ETV Bharat / state

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক তীব্ৰ সমালোচনা যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 11:47 AM IST

Etv BharatJorhat district BJP president Hemanta Kalita slams Congress for their election manifesto
কংগ্ৰেছৰ নিৰ্বাচনী নিৰ্বাচনী ইস্তাহাৰক তীব্ৰ সমালোচনা যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ

Congress's election manifesto: কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ । সংবাদমেলযোগে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ কথা উল্লেখ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা সভাপতিগৰাকীৰ । তপন গগৈ বিপুল ভোটত জয়ী হ'ব বুলিও দাবী কৰে হেমন্ত কলিতাই ।

কংগ্ৰেছৰ নিৰ্বাচনী নিৰ্বাচনী ইস্তাহাৰক তীব্ৰ সমালোচনা যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ

যোৰহাট,২৫ এপ্ৰিল: "দীৰ্ঘদিন ধৰি দেশৰ শাসনৰ দায়িত্বত থাকিও, দেশক একো দিব নোৱাৰাৰ বিপৰীতে সাম্ৰাজ্যবাদী চেতনাৰে লুণ্ঠন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে কংগ্ৰেছে । কংগ্ৰেছ, মিত্ৰজোঁটৰ চকু কেৱল সৰ্বসাধাৰণ ৰাইজৰ ওপৰত । দেশ জাতিৰ স্বাৰ্থৰ বিপৰীতে তেওঁলোকে কাম কৰিবলৈ আগবাঢ়ি আহিছে । এই সকলো খিনি দেখা পোৱা গৈছে কংগ্ৰেছ দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত । কংগ্ৰেছৰ এই জন বিৰোধী চিন্তাক ৰাইজে প্ৰতিহত কৰিব আৰু কংগ্ৰেছৰ এই চিন্তাধাৰাক বিজেপিয়ে নস্যাৎ কৰে । ইয়াৰ বিপৰীতে কিন্তু বিজেপি দলে সকলোৰে সম বিকাশ, সম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ।" সংবাদমেলযোগে এই মন্তব্য যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ ।

বুধবাৰে যোৰহাটৰ বিজেপি যোৰহাট নগৰ মণ্ডলৰ কাৰ্যালয়ত যোৰহাট জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা এক সংবাদমেলত তেওঁ লগতে কয় যে, সৰ্বসাধাৰণ ৰাইজৰ লুণ্ঠন কৰা কংগ্ৰেছৰ দলৰ চৰিত্ৰ ১৯৬৩ বর্ষৰ পৰাই প্ৰকাশ পাই আহিছে । কংগ্ৰেছ দলে ৰাইজৰ উপাৰ্জনক বাজেয়াপ্ত কৰি শাসন কৰিব বিচাৰে। ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব বিচাৰে আৰু ইয়াৰ বৃহৎ প্ৰতিফলন ঘটিছিল ১৯৭৪ বৰ্ষৰ পৰাই । তেতিয়াই কংগ্ৰেছ চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ ওপৰত ১৮ শতাংশ কৰ জাপি দিছিল আৰু সেই কৰৰ ধন নিজা হাতলৈ নিয়াৰ চেষ্টা কৰিছিল ।

দেশত ইন্দিৰা গান্ধীৰ চৰকাৰ থাকোঁতেও ৰাইজৰ সম্পত্তিৰ ওপৰত কৰ আৰোপ কৰিছিল আৰু কংগ্ৰেছৰ এই নীতি পুনৰ প্ৰতিফলিত হৈছে কংগ্ৰেছৰ এতিয়াৰ নিৰ্বাচনী ইস্তাহাৰত । কিন্তু ইয়াৰ বিপৰীতে বিজেপিয়ে সকলোৰে সম বিকাশ বিচাৰে । সংবাদমেলত জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই লগতে কয় যে, ৬০ দশকৰ পৰা কংগ্ৰেছে তুষ্টিকৰণৰ ৰাজনীতিৰে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা কৰিছে । কিন্তু ২০১৪ বর্ষৰ পৰাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নয়ন, বিকাশৰ এজেণ্ডা প্ৰকাশ কৰিলে আৰু তাৰ পাছৰ পৰা কংগ্ৰেছ দলে কেৱল পৰাজিত হৈ আহিছে ।

এতিয়া কংগ্ৰেছ দলে পুনৰ এবাৰ তুষ্টিকৰণৰ নীতিৰ আধাৰত আগবাঢ়ি যাব বিচাৰিছে । কংগ্ৰেছৰ চকু এইবাৰ ৰাইজৰ সম্পত্তিৰ ওপৰত পৰিছে আৰু ৰাইজৰ কষ্ট আৰ্জিত উপাৰ্জনৰ তদন্ত কৰিব বিচাৰিছে আৰু কংগ্ৰেছ চৰকাৰে সেই সম্পত্তি বাজেয়াপ্ত কৰি ৰাইজৰ মাজত বিতৰণ কৰিব । তদুপৰি কংগ্ৰেছৰ চকু ৰাইজৰ ঘৰত থকা সোণৰ ওপৰতো পৰিছে বুলি উল্লেখ কৰে । যিক্ষেত্ৰত আইনে সকলোকে অধিকাৰ দি থৈছে ।

লগতে কংগ্ৰেছ দলে ইস্তাহাৰত কৈছে যে, এক অঞ্চলত যিমান জনসংখ্য সিমান অধিকাৰ প্ৰদান কৰিব । কিন্তু যদি এইয়া হয় তেন্তে দেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ বিকাশ কিদৰে সম্ভৱ ? ইয়াৰ জৰিয়তে কংগ্ৰেছ দলে সকলোৰে মাজত বিভ্ৰান্তি সৃষ্টি কৰি বিচাৰিছে আৰু এইয়া কংগ্ৰেছৰ অপ্ৰগতিশীল মানসিকতা তেওঁ উল্লেখ কৰে ।

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ বাবে হৈ যোৱা নিৰ্বাচন সন্দৰ্ভত জিলা সভাপতি হেমন্ত কলিতাই কয় যে, যোৰহাট সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ ডেৰ লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হ'ব আৰু যোৰহাটৰ প্ৰত্যেকতো বিধানসভা সমষ্টিত তেওঁ বহু সংখ্যক ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিব । যোৰহাট বিধানসভা সমষ্টিত আগৰ বাৰেই ব্যৱধান আছিল ৪৫ হাজাৰ আৰু সেইয়া এইবাৰ আৰু অধিক বৃদ্ধি হ'ব বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক: দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ৫ টা সমষ্টিৰ জনগাঁথনিগত বিশ্লেষণ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.