ETV Bharat / entertainment

ভ্ৰাম্যমাণ নাট্যবর্ষ ২০২৪-২৫ : কোনটো নাট্যদলত থাকিব আপোনাৰ প্ৰিয় অভিনেতা-অভিনেত্ৰী ? - Assam Mobile Theatre

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 4:10 PM IST

Assam Mobile Theatre
ভ্ৰাম্যমাণ নাট্যবর্ষ ২০২৪-২৫

Assam Mobile Theatre : ২০২৪-২৫ৰ নাট্যবর্ষৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰতিটো আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী ৷ ব্যয়বহুল আয়োজনেৰে থিয়েটাৰ গোষ্ঠীসমূহেও অভিনেতা-অভিনেত্ৰীসকলক চুক্তিৱদ্ধ কৰাৰ লগতে সংযোজিত কৰিছে একোখন নাটক ৷ উক্ত প্ৰতিবেদনৰ জৰিয়তে চাওক এই তালিকা-

গুৱাহাটী, 1 মে’: ২০২৩–২৪ বৰ্ষৰ ভ্ৰাম্যমাণ নাট্যদল সমূহৰ নাট্যযাত্ৰা শেষ সামৰণি পৰাৰ লগে লগে আৰম্ভ হৈছে নতুন নাট্যবর্ষৰ প্ৰস্তুতি ৷ ২০২৪-২৫ ৰ নাট্যবর্ষৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰতিটো আগশাৰী ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ লগতে এইবাৰ নতুনকৈ ভ্ৰাম্যমাণ জগতত নতুনকৈ সংযোজন ঘটা কেইবাটাও নাট্যগোষ্ঠী ৷

নাট বাছনি প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি অভিনেতা–অভিনেত্ৰীসকলক ইতিমধ্যেই চুক্তিবদ্ধ কৰাইছে নাট্যদলসমূহে ৷ ব্যয়বহুল আয়োজনেৰে থিয়েটাৰ গোষ্ঠীসমূহেও সংযোজিত কৰিছে একোখনকৈ নাটক ৷

Assam Mobile Theatre
ভ্ৰাম্যমাণ নাট্যবর্ষ ২০২৪-২৫ৰ অভিনেতা-অভিনেত্ৰী

এইবাৰ কোন কোন অভিনেতা–অভিনেত্ৰী কোন কোন নাট্যদলত থাকিব ?

  • সুদীৰ্ঘ ৬টা বছৰৰ অপেক্ষাৰ অন্তত ২০২৪-২৫ নাট্যবৰ্ষত থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা যতীন বৰাক ৷ ২০২৪-২৫ বৰ্ষৰ 'ইতিহাস' থিয়েটাৰ গোষ্ঠীৰ লগত চুক্তিবদ্ধ হৈছে অভিনেতাগৰাকী ৷ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ তিনিখনকৈ নাট ক্ৰমে "জুয়ে পোৰা মানুহ", "মহাৰাজ" আৰু "মহাবীৰ লাচিত" ত মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেতা যতীন বৰাই ৷
  • ইফালে, নিজ নাট্যদল ‘আৱাহন’তে থাকিব ভ্ৰাম্যমাণৰ মহাৰাণী প্ৰস্তুতি পৰাশৰ ৷ লগতে পুনৰবাৰ আৱাহনতে অভিনয় প্ৰদৰ্শন কৰিব অভিনেতা সঞ্জীৱ শৰ্মাই ৷
  • ভ্ৰাম্যমাণ জগতত এইবাৰ নতুনকৈ খোজ পেলোৱা নাট্যগোষ্ঠী ৰাজধানী থিয়েটাৰত থাকিব ট্ৰেজেডী কিং মৃদুল ভূঞা ৷
  • লগতে নতুন নাট্যদল ‘ৰাজলক্ষ্মী থিয়েটাৰ’ত থাকিব চম্পক শৰ্মা ৷ বৃন্দাবন থিয়েটাৰত এইবাৰ থাকিব অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, ৰাতুল দাস ৷
  • আনহাতে এদল নৱ-প্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীক লৈ সাজু হৈছে হেঙুল নাট্যগোষ্ঠী দল ৷ এইবাৰ হেঙুলৰ থিয়েটাৰৰ তিনিখন নাটকৰ বাবে চুক্তিৱদ্ধ হৈছে কমল লোচন, স্নিগ্ধা গগৈ, নিৰূপম শইকীয়া, মহেশ বৰা, শিল্পীশিখা বৰা, অশ্ৰুমণি বৰা, হেলেন আৰু হিমাংশু গগৈ ৷
  • ‘সূৰ্য থিয়েটাৰ’ মঞ্চত দেখা যাব অভিনেতা উৎপল দাসক ৷
  • ৰাজমুকুট থিয়েটাৰত থাকিব অভিনেতা প্ৰসেনজিৎ, গুঞ্জন ভৰদ্বাজ, চিন্ময় কটকী, যোগেশ কাশ্যপ ৷
  • ‘কলাগুৰু থিয়েটাৰ’ত থাকিব অৰূপ বৈশ্য, পদ্মৰাগ গোস্বামী ৷
  • কহিনুৰ থিয়েটাৰত থাকিব প্ৰীতম বৰুৱা, ঋষভ শৰ্মা, জেৰিনা বৰুৱা ৷

লগতে পঢ়ক: গামোচা পিন্ধালে সময় নষ্ট হয়: জুবিন গাৰ্গ - Zubeen Garg Stage Program 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.