ETV Bharat / state

আকৌ বিতৰ্কত জুবিন; আন এক মন্তব্যৰ বাবে সমালোচিত শিল্পীগৰাকী - Zubeen Garg Controversy

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 12:08 PM IST

বিতৰ্কৰ আন এটা নাম জুবিন গাৰ্গ
বিতৰ্কৰ আন এটা নাম জুবিন গাৰ্গ

Zubeen Garg sparks controversy : সোমবাৰে মাজুলীত অনুষ্ঠান পৰিৱেশনৰ বাবে গৈছিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ শিল্পীগৰাকীক উক্ত মঞ্চতে আগবঢ়োৱা হয় সপ্তসিন্ধু বঁটা ৷ বঁটা গ্ৰহণৰ পাচতে জুবিনে আগবঢ়োৱা মন্তব্যক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা ৷ চাওকচোন এই প্ৰতিবেদনত জুবিন গাৰ্গেনো এনেকুৱা কি মন্তব্য কৰিলে, যাৰ বাবে এতিয়া সামাজিক মাধ্যমতো শিল্পীগৰাকীক কৰা হৈছে সমালোচনা ৷

বিতৰ্কৰ আন এটা নাম জুবিন গাৰ্গ

মাজুলী, 23 এপ্ৰিল : পুনৰ এবাৰ সংবাদ চৰ্চাত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ জুবিন গাৰ্গ মানেই যেন বিতৰ্কৰ আন এটা নামহে ৷ এইবাৰৰ বিতৰ্কৰ স্থান মাজুলী ৷ মাজুলীত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰাৰ সমান্তৰালকৈ সৃষ্টি কৰিলে বিতৰ্কৰ ৷ এইবাৰ শিল্পীগৰাকীৰ সমালোচনাৰ পৰা সাৰি নগ’ল খোদ সত্ৰাধিকাৰসকল ৷

প্ৰাপ্ত তথ্য অনুসৰি, মাজুলীৰ পূৱেৰুণ কলা পৰিষদৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছিল 66 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৷ এই সন্মিলনখনি 7 ব’হাগৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গড়মূৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ৷ এই তিনিওটা দিনতে বাৰেৰহণীয়া কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হৈছিল বৰ বিহুৱতী, সৰু বিহুৱতী, বিহু হুঁচৰিকে আদি কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ৷ উক্ত সন্মিলনৰ প্ৰথম দিনা প্ৰায় 5001 গৰাকী নাচনীয়ে একেলগে বিহু নাচ পৰিৱেশন কৰে ৷

সোমবাৰে অনুষ্ঠানৰ শেষৰ দিনাৰ মুখ্য অতিথি আছিল শিল্পী জুবিন গাৰ্গ ৷ শিল্পীগৰাকীক অনুষ্ঠানৰ আৰম্ভণিতে প্ৰদান কৰা হয় সপ্তসিন্ধু বঁটা ৷ জনপ্ৰিয় শিল্পীগৰাকীক বঁটা প্ৰদান কৰে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ৷

পিছে এই বঁটা গ্ৰহণৰ সময়তহে জুবিনক দেখা যায় এক অনন্য ৰূপত ৷ জুবিনে একপ্ৰকাৰ দুৰ্বব্যহাৰ কৰাৰ বাবে যেন টাৰ্গেটহে কৰি ল’লে সত্ৰাধিকাৰগৰাকীক ৷ মুহূৰ্ততে তেওঁ কয় যে সাধাৰণ লোকে সত্ৰাধিকাৰসকলক যে প্ৰভূ ঈশ্বৰ বুলি সম্বোধন কৰে ৷ সেয়া কোনোপধ্য গ্ৰহণযোগ্য নহয় ৷ কৃষ্ণ কেতিয়াও ভগৱান নাছিল... তেওঁ কৃষ্ণ মেনহে (মানুহ) আছিল বুলি জুবিনে কয় ৷

তদুপৰি সত্ৰাধিকাৰগৰাকীৰ সন্মুখতে জুবিনে "মই কাকো ... খাতিৰ নকৰো বুলিও একপ্ৰকাৰ দম্ভালি মাৰে" ৷ শিল্পীগৰাকীৰ এনে ব্যৱহাৰৰ পাচতে সত্ৰপীঠ মাজুলীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সামাজিক মাধ্যমতো এই সন্দৰ্ভত ভিন্নজনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

অৱশ্যে অনুষ্ঠান পৰিৱেশনৰ মাজতে আয়োজক সমিতিৰ দাবী মৰ্মে শিল্পী জুবিন গাৰ্গে তেওঁৰ ভুল হোৱা বুলি স্বীকাৰ কৰি ক্ষমা খোজে ৷ এগৰাকী শিল্পী হ’বলৈ বহু গুণৰ অধিকাৰী হ'ব লাগে ৷ সেই গুণ যেন জুবিনৰ নাই বুলিও এতিয়া মাজুলীৰ বহু লোকে শিল্পীগৰাকীক কঠোৰ সমালোচনা কৰে ৷

লগতে চাওক: মাজুলীত ৫০০১ গৰাকী নাচনীয়ে প্ৰদৰ্শন কৰিলে বিহুনাচ - Rongali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.