নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত দেউৰী বিহুৰ আনন্দ-উল্লাস - Deori Bihu in Narayanpur

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 6:20 AM IST

thumbnail

বিহপুৰীয়া,১৮ এপ্ৰিল: চৌদিশে ৰঙালীৰ আনন্দ-উল্লাস । ব'হাগ বুলিলেই অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মনপ্ৰাণ উলাহত নাচি উঠে । আজি ভূমিপুত্ৰ দেউৰীসকলৰ ব'হাগ বিহু বা ইবাঁকু বিচু । পৰম্পৰা অনুসৰি জনগোষ্ঠীটোৰ লোকসকলে ব'হাগ মাহৰ প্ৰথমটো বুধবাৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে পালন কৰে বিহু । বুধবাৰে দেওশালত পূজা-অৰ্চনা দি সন্ধিয়াৰ পৰা ওৰেতো নিশা ডেকা-গাভৰুসকলে প্ৰতিখন গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে বোকা বিহু মাৰি আনন্দত মতলীয়া হৈ পৰে ।  

বৃহস্পতিবাৰে বিহুৰ দিনা পুৱা গাঁৱৰ বয়োজ্যেষ্ঠসকলে ঘৰে ঘৰে সূৰ্যক সাক্ষী কৰি পূজা-অৰ্চনাৰ জৰিয়তে সকলোৰে মংগল কামনা কৰে । মহিলাসকলে ঘৰে ঘৰে তেওঁলোকৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি অতিথি আপ্যায়নৰ ব্যৱস্থা কৰে । ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰৰ বিভিন্ন দেউৰী গাঁওসমূহতো উদযাপন কৰিছে ব'হাগ বিহু । 

লগতে পঢ়ক: সহস্ৰাধিক নাচনীৰ বিহু নাচত কঁপিল টিংখাং - Rongali Bihu 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.