চিটি বাছলৈ ৰৈ ৰৈ ভাগৰি পৰিছে গুৱাহাটীৰ যাত্ৰী: গোটেই বাছ লৈ গ’ল নিৰ্বাচনৰ বাবে - City Bus crisis in Guwahati

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 7:30 PM IST

thumbnail
()

গুৱাহাটী, ২৫ এপ্ৰিল : হঠাৎ মহানগৰীৰ পৰা ক’লৈ গ’ল চিটি বাছবোৰ ? মহানগৰীৰ ৰাজপথত প্ৰতিদিনে চলা ৫০০ তকৈ অধিক চিটি বাছ ৰাজপথৰ পৰা অন্তৰ্ধান হৈছে । চিটি বাছৰ সমান্তৰালভাৱে মহানগৰীৰ বিভিন্ন স্থানত চলা মেজিককে ধৰি অন্য বাহনবোৰো অন্তৰ্ধান হৈ পৰিছে । যাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৰাইজ ।

বিশেষকৈ পুৱাৰ ভাগত নিজ নিজ কাৰ্যালয়লৈ যোৱা লোকসকল যথেষ্ট সন্মুখীন হৈছে  ।  মহানগৰীৰ পৰা চিটি বাছবোৰ অন্তৰ্ধান হোৱাৰ সুযোগ লৈ একাংশ অটো চালক, ৰিক্সা, ই-ৰিক্সা চালক আৰু মেজিক চালকে দুগুণ ভাড়া লোৱাৰ অভিযোগ উঠিছে । দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত কেইটামান ঘন্টা বাকী থকাৰ সময়তে সকলো ৰাজনৈতিক নেতা-দলে নিজৰ নিজৰ কৌশলেৰে প্ৰথম পৰ্যায়ৰ অন্তিম নিৰ্বাচনী প্ৰচাৰ সামৰণি মাৰিছে ।

মহানগৰীৰ ৰাজপথত চলা ৫০০ তকৈ অধিক চিটি বাছৰ একাংশ বাছি নিৰ্বাচনৰ বাবে এমাহ পূৰ্বে নাগালেণ্ডৰ বাবে অধিগ্ৰহণ কৰিছে, একাংশ মণিপুৰ , মেঘালয়ৰ বাবে অধিগ্ৰহণ কৰিছে । তাৰ উপৰিও যিখিনি বাছ মহানগৰীৰ ৰাজপথত চলি আছিল সেই গোটেইখিনি চিটি বাছৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত চলা মেজিকবোৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সভাৰ বাবে অধিগ্ৰহণ কৰা বুলি একাংশই জানিবলৈ দিছে ।

শুকুৰবাৰে অনুস্থিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । নামনি অসমৰ কেবাটাও সমষ্টিৰ লগতে পাহাৰীয়া জিলাত অনুস্থিত হ’ব নিৰ্বাচন । সেয়েহে এতিয়া সেই সমষ্টিৰ জনতাই ভোট দিবলৈ ঘৰলৈ যাবলৈ ওলাই আহিছিল । কিন্তু বাছৰ অভাৱত ঘৰলৈ যাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক: ভাল দিনৰ নামত বিজেপিয়ে সকলোকে ভেড়া সজালে: দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.