ETV Bharat / entertainment

সঁচাকৈয়ে নৱ-প্ৰজন্মৰ নাই নেকি প্ৰকৃতিৰ লগত সম্পৰ্ক ? - assamese film on drugs addiction

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 5:12 PM IST

Updated : May 24, 2024, 10:01 AM IST

Assamese film on drugs addiction : জীৱনৰ ধনাত্নক দিশৰ পৰা আঁতৰি অহা নৱ-প্ৰজন্ম বৰ্তমান যুগত বেছিকৈ ঢাল খাইছে ড্ৰাগছৰ দৰে মহামাৰীৰ প্ৰতি ৷ ই জানো সমাজৰ বাবে শুভ লক্ষণ ? এনেধৰণৰ কাহিনীৰে আহি আছে "প্ৰতিশ্ৰুতি" ৷

a new assamese film based on drugs addiction of youths to to be released on 24 th may across and outside assam
সংবাদমেল (etv bharat assam)

গুৱাহাটী, 23 মে’ : শুকুৰবাৰে মুক্তি পাব এখন নতুন অসমীয়া ছবি ৷ সংবেদনশীল বিষয়বস্তুৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ মধুৰ চিনে আৰ্টৰ বেনাৰত শুকুৰবাৰ, অৰ্থাৎ ২৪ মে’ত ছবিগৃহলৈ আহিব "প্ৰতিশ্ৰুতি" শীৰ্ষক এখন নতুন অসমীয়া ছবি । ছবিখনৰ কলা-কুশলী আৰু প্ৰযোজক-পৰিচালকে বুধবাৰে ছবিখনৰ সন্দৰ্ভত এখনি সংবাদমেলৰ আয়োজন কৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৷ সংবাদমেলত প্ৰযোজকে জানিবলৈ দিয়া অনুসৰি বাস্তৱ জীৱনৰ কাহিনীৰ সৈতে সাঙোৰ খাই আছে ছবিখন ৷ দৰ্শকে একাত্ম হ’ব পাৰিব ছবিখন চাই ৷ ছবিখনৰ বিষয়বস্তু নৱ-প্ৰজন্মৰ ড্ৰাগছ আসক্তি ৷

লগতে পঢ়ক : বলীউডৰ জনপ্ৰিয় গায়ক শ্বানৰ কণ্ঠত প্ৰাণ পাব সুন্দৰপুৰ কেঅ'ছ'ই - new assamese film sundarpur chaos

ড্ৰাগছৰ ব্যৱহাৰৰ ফলত সমাজত পৰা কু-প্ৰভাৱৰ কাহিনী লৈ নিৰ্মাণ কৰা হৈছে এই নতুন অসমীয়া ছবিখন ৷ শুকুৰবাৰে ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ প্ৰায় ৫৫ টা ছবিগৃহত মুক্তি লাভ কৰিব এই ছবিখনে । ছবিখনৰ পৰিচালনা কিশোৰ তহবিলদাৰৰ আৰু প্ৰযোজনা কৰিছে ৰাতুল বৰুৱাই । ছবিখনৰ কাহিনী ৰাতুল বৰুৱাৰ লগতে চিত্ৰনাট্য তথা সংলাপৰ দায়িত্বত আছে কিশোৰ তহবিলদাৰ আৰু ৰাতুল বৰুৱা । সহকাৰী পৰিচালনাৰ দায়িত্ব আছে সমৰ জ্যোতি চৰকাৰ । দৃশ্যগ্ৰহণ সুৰুয ডেকা আৰু সুমন দুৱৰাৰ । আনহাতে, চিত্ৰগ্ৰহণ কৰিছে হিমানীল কাশ্যপ আৰু ৰাজ দত্তই ৷

ছবিখনত অভিনয় কৰিছে সিদ্ধার্থ কাশ্যপ, প্ৰস্তুতি পৰাশৰ, প্লাবিতা বৰঠাকুৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্ৰৱৰ্তী, গীতাৱলী ৰাজকুমাৰী আদিকে ধৰি বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে । প্ৰস্তুতি পৰাশৰে ছবিখনৰ গীতকেইটাৰ কথা উল্লেখ কৰি কয় যে, যথেষ্ট অৰ্থৱহ গীতকেইটাই দৰ্শক আৰু শ্ৰোতাক নিশ্চয়কৈ আকৰ্ষণ কৰিব ৷ গীতকেইটাত কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ উপৰিও ৰূপম ভূঞা, ত্ৰিনয়ন বৰুৱা আৰু স্কটলেণ্ডৰ অৰিয়ানা চেটজে । যোৰহাট,মাজুলী আৰু গুৱাহাটীত কৰা হৈছে ছবিখনৰ চিত্ৰগ্ৰহণ । ২৪ মে’ত দৰ্শকক ছবিগৃহলৈ আহি ছবিখন উপভোগ কৰিবলৈ আহ্বান ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকলৰ ৷

লগতে পঢ়ক : ছাচপেন্স-থ্ৰিলাৰ-একশ্যন সহিতে শ্বাসৰুদ্ধ কৰিব ৰুদ্ৰই - NEW ASSAMESE FILM RUDRA

Last Updated : May 24, 2024, 10:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.