অসমৰ ধাননি পথাৰত মৃত্যু হাৰিয়ানাৰ যুৱকৰ - haryana youth died in assam

By ETV Bharat Assamese Team

Published : May 24, 2024, 11:15 AM IST

thumbnail
অসমৰ ধাননি পথাৰত মৃত্যু হাৰিয়ানাৰ যুৱকৰ (Etv bharat assam)

ধুবুৰী, 24 মে’ : ধুবুৰীত শোকাৱহ ঘটনা ৷ ধান চপোৱা যন্ত্ৰচালিত মেচিনৰ মেৰামতি কৰি থকাৰ সময়তে মৃত্যু এজন বহিঃৰাজ্যৰ যুৱকৰ । ধুবুৰীৰ পশ্চিম বিলাসীপাৰা আটানী আৰক্ষী চকীৰ অন্তৰ্গত বাবৰআলগা দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হয় শোকাৱহ ঘটনাটো ৷

জানিব পৰা মতে মৃত যুৱকজনে হাৰিয়ানাৰ পৰা লৈ অনা এটা ধান কটা মেচিনেৰে চাৰি দিন ধৰি ধুবুৰীৰ বিভিন্ন স্থানৰ পৰা ধান চপাই আছিল ৷ কিন্তু হঠাৎ ধান চপোৱা মেচিনটো বেয়া হোৱাত তেওঁ নিজেই মেচিনটো মেৰামতি কৰিবলৈ যত্ন কৰে ৷ মেৰামতি কৰি থাকোতেই হঠাৎ মেচিনটো ষ্টাৰ্ট হোৱাত মেচিনৰ তলত পৰি মদন নামৰ এজন যুৱকৰ মৃত্যু ঘটে ৷

উক্ত ঘটনাৰ পাচতেই আটানী আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱা নাই । স্থানীয় ৰাইজে মৃতদেহটো কাপোৰৰে মেৰিয়াই দিয়া পৰিলক্ষিত হৈছে । মৃত লোকজন হাৰিয়ানাৰ বিহাৰী সম্প্ৰদায়ৰ লোক বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক: বহুত সহিলে নিৰ্যাতন; কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ মাতৃৰ - FIR against son

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.