ETV Bharat / entertainment

বিলাসী বাহনেই নহয়, কেতিয়াবা এক্সকেভেটৰতো উঠিবলৈ মন যায়... - Zubeen Garg stage program 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 12:48 PM IST

people go crazy during zubeen gargs stage show in majuli
জুবিনৰ সংগীতানুষ্ঠান

Zubeen Garg's Bihu program : জেচিবিত উঠিবলৈ বিৰাট মন এটা আছিলে: জুবিন গাৰ্গ ৷ সদায়ে বাতৰিৰ শিৰোনামত থকা জুবিন গাৰ্গ এইবাৰ বাতৰিলৈ আহিছে জেচিবিৰ কাৰণে ৷ বিলাসী বাহন এৰি সংগীতানুষ্ঠানলৈ বুলি জেচিবিত গ’ল এইবাৰ জুবিন ৷

জুবিনৰ সংগীতানুষ্ঠান

মাজুলী, 30 এপ্ৰিল : জুবিন গাৰ্গ, চিনি নোপোৱা মানুহ নোলাব নিশ্চয় ৷ জুবিনে যিয়েই কৰে, সেয়ে বাতৰি ৷ জুবিনৰ প্ৰতিটো কথা, কামেই সকলোৰে বাবে এটা এটা খবৰৰ দৰে ৷ বিতৰ্ক আৰু জুবিন যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ এটা দিনতে জুবিনৰ নামত কিমান বিতৰ্ক হয় কেতিয়াবা তাৰ হিচাবেই নাথাকে ৷ কিন্তু ইমানবোৰ বিতৰ্কৰ সৈতে সাঙোৰ খায়ো জুবিন অসমৰ মানুহৰ মন-মগজুৱে সোমাই আছে ৷ অসমত হাজাৰ হাজৰ অনুৰাগীৰ হৃদয়ত এনেদৰে শিপাই আছে জুবিন গাৰ্গ ৷

জুবিনৰ এটা এটা গানত প্ৰাণ ঢালি নাচে অনুৰাগীয়ে ৷ শেহতীয়াকৈ মাজুলীত গীতৰ মায়াজাল ৰচিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷ পিছে সংগীতানুষ্ঠানৰ সমান্তৰালকৈ অনুষ্ঠানলৈ বুলি যোৱা বাহনৰ বাবেহে জুবিন এইবাৰ চৰ্চালৈ আহিল ৷

Zubeen Garg stage program 2024
জুবিনৰ সংগীতানুষ্ঠান

পোন প্ৰথমবাৰৰ বাবে দুদিনীয়াকৈ আয়োজন কৰা পূব মাজুলী কেন্দ্ৰীয় ব’হাগী উৎসৱত হাজাৰ হাজাৰ লোকক গীতৰ মায়াজালেৰে মুহিলে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে । দুদিনীয়াকৈ অনুষ্ঠিত হোৱা পূৱ মাজুলী কেন্দ্ৰীয় ব’হাগী উৎসৱত শেষৰ দিনা গীত পৰিৱেশন কৰে জুবিন গাৰ্গে ।

প্ৰতিকূল বতৰৰ মাজতো জুবিনৰ গীত উপভোগ কৰিবলৈ আহিল হাজাৰ হাজাৰ দৰ্শক । কেৱল যে মাজুলীৰ দৰ্শকে জুবিনৰ গীত উপভোগ কৰিলে এনে নহয় লখিমপুৰ, ঢকুৱাখনা, ধেমাজিৰ পৰাও আহিল দৰ্শক ৷

মাজুলীৰ এই বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ এইবাৰ জেচিবিত উঠি আহিল জুবিন গাৰ্গ । জুবিন গাৰ্গে জেচিবিৰ পৰা নামি মঞ্চত উঠিয়েই ক’লে যে জেচিবিত উঠাৰ বিৰাট মন আছিল তেওঁৰ ৷ মাজুলীবাসীৰ বাবেই তেওঁৰ এই সপোন পূৰণ হ’ল বুলি তেওঁ সকলোকে ধন্যবাদ জনায় ৷ জেচিবিত উঠি পোন প্ৰথমবাৰৰ বাবে গীত পৰিৱেশন কৰিবলৈ আহি ভাল লাগিছে বুলিও মন্তব্য কৰে তেওঁ ।

ইটোৰ পিচত সিটো গীত গাই মুহিলে উপস্থিত হাজাৰ হাজাৰ লোকক জুবিনে । অলপতে মাজুলীৰ অন্য এটা সংগীতানুষ্ঠানত সত্ৰাধিকাৰ সকলৰ সন্দৰ্ভত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছিল জুবিন ৷

লগতে পঢ়ক :

জুবিন গাৰ্গক সাংস্কৃতিক অনুষ্ঠানলৈ নিমন্ত্ৰণ নিদিয়াৰ আহ্বান সত্ৰ মহাসভাৰ - Zubeen Garg Controversy

আকৌ বিতৰ্কত জুবিন; আন এক মন্তব্যৰ বাবে সমালোচিত শিল্পীগৰাকী - Zubeen Garg Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.