ETV Bharat / entertainment

২০২৪-২৫ নাটবর্ষৰ বাবে কেনেদৰে সাজু প্ৰস্তুতি পৰাশৰ ? ই টিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ - Interview With Prastuti Porasor

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 6:28 PM IST

Interview With Prastuti Porasor: আৰক্ষীৰ খাকী পোছাকযোৰ কিয় ভাল পাই প্ৰস্তুতি পৰাশৰে ? ২০২৪-২৫ নাটবর্ষৰ বাবে কেনেদৰে সাজু হৈছে অভিনেত্ৰীগৰাকী ? নতুন অসমীয়া ছবি 'প্ৰতিশ্ৰুতি' সম্পৰ্কে কি ক'লে অভিনেত্ৰীগৰাকীয়ে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Interview With Prastuti Porasor
ই টিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

গুৱাহাটী,২৩ মে': অসমীয়া সাংস্কৃতিক জগতৰ এগৰাকী জনপ্রিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ । নামেই যাৰ পৰিচয় । কেৱল অসমীয়া ছবিয়ে নহয়, ভ্ৰাম্যমাণ জগতখনতো আছে তেওঁৰ অগাধ দখল । বহুকেইখন জনপ্ৰিয় অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে তেওঁ । কেৱল অসমীয়া ছবিয়েই নহয় বহুকেইখন ধাৰাবাহিকতো তেওঁ অভিনয় কৰি অসমৰ অভিনয় জগতখনত দখল কৰিবলৈ সক্ষম হৈছে এক সুকীয়া স্থান ।

ই টিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

প্ৰায় তিনিটা বৰ্ষৰ বিৰতিৰ অন্তত ২৪ মে' ত ছবিগৃহলৈ আহিব প্ৰস্তুতি পৰাশৰ অভিনীত এখন ছবি 'প্ৰতিশ্ৰুতি' । ছবিখন সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়, "'প্ৰতিশ্ৰুতি' এখন খুব সংবেদনশীল বিষয়বস্তুক লৈ নিৰ্মাণ কৰা ছবি । বৰ্তমান সময়ত ড্ৰাগছৰ সমস্যা ভয়াবহভাৱে বৃদ্ধি পাইছে । ড্ৰাগছমুক্ত অসম গঢ়াৰ উদেশ্যৰে, ইয়াক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । ড্ৰাগছৰ ওপৰত পূৰ্বেও ছবি নিৰ্মাণ হৈছে যদিও এই ছবিখনত কোনো কোনো স্থানত এনে কিছু দিশ দেখুওৱা হৈছে যিয়ে প্ৰতিগৰাকী পিতৃ-মাতৃক চিন্তা কৰাবলৈ বাধ্য কৰাব ।"

লগতে তেওঁ কয়, "অতি সাধাৰণ কাহিনী এটাক খুব সুন্দৰকৈ ছবিখনত উপস্থাপন কৰা হৈছে । ছবিখনত মই এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছো । আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰি আচলতে মই খুব ভাল পাওঁ । খাকী পোছাকযোৰ আচলতে মোৰ খুব ভাল লাগে । নাটকত বহুবাৰ আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছো যদিও ছবিত প্ৰথমবাৰৰ বাবে আৰক্ষী বিষয়াৰ চৰিত্ৰত অসমৰ ৰাইজে দেখিবলৈ পাব ।" লগতে ছবিখন অসমবাসী ৰাইজক উপভোগ কৰিবলৈ আহ্বান জনাই ভ্ৰাম্যমাণৰ মহাৰাণী প্ৰস্তুতি পৰাশৰে ।

উল্লেখ্য যে অসমৰ ভ্ৰাম্যমাণ জগতৰ একমাত্ৰ মহিলা প্ৰযোজক হিচাপে বিবেচিত অভিনেত্ৰীগৰাকীয়ে বিগত বৰ্ষসমূহত বহু সুন্দৰ সুন্দৰ নাট অসমবাসীলৈ আগবঢ়াই আহিছে । ২০২৩-২৪ ৰ নাট্যবর্ষত তিনিখন ব্যতিক্ৰমী নাটকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰ সাজু হৈছে অহাটো নাট্যবৰ্ষৰ বাবে । এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়,"এই বর্ষতো আমি তিনিখন ব্যতিক্ৰমী নাটেৰে সাজু হৈছো । নাট তিনিখন হৈছে অভিজিৎ ভট্টাচাৰ্যৰ 'মইনা কুশলে আছনে?', 'মেডাম মেনকা', 'লেডী মেকবেথ'।"

প্ৰস্তুতি পৰাশৰে অভিনয় কৰা প্ৰথমখন অসমীয়া ছবি হৈছে 'মহাৰথী'। ৫ বছৰ বয়সতে এখন নাটকৰ জৰিয়তে অভিনয় জগতত খোজ পেলোৱা অভিনেত্ৰীগৰাকী বৰ্তমান এগৰাকী সফল মাতৃ । নিজ কন্যা হিয়াৰ প্ৰসংগত তেওঁ কয়, "হিয়া লাহে লাহে ডাঙৰ হৈ আহিছে । সিহঁতৰ চিন্তাধাৰাবোৰ আমাতকৈ কিছু পৃথক । তাইৰ ছবিৰ প্ৰতি যথেষ্ট অনুৰাগ আছে । বাহিৰৰে হওক বা বিভিন্ন ভাষাৰে হওক বহু ছবি তাই চায় । তাই মোৰ আটাইতকৈ ডাঙৰ সমালোচক । সেয়ে মই তাইক কৈছিলো মোক তই এটা কাহিনী দিবি, তেতিয়া মই এখন ছবি বনাম ।" অসমীয়া সাংস্কৃতিক জগতৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে লগতে ক'লে আৰু বহু মনৰ কথা ।

লগতে পঢ়ক: প্ৰেছ বিবৃতিযোগে অসমীয়া ছবি "প্ৰতিশ্ৰুতি" উপভোগ কৰিবলৈ আহ্বান আলফা(স্বা) ৰ - Pratishruti

ভ্ৰাম্যমাণ নাট্যবর্ষ ২০২৪-২৫ : কোনটো নাট্যদলত থাকিব আপোনাৰ প্ৰিয় অভিনেতা-অভিনেত্ৰী ? - Assam Mobile Theatre

Maharani Festival At Ganeshguri: গণেশগুৰিত মহাৰাণী উৎসৱ উদযাপন প্ৰস্তুতি পৰাশৰ ফেন ক্লাৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.