ETV Bharat / state

প্ৰাতঃভ্ৰমণলৈ গৈ উভতি নাহিল চেলেংহাটৰ মল্লিকা - Woman hit by dumper

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 11:46 AM IST

Updated : Apr 9, 2024, 2:24 PM IST

Woman dies after being run over by dumper
প্ৰাতঃভ্ৰমণলৈ গৈ উভতি নাহিল চেলেংহাটৰ মল্লিকা

Woman hit by dumper : মৰিয়নীৰ চেলেংহাটত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰ চালকৰ ৷ থিতাতে মৃত্যু এগৰাকী মহিলাৰ ৷ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ডাম্পাৰখন ৷

প্ৰাতঃভ্ৰমণলৈ গৈ উভতি নাহিল চেলেংহাটৰ মল্লিকা

যোৰহাট, 9 এপ্ৰিল: মঙলবাৰৰ পুৱাই যোৰহাটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । অবৈধভাৱে বালি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত অকালতে প্ৰাণ হেৰুৱালে প্ৰাতঃভ্ৰমণলৈ অহা এগৰাকী মহিলাই । অবৈধভাৱে বালি কঢ়িওৱা ডাম্পাৰে প্ৰাণ কঢ়া মহিলাগৰাকী চেলেংহাটৰ মল্লিকা গগৈ দুৱৰা বুলি জানিব পৰা গৈছে ।

উক্ত ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অবৈধ বালি কঢ়িওৱা ডাম্পাৰখন ৷ ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাচতে চেলেংহাট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ডাম্পাৰখন ৷ ডাম্পাৰখন শ্যামন্ত গগৈ নামৰ বালি ব্যৱসায়ীজনৰ বুলি জানিব পৰা গৈছে ।

ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ পঞ্জীয়ন নম্বৰ AS 04-BC-6286 । ঘটনাৰ পিছতেই স্থানীয় লোকে ততাতৈয়াকৈ মহিলাগৰাকীক চিকিৎসাৰ বাবে আমগুৰি সামূহিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

উল্লেখ কৰা প্ৰয়োজন যে, চেলেংহাট-টেঙাবাৰী অঞ্চলত দীৰ্ঘদিনৰ পৰা অবৈধভাবে বালিৰ সৰবৰাহ চলি আহিছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । এইক্ষেত্ৰত আৰক্ষী আৰু বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি অভিযোগ স্থানীয় লোকৰ ।

লক্ষণীয় বিষয় যে, অবৈধ বালি কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে বনবিভাগ আৰু পৰিবহণ বিভাগক ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও বাস্তৱত ইয়াৰ সোপাঢিলা স্বৰূপ দেখিবলৈ পোৱা গ’ল । যাৰ ফলত এনেধৰণৰ শোকাৱহ ঘটনাবোৰ ক্ৰমবৰ্ধিত হাৰত বৃদ্ধি পাবলৈ ধৰিছে ।

সমান্তৰালভাৱে, এই ঘটনা পোহৰলৈ অহাৰ পাচতে কাৰ আৰ্শীবাদত জিলাখনত অবৈধভাৱে বালি সৰবৰাহ চলি আছে বুলিও সচেতন লোকৰ মনত প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক: নলবাৰীত তীব্ৰবেগী বাছৰ খুন্দাত নিহত এক, আহত চাৰি - Nalbari Road Accident

Last Updated :Apr 9, 2024, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.