মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিৰে প্ৰলোভিত কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বিচাৰিছে: দেৱব্ৰত শইকীয়া - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:55 PM IST

thumbnail
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV BHARAT ASSAM)

মাণিকপুৰ, ৪ মে’ : তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ দুটা দিন । প্ৰত্যকটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত । আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৰ্জন মুছাহাৰীৰ সমৰ্থনত সোনাইকোলাত নিৰ্বাচনী প্ৰচাৰ চলালে জ্য়েষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । জ্য়েষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা দিয়ে । তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক নানা আঁচনিৰে প্ৰলোভিত কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বিচাৰিছে ।

জ্য়েষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ কয় যে নিৰ্বাচনী নীতি -নিয়ম উলংঘা কৰি সাধাৰণ জনতাক অৰুণোদয় দিয়াৰ নামত দলীয় প্ৰতীক থকা ফৰ্ম ব্যৱহাৰ কৰি ভোট আদায়ৰ চেষ্টা কৰি আছে । বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছে কিয় প্ৰাৰ্থী দিলে বুলি সাংবাদিকৰ উত্তৰত তেওঁ কয়," এই বিষয়ে আমাৰ সভাপতিয়ে উত্তৰ দিছে মই আৰু একো নকওঁ । আমি কোকৰাঝাৰ সমষ্টিত এইবাৰ পোন প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো । ৰাইজে আমাক আস্থাত লৈছে আৰু আমি জিকিমেই তাৰ প্ৰমান আজিৰ জনসভাতে পোৱা গৈছে ।"

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.