ETV Bharat / entertainment

সপৰিয়ালে ছবিগৃহত আজিয়ে উপভোগ কৰক ‘প্ৰতিশ্ৰুতি’ - pratisruti assamese movie

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 10:38 AM IST

Assamese film on drugs addiction : মধুৰ চিনে আৰ্টৰ বেনাৰত শুকুৰবাৰে ছবিগৃহত মুক্তি পালে এখন নতুন অসমীয়া ছবি ‘প্ৰতিশ্ৰুতি’ । অসমৰ লগতে দিল্লী, বেংগালুৰুকে ধৰি বহিঃৰাজ্যৰ ৫৫ টা ছবি গৃহত মুক্তি দিয়া হৈছে ছবিখন ।

new assamese film pratisruti to be released today across and outside assam
আজি শুভ মুক্তি (etv bharat assam)

গুৱাহাটী, 24 মে’ : ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগটোত সংযোজন আন এখন নতুন অসমীয়া কথাছবি ‘প্ৰতিশ্ৰুতি’ । ড্ৰাগছমুক্ত অসম গঢ়াৰ উদ্দেশ্যেৰে শুকুৰবাৰে ৰাজ্যৰ প্ৰায় কেইটা ছবিগৃহতে মুক্তি লাভ কৰিছে এখন নতুন অসমীয়া ছবি প্ৰতিশ্ৰুতিৱে । বৃহস্পতিবাৰে গুৱাহাটীৰ মেট্ৰিক্স চিনেমাগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ ।

প্ৰতিশ্ৰুতিৰ প্ৰিমিয়াৰ শ্ব’ (etv bharat assam)

প্ৰিমিয়াৰ শ্ব’ত উপস্থিত থাকে ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়া ৰাণাপ্ৰতাপ কলিতা, আৰক্ষীৰ মহাপৰিদৰ্শক (এছ টি এফ) পাৰ্থ সাৰথি মহন্তৰ উপৰিও আন কেবাজনো গণ্যমান্য ব্যক্তি । মধুৰ চিনে আৰ্টৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা কিশোৰ তহবিলদাৰৰ, প্ৰযোজনা ৰাতুল চন্দ্ৰ বৰুৱাৰ ।

প্ৰতিশ্ৰুতিৰ চিত্ৰগ্ৰহণ কৰিছে সূৰুয ডেকা, সুমন দুৱৰা আৰু উত্তম কলিতাই ৷ ছবিখনৰ মুখ্য সহকাৰী পৰিচালক সমৰ জ্যোতি সৰকাৰ ৷ ছবিখনৰ চিত্ৰনাট্য - সংলাপ যুটীয়াভাৱে লিখিছে কিশোৰ তহবিলদাৰ আৰু ৰাতুল বৰুৱাই ৷ ইফালে ছবিখনত অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্ৰৱৰ্তী, প্লাৱিতা বৰঠাকুৰ, সিদ্বাৰ্থ কাশ্যপ, ৰূপম বৰুৱা, গীতাৱলী ৰাজকুমাৰী, স্নিগ্ধা ৰাণী বৰুৱা, শিৱৰঞ্জনী বৰুৱা, প্ৰিয়ানুজ বৰুৱা আদিয়ে ৷ অতিথি শিল্পী হিচাপে অভিনয় কৰিছে জুবিন গাৰ্গে ৷

লগতে পঢ়ক : ড্ৰাগছৰ ভয়াৱহতাক লৈ আমিও চিন্তিত, আলফা (স্বা)ও চিন্তিত: কিশোৰ তহবিলদাৰ - New Assamese Film

ছবিখনৰ গীত লিখিছে দিগন্ত ভাৰতী আৰু আমৃনা জেৰিয়ানাই ৷ সংগীত ব্যৱস্থাপনা মানস হাজৰিকাৰ ৷ প্ৰযোজনা নিয়ন্ত্ৰক হৈছে সমীৰ শইকীয়া ৷ ৰূপসজ্জা আৰু সাজসজ্জাত আছে মন্দিতা গোস্বামী ৷ ছবিখনৰ সম্পাদনা ৰমেন বৰাৰ ৷ ভি এফ এক্স ৰাতুল দত্তৰ৷ কলা নিৰ্দেশনাত আছে শ্যামল ময়ূৰ চেতিয়া আৰু চামিল ৷ আৱহ সংগীতৰ কাম কৰিছে সপোন শইকীয়াই ৷ শব্দ সংমিশ্ৰণত আছে সৌভিক ফুকন আৰু নৱপন ডেকা ৷

এৰিয়েল চিনেমাটোগ্ৰাফী কৰিছে চিৰঞ্জীৱ দত্তই ৷ সমৰকলা নিৰ্দেশক হৈছে বিভাস সিংহ ৷ ছবিখনৰ সংগীত পৰিচালক হিচাপে আছে ৰাতুল বৰুৱা,পলাশ সূৰ্য গগৈ, পৰাণ বৰকটকী, ত্ৰিনয়ন বৰুৱা, আমৃনা জেৰিয়ানা ৷ ছবিখনৰ গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ, ৰূপম ভূঞা, ত্ৰিনয়ন বৰুৱা আৰু স্কটলেণ্ডৰ শিল্পী অৰিয়ানা চেটজে ৷ কৰিঅ’গ্ৰাফী কৰিছে হিমানীল কাশ্যপ আৰু ৰাজ দত্তই ৷ প’ষ্টাৰ ডিজাইন কৰিছে দীপাংকৰ চহৰীয়াই ৷

উল্লেখ্য যে, অসমৰ লগতে দিল্লী, বাংগালুৰুকে ধৰি ৰাজ্যৰ ৫৫ টা ছবিগৃহত মুক্তি দিয়া হৈছে ছবিখন । ছবিখনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰিব বুলি আশাবাদী নিৰ্মাতাৰ উপৰিও কলা-কুশলীসকল ।

লগতে পঢ়ক : সঁচাকৈয়ে নৱ-প্ৰজন্মৰ নাই নেকি প্ৰকৃতিৰ লগত সম্পৰ্ক ? - assamese film on drugs addiction

২০২৪-২৫ নাটবর্ষৰ বাবে কেনেদৰে সাজু প্ৰস্তুতি পৰাশৰ ? ই টিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ - Interview With Prastuti Porasor

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.