৰঞ্জন দুৱৰাৰ ? যাৰ বাবে অবৈধভাৱে বালি কঢ়িওৱা গাড়ীয়ে প্ৰাতঃভ্ৰমণ কৰা দুৱৰাৰ পত্নী মল্লিকা গগৈ দুৱৰাক খুন্দিয়াই মৃত্যুৰ মুখলৈ ঠেলি পঠালে ৷ এই সন্দেহ মনোৰঞ্জন দুৱৰাৰ ৷

উল্লেখযোগ্য যে 9 এপ্ৰিলৰ পুৱা প্ৰাতঃভ্ৰমণ কৰি থকাৰ সময়ত অবৈধভাৱে বালি কঢ়িয়াই নিয়া গাড়ীৰ খুন্দাত নিহত হৈছিল দুৱৰাৰ পত্নী মল্লিকাৰ ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে অবৈধ বালিভৰ্তি ট্ৰাকৰ দৌৰাত্মৰ বিৰুদ্ধে অঞ্চলবাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এই ঘটনাৰ উচিত তদন্ত বিচাৰিছিল ৰাইজে ৷ কিন্তু ৰহস্যজনকভাৱে চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে এই ঘটনাৰ তদন্ত কৰাৰ নামত কৰা কেতবোৰ মন্তব্যই ৰাইজক ক্ষোভিত কৰি তুলিছে ৷

কোনো অজ্ঞাত ব্যক্তিৰে ঘটনাস্থলীৰ পৰা আৰক্ষী বিষয়াগৰাকীয়ে কৰা টেলিফোনিক বাৰ্তালাপত 'এই ঘটনা এক সৰু ঘটনা, পৰিয়ালটো দুখীয়া, মেনেজ কৰিব পৰা যাব' আদি তৰল মন্তব্য প্ৰকাশ কৰাত ৰাইজ উত্তেজিত হৈ পৰে ৷ আৰক্ষী বিষয়াগৰাকীৰ এনে ৰহস্যজনক স্থিতিৰ বিৰুদ্ধে স্থানীয় একাংশ ৰাইজ সমবেত হৈ টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰি এই দুৰ্ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি উপযুক্ত তদন্তৰ দাবী জনায় ৷ লগতে চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷

ইফালে বন বিভাগৰ পৃষ্ঠপোষকতাত আৰু আৰক্ষীৰ সহযোগত নিতৌ চলি থকা অবৈধভাৱে বালি সৰবৰাহ কৰা ডাম্পাৰৰ দৌৰাত্ম নতুন কথা নহয় ৷ নথি-পত্ৰবিহীন বহু ডাম্পাৰ ৰাজপথত অবাধে চলি থকাৰ পাচতো পৰিবহন বিভাগে এইক্ষেত্ৰত চকুমুদা কুলিৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

লগতে পঢ়ক : প্ৰাতঃভ্ৰমণলৈ গৈ উভতি নাহিল চেলেংহাটৰ মল্লিকা - Woman Hit By Dumper

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.