ETV Bharat / entertainment

সঁচাকৈয়ে নৱ-প্ৰজন্মৰ নাই নেকি প্ৰকৃতিৰ লগত সম্পৰ্ক ? - assamese film on drugs addiction

Assamese film on drugs addiction : জীৱনৰ ধনাত্নক দিশৰ পৰা আঁতৰি অহা নৱ-প্ৰজন্ম বৰ্তমান যুগত বেছিকৈ ঢাল খাইছে ড্ৰাগছৰ দৰে মহামাৰীৰ প্ৰতি ৷ ই জানো সমাজৰ বাবে শুভ লক্ষণ ? এনেধৰণৰ কাহিনীৰে আহি আছে "প্ৰতিশ্ৰুতি" ৷

a new assamese film based on drugs addiction of youths to to be released on 24 th may across and outside assam
সংবাদমেল (etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2024 at 5:12 PM IST

|

Updated : May 24, 2024 at 10:01 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 23 মে’ : শুকুৰবাৰে মুক্তি পাব এখন নতুন অসমীয়া ছবি ৷ সংবেদনশীল বিষয়বস্তুৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ মধুৰ চিনে আৰ্টৰ বেনাৰত শুকুৰবাৰ, অৰ্থাৎ ২৪ মে’ত ছবিগৃহলৈ আহিব "প্ৰতিশ্ৰুতি" শীৰ্ষক এখন নতুন অসমীয়া ছবি । ছবিখনৰ কলা-কুশলী আৰু প্ৰযোজক-পৰিচালকে বুধবাৰে ছবিখনৰ সন্দৰ্ভত এখনি সংবাদমেলৰ আয়োজন কৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৷ সংবাদমেলত প্ৰযোজকে জানিবলৈ দিয়া অনুসৰি বাস্তৱ জীৱনৰ কাহিনীৰ সৈতে সাঙোৰ খাই আছে ছবিখন ৷ দৰ্শকে একাত্ম হ’ব পাৰিব ছবিখন চাই ৷ ছবিখনৰ বিষয়বস্তু নৱ-প্ৰজন্মৰ ড্ৰাগছ আসক্তি ৷

লগতে পঢ়ক : বলীউডৰ জনপ্ৰিয় গায়ক শ্বানৰ কণ্ঠত প্ৰাণ পাব সুন্দৰপুৰ কেঅ'ছ'ই - new assamese film sundarpur chaos

ড্ৰাগছৰ ব্যৱহাৰৰ ফলত সমাজত পৰা কু-প্ৰভাৱৰ কাহিনী লৈ নিৰ্মাণ কৰা হৈছে এই নতুন অসমীয়া ছবিখন ৷ শুকুৰবাৰে ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ প্ৰায় ৫৫ টা ছবিগৃহত মুক্তি লাভ কৰিব এই ছবিখনে । ছবিখনৰ পৰিচালনা কিশোৰ তহবিলদাৰৰ আৰু প্ৰযোজনা কৰিছে ৰাতুল বৰুৱাই । ছবিখনৰ কাহিনী ৰাতুল বৰুৱাৰ লগতে চিত্ৰনাট্য তথা সংলাপৰ দায়িত্বত আছে কিশোৰ তহবিলদাৰ আৰু ৰাতুল বৰুৱা । সহকাৰী পৰিচালনাৰ দায়িত্ব আছে সমৰ জ্যোতি চৰকাৰ । দৃশ্যগ্ৰহণ সুৰুয ডেকা আৰু সুমন দুৱৰাৰ । আনহাতে, চিত্ৰগ্ৰহণ কৰিছে হিমানীল কাশ্যপ আৰু ৰাজ দত্তই ৷

ছবিখনত অভিনয় কৰিছে সিদ্ধার্থ কাশ্যপ, প্ৰস্তুতি পৰাশৰ, প্লাবিতা বৰঠাকুৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্ৰৱৰ্তী, গীতাৱলী ৰাজকুমাৰী আদিকে ধৰি বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে । প্ৰস্তুতি পৰাশৰে ছবিখনৰ গীতকেইটাৰ কথা উল্লেখ কৰি কয় যে, যথেষ্ট অৰ্থৱহ গীতকেইটাই দৰ্শক আৰু শ্ৰোতাক নিশ্চয়কৈ আকৰ্ষণ কৰিব ৷ গীতকেইটাত কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ উপৰিও ৰূপম ভূঞা, ত্ৰিনয়ন বৰুৱা আৰু স্কটলেণ্ডৰ অৰিয়ানা চেটজে । যোৰহাট,মাজুলী আৰু গুৱাহাটীত কৰা হৈছে ছবিখনৰ চিত্ৰগ্ৰহণ । ২৪ মে’ত দৰ্শকক ছবিগৃহলৈ আহি ছবিখন উপভোগ কৰিবলৈ আহ্বান ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকলৰ ৷

লগতে পঢ়ক : ছাচপেন্স-থ্ৰিলাৰ-একশ্যন সহিতে শ্বাসৰুদ্ধ কৰিব ৰুদ্ৰই - NEW ASSAMESE FILM RUDRA

Last Updated : May 24, 2024 at 10:01 AM IST