মাজুলীত ৫০০১ গৰাকী নাচনীয়ে প্ৰদৰ্শন কৰিলে বিহুনাচ - Rongali Bihu 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 9:00 PM IST

thumbnail

মাজুলী,২০ এপ্ৰিল: নিৰ্বাচনী ধামখুমীয়াৰ মাজতো ৰাজ্যত অব্যাহত ৰঙালীৰ আনন্দ-উল্লাস । মাজুলীত এইবাৰ ৫০০১ গৰাকী নাচনীয়ে কঁপালে বিহুতলী । পূৱেৰুণ কলা পৰিষদৰ সৌজন্যত শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৬৬ সংখ্যক গড়মূৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনত ৫০০১ গৰাকী নাচনীয়ে প্ৰদৰ্শন কৰিলে বিহুনাচ । আজি প্রথম দিনা পুৱা পৰিৱেশ নিকাকৰণ, ৬৬ খন বিহুৰ পতাকা উত্তোলনেৰে এই তিনিদিনীয়া বিহুৰ শুভাৰম্ভ হয় ।  

এই প্রথম দিনটোত ৫০০১ গৰাকী নাচনীয়ে একেলগে প্রদর্শন কৰে মুকলি বিহু । তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ৰঙালী বিহু সন্মিলনত শেষৰ দিনা গীত পৰিৱেশন কৰিব অসমৰ জনপ্রিয় কন্ঠশিল্পী জুবিন গাৰ্গে । পূৱেৰুণ কলা পৰিষদৰ সৌজন্যত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই বিহু সন্মিলন মাজুলীৰ লগতে অসমৰ সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে আয়োজকসকলে ।

লগতে পঢ়ক: নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত দেউৰী বিহুৰ আনন্দ-উল্লাস - Deori Bihu In Narayanpur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.