ETV Bharat / entertainment

গামোচা পিন্ধালে সময় নষ্ট হয়: জুবিন গাৰ্গ - Zubeen Garg Stage Program 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 2:20 PM IST

Zubeen Garg's concert at Janji in Sivasagar
জাঁজীবাসীক মুগ্ধ কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে

মঙলবাৰে সংগীত মায়াজালেৰে জাঁজীবাসীক মুগ্ধ কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে । গামোচা পিন্ধালে সময় নষ্ট হয় বুলি মন্তব্য কৰে জুবিন গাৰ্গে । ইফালে জুবিনৰ সংগীতানুষ্ঠানত দেখা গ'ল উদণ্ড যুৱকৰ বোকা নৃত্য ।

জাঁজীবাসীক মুগ্ধ কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে

আমগুৰি,১ মে': ব'হাগ যাবৰে হ'ল যদিও চৌদিশে অব্য়াহত আছে ৰঙালীৰ ৰং । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ৰঙালী বিহুৰ অনুষ্ঠান । জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতত ওৰে নিশা নাচি-বাগি মচগুল হৈছে অসমৰ জনতা । হাৰ্টথ্ৰৱ জুবিন গাৰ্গেও ধাৰাবাহিকভাৱে ইখনৰ পাছত সিখন মঞ্চত পাতি গৈছে সুৰৰ মায়াজাল । মঙলবাৰে শিৱসাগৰৰ জাঁজীত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ।

ন-পুৰণি গীতৰ মাজতে স্বভাৱসূলভ কথাৰে দৰ্শক অনুৰাগীক মোহিত কৰি ৰাখে জুবিন গাৰ্গে । জাঁজীৰে ল'ৰা বুলি উল্লেখ কৰি জাঁজীখনৰ বাবে মন্ত্ৰী-বিধায়কে কাম কৰিছে নে নাই বুলি দৰ্শকক উদ্দেশ্যি প্ৰশ্ন কৰে জুবিন গাৰ্গে । ইফালে গামোচা প্ৰসংগতো মন্তব্য কৰে জুবিন গাৰ্গে । "মোক গামোচা নালাগে" বুলি উল্লেখ কৰি শিল্পীগৰাকীয়ে কয় যে গামোচা পিন্ধাওতে বহু সময় নষ্ট হয় । কাম বন নথকা মানুহে এইবোৰ কৰে । গামোচা পিন্ধাবলৈ বহুতে সুযোগ বিচাৰি ফুৰে ।

তেনে সময়তে এগৰাকী কণমানিয়ে উপহাৰ স্বৰূপে প্ৰদান কৰা জুবিন গাৰ্গৰ হাতে অংকন কৰা চিত্ৰক প্ৰশংসা কৰাৰ উপৰিও এনেকুৱা উপহাৰহে ভাল লাগে বুলি মন্তব্য কৰে জুবিন গাৰ্গে । ইয়াৰোপৰি অসমীয়া ছবিৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই জুবিন গাৰ্গে । হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আহিবলগীয়া ছবি চিকাৰ চেপ্তেৰত মুক্তি পাব বুলি উল্লেখ কৰি সকলোকে দৌৰি দৌৰি গৈ ছবিখন চাবলৈ আহ্বান জনাই ।

আনহাতে জুবিনৰ সংগীতানুষ্ঠানৰ সমান্তৰালকৈ বোকা নৃত্যত মচগুল একাংশ চেঙেলীয়া যুৱক । কোনো বিক্ষিপ্ত ঘটনা সংঘটিত নহ'লেও একাংশৰ অশোভনীয় নৃত্যই অস্বস্তিত পেলাই সচেতন ৰাইজক । জাঁজী বিহু সন্মিলনত নিশা ১২ বজা পৰা গীত পৰিৱেশন কৰি ২ বজাত সংগীতানুষ্ঠানৰ সামৰণি মাৰে জুবিন গাৰ্গে ।

লগতে পঢ়ক: বিলাসী বাহনেই নহয়, কেতিয়াবা এক্সকেভেটৰতো উঠিবলৈ মন যায়... - Zubeen Garg Stage Program 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.